1. News

‘যধে মধে বিনামূলীয়া আঁচনি ঘোষণা নকৰিব’-নিৰ্মলা সীতাৰমণ

KJ Staff
KJ Staff
নিৰ্মলা সীতাৰমণ
নিৰ্মলা সীতাৰমণ

ক্ৰমাৎ ভয়াৱহ ভৱিষ্যতলৈ আগবাঢ়িছে দেশৰ অৰ্থনীতি৷ হিতাধিকাৰী সৃষ্টিয়ে সামগ্ৰিকভাৱে ক্ষতি কৰিছে ভাৰতৰ অৰ্থনীতিৰ৷

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়েও কেন্দ্ৰক বাধা আৰোপ কৰিছিল হিতাধিকাৰী সৃষ্টিত৷ এইবাৰ স্বয়ং কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ এই সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহলৈ আহ্বান জনাইছে।

শনিবাৰে বেংগালুৰুৰ এক সভাত তেওঁ কয় যে ‘যধে মধে বিনামূলীয়া আঁচনি ঘোষণা নকৰিব’। লগতে আঁচনি ঘোষণা কৰাৰ পূৰ্বে ৰাজ্যৰ ৰাজ ভঁড়ালত চকু দিবলৈ আৰু ৰাজ্যৰ বিত্তীয় স্তৰ, বিত্তীয় ক্ষমতা পৰ্যবেক্ষণ কৰাৰ পৰামৰ্শ দিয়ে বিত্তমন্ত্ৰীগৰাকীয়ে। আপ চৰকাৰে পঞ্জাৱত জয়ী হোৱাৰ পিছতে ঘোষণা কৰিছিল বহু আঁচনি।

সঘনাই যধে মধে আঁচনি ঘোষণা কৰাৰ ফলত অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ। উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাজ্যৰ বিত্ত বিভাগক কেন্দ্ৰই হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছিল। ৰাজ্যৰ ৰাজভঁড়ালৰ ধন ভঁড়ালত সাঁচি থ’ব নোৱাৰিব ৰাজ্য চৰকাৰে। সেয়া সকলো কেন্দ্ৰত জমা দিব লাগিব।

লগতে পঢ়ক- নৱনিযুক্ত কৃষি বিষয়াসকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰা!

English Summary: Nirmala Sitharaman

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.