1. News

এতিয়া পাৱাৰলুম নালাগে: অভিজিত দুৱৰাই সাজি উলিয়াইছে কম কষ্টতে চলা যঁতৰ

KJ Staff
KJ Staff
Abhijit Duwarah
Abhijit Duwarah

নতুন নতুন সামগ্ৰীৰ উদ্ভাৱনেৰে প্ৰায়ে চৰ্চাত থকা শিৱসাগৰৰ যুৱক অভিজিত দুৱৰা। এইবাৰ শিপিনীসকলৰ বাবে এক বিশেষ প্ৰযুক্তি উদ্ভাৱন কৰিছে অভিজিতে। শিপিনীৰ কষ্ট লাঘৱ কৰিবলৈ তেওঁ সাজি উলিয়াইছে কেইটামান যন্ত্ৰচালিত যঁতৰ। তাঁত লগোৱা মানুহৰ ববীন বতাৰ সময়ত যথেষ্ট কষ্ট হয়। কাৰণ যঁতৰটো বাৰে বাৰে হাতেৰে ঘূৰাই থাকিব লাগে। যাৰ ফলত হাতৰ বিষ, ডিঙিৰ বিষ আদি হয়। সেইবোৰ সমস্যা সমাধান কৰাৰ উদ্দেশ্যে অভিজিত দুৱৰাই উদ্ভাৱন কৰিছে জোনবাই যঁতৰ।

জোনবাই যঁতৰৰ কেইবাটাও মডেল উপলব্ধ। মডেলবোৰৰ প্ৰতিটোৰে নিজা বৈশিষ্ট আছে। বিদ্যুত চালিত এই যঁতৰ সমূহত লাইট জ্বলোৱা, ম’বাইল চাৰ্জ দিয়া আদি সুবিধা আছে। তেওঁ উদ্ভাৱন কৰা EJ3 যঁতৰটো সৌৰ শক্তিৰ সহায়তো চলাব পৰা যায়। M J3 নামৰ যঁতৰটো ভৰিৰে চলাব পাৰি বা পেডেল মাৰি ববীন বাতিব পাৰি।

নতুন উদ্ভাৱন সন্দৰ্ভত অভিজিত দুৱৰাই এইদৰে কয়- ‘বহুত দিনৰপৰা কথা এটা মন কৰি আছিলোঁ যে তাঁত লগোৱা মানুহ সকলৰ যেতিয়া ববীন বাতিবলৈ থাকে তেতিয়া তেওঁলোকৰ বহুত কষ্ট হয়। কাৰণ যঁতৰটো হাতেৰে ঘূৰাই থাকিব লাগে। ফলত হাতৰ বিষ,  ডিঙিৰ বিষ হৈ যায়। লগতে বহুত বেছি ববীন বাতিবও নোৱাৰে। সেইবোৰ সমস্যা সমাধান কৰিব গৈ এই জোনবাই যঁতৰ উদ্ভাৱন কৰিলোঁ।’ জোনবাই যঁতৰ কেইবাটাও মডেল উপলব্ধ।

1 ) EJ1- ই কাৰেণ্টত 220 v চলে ।

2) EJ2- কাৰেণ্টত 220 v তে চলে। 2 টা বা 4 টা ববীন একেলগে কৰিব পাৰি।1 টা মোবাইল চার্জ দিব পাৰি আৰু লাইটৰ ব্যৱস্থা আছে।

3) EJ3- এইটো যঁতৰ সৌৰশক্তিৰ দ্বাৰা চালিত। কামৰ সুবিধাৰ বাবে এটা লাইট আছে। লগতে 2 টা মোবাইল চার্জ দিব পাৰিব ।

4) Manually চালিত M J1 কেইটা আগৰ দিনত চালিত যঁতৰৰ নিচিনা। তাত অলপ আধুনিক ৰূপ দিয়া হৈছে।

5) Manually চালিত M J2 হাতেৰে চালিত। কিন্তু পুৰণি কালত যঁতৰ চলাওঁতে তললৈ চাই মানুহৰ ডিঙি বিষ হৈ যায়।  সেই কাৰণে এই যঁতৰটো চকুৰ সমান্তৰাল ভাৱে ৰখা হৈছে, যাৰ ফলত সেই সমাস্যা সমাধান হয়। লগতে এটা সৰু লাইটো আছে।

6) Manually চালিত  M J3 মডেলটো ভৰিৰদ্বাৰা চালিত। পেডেল মাৰি ববীন বাতিব পাৰিব।

ইয়াক এনে এটা চিন্তা কৰি উদ্ভাৱন কৰা হৈছে যে কাম কৰাও হ’ব আৰু ভৰিৰ ব্যায়ামো হৈ থাকিব।

অৰ্ডাৰ কৰিবলৈ যোগাযোগ কৰক- 9394575488 নম্বৰত

লগতে পঢ়কঃ মুকলি হ’ব পাৰে আপোনাৰো ভাগ্য! পালন কৰক এইসমূহ কুকুৰাৰ জাত

English Summary: New technology handloom

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.