1. News

ন্যূনতম সমৰ্থিত মূল্যত ধান বিক্ৰি কৰি বিপাঙত কৃষক ৰাইজ, ফ্ল'প ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়া

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ফ্ল'প ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়া
ফ্ল'প ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়া

৩০ ছেপ্টম্বৰত অন্ত পৰিল ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া। কিন্তু চৰকাৰে নিৰ্বাচন কৰি কৰি দিয়া প্ৰতিষ্ঠানসমূহত ধান বিক্ৰি কৰি এতিয়াও কৃষকে লাভ কৰ নাই ধন। ধান বিক্ৰি কৰি আজি পর্যন্ত ৰাজ্যৰ ৩,৩৮১ কৃষকে বিক্ৰী কৰা ধানৰ বিনিময়ত লাভ কৰা নাই ধন। বৰ্তমানেও ৩,৩৮১ কৃষকে ৭৪.১১ কোটি টকা আদায় পোৱা নাই ধন।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে শালি আৰু বৰো মুঠ ১০ লাখ মেট্রিক টন ধান ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছিল।  যদিও ৩০ ছেপ্টেম্বৰলৈকে মুঠ ৫.৬৫ লাখ মেঃটন ধানহে ন্যূনতম সমর্থিত মূল্যত ক্রয় কৰিবলৈ সক্ষম হয় এই ছয় প্ৰতিষ্ঠানে। জুলাই মাহৰ পৰা ৩০ ছেপ্টেম্বৰলৈ মুঠ ছটা প্রতিষ্ঠানে বৰোধান ক্ৰয় কৰি ৮০০৪গৰাকী কৃষকৰ বেংক একাউণ্টত প্ৰতিষ্ঠানসমূহে মুঠ ১৮১.৬৭ কোটি জমা দিবলৈ সক্ষম হয়।

লগতে পঢ়ক- জাতীয়তাবাদলৈ ৰ'ব লাগিব অসমত কৰ্মসংস্কৃতি গঢ় লৈ নুঠালৈ!

ইয়াৰ ভিতৰত ন্যূনতম সমর্থিত দামত অসম অসামৰিক খাদ্য আৰু যোগান নিগমে সর্বাধিক ১১৪.৯৮ কোটি টকা কৃষকক আদায় দিলে যদিও প্রতিষ্ঠানটোৱে কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ বিনিময়ত ৪১.২৯ কোটি টকা এতিয়াও আদায় দিবলৈ বাকী আছে। ভাৰতীয় খাদ্য নিগমৰ দৰে সৰ্ববৃহৎ প্রতিষ্ঠানটোৱে মাত্র ৫০.৬৪ কোটি টকাৰে ২৩২৫ গৰাকী কৃষকৰ পৰা বৰো ধান কিনিলে।

প্রতিষ্ঠানটোৱে ধান কিনা ৯৬০ গৰাকী কৃষকক এতিয়াও ১৯.৯৩ কোটি টকা বেংকত জমা দিবলৈ বাকী আছে। ব্যাপক হৈ হাল্লা কৰি চৰকাৰে অসমৰ কৃষকৰ পৰা চলিত বছৰটোত মুঠ ১০ লাখ মেট্রিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য লৈছিল। যদিও মাত্র ৫০ শতাংশহে ধান ক্রয় কৰিবলৈ সক্ষম হয়। ইফালে এই প্ৰতিষ্ঠানসমূহত ধান বিক্ৰি কৰি ৰাজ্যৰ বহু কৃষকে বিক্ৰি পইচা নাপাই হাবাথুৰি খাব লগা হৈছে। কিন্তু এইক্ষেত্ৰত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ।

লগতে পঢ়ক- অসম কৃষিবিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিছে ধানৰ নতুন প্ৰজাতি

English Summary: MSP corruption

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.