1. News

পাগলাদিয়া পাৰত কৃষি বিপ্লৱ আলায়াৰন আবাদাৰী কৃষিপাম সমবায় সমিতিৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Millet cultivation in Pagladiya par
Millet cultivation in Pagladiya par

বাক্‌সা আৰু তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰৰ পাদদেশৰ পৰা বৈ অহা পাগলাদিয়া নদীৰ বালিচাপৰিত এদল যুৱকে আৰম্ভ কৰিছে কৃষিকৰ্মৰে কৰ্মমুখী যাত্ৰা ৷ যি সময়ত ৰাজ্যৰ কৃষিখণ্ডত কৃষকৰ সৰ্বস্তৰৰ উপকাৰ সাধনৰ কাৰণে অসম চৰকাৰৰ কৃষি বিভাগে মিলেট মিছনৰ অধীনত প্ৰায় ৬৫ হাজাৰ হেক্টৰ কৃষিভূমি সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেইসময়তে পাগলাদিয়াৰ পাৰত দহ গৰাকী যুৱকে কৃষিকাৰ্যৰে মিলেট খেতি আৰম্ভ কৰি চমক সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, প্ৰতি হেক্টৰত মিলেটৰ উৎপাদন ৬০০ কিঃ গ্ৰামৰ পৰা ১২,০০ কিঃ গ্ৰাঃ লৈ বৃদ্ধিৰ পৰিকল্পনাৰে ৰাজ্যৰ প্ৰায় ৬০ হাজাৰ কৃষকক সামৰি মিলেটৰ কৃষি কাৰ্যৰ পৰিকল্পনা কৰা হৈছে । শস্যৰ বিবিধতা আৰু শস্যৰ পৰিবৰ্তন বৃদ্ধিত মিলেটৰ অৱদান যথেষ্টখিনি আছে । আনহাতে সম্পদৰ নাটনি থকা উপান্ত কৃষিভূমিত জলবায়ুৰ অনুকূল পৰিবেশত অধিক উৎপাদনৰ বাবে মিলেটৰ খেতি আৰম্ভণি কৰিবলৈ প্ৰয়াস কৰিছে ৷

অসমৰ জনসাধাৰণৰ খাদ্যৰ তালিকাত মিলেটৰ অন্তৰ্ভূক্তি ৷ মিলেট সংসাধন উদ্যোগৰ বিকাশ সাধন কৰা ৷ ৰাজ্যিক পৰিপুষ্টি আচঁনি আৰু জন বিতৰণ প্ৰণালীত মিলেটৰ অন্তৰ্ভুক্তি ৷ অসমৰ জনসাধাৰণৰ আহাৰত মিলেটৰ সংযোজন আৰু অসমৰ বাবে উপযোগী খাদ্য প্ৰস্তুতিৰ পৰিকল্পনাৰ লগতে ৰাজ্যৰ কৃষিখণ্ডত কৃষকৰ আয় দুগুণ কৰাৰ প্ৰয়াসৰ উপৰিও মহিলা আৰু শিশুৰ পৰিপুষ্টি সাধনত গুৰুত্ব প্ৰদানেৰে ৰাজ্যত মিলেটৰ কৃষি কাৰ্যত জলবায়ুৰ উপকাৰ হোৱাকৈ জলবায়ু সহযোগী উৎপাদন ব্যৱস্হাপনা আৰু নূন্যতম নিৰ্গমণ, কম পৰিমাণৰ পানীৰ প্ৰয়োজনীয়তা আৰু শুকান জলবায়ুৰ উপযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি মিলেটৰ দৰে খেতিত গুৰুত্ব দিয়া দেখা গৈছে ৷ নূন্যতম কৃষি সামগ্ৰীৰ প্ৰয়োজনীয়তা আৰু নিম্নতম ব্যৱস্হাপনাৰে মিলেট মিছন আৰম্ভ কৰি অসম মিলেট মিছনৰ অধীনত অসমৰ ১৫ খন জিলা; ক্ৰমে- বঙাইগাওঁ, কোকৰাঝাৰ, ধুবুৰী, মৰিগাও, গোৱালপাৰা, বৰপেটা, বাকসা, ওদালগুৰি, তিনিচুকীয়া, নগাওঁ, কাৰ্বি আংলং, কামৰূপ, শোণিতপূৰ, যোৰহাট আৰু গোলাঘাট । 

লগতে পঢ়ক- 

kiwi farming : কিৱি খেতি কৰি বছৰে বিশ ত্রিশ লাখ টকা উপাৰ্জন কৰক

ইতিমধ্যেই বাক্সা তামুলপুৰ জিলাৰ সীমান্তত পাগলাদিয়াৰ পাৰত অন্যান্য খেতিৰ লগতে  মিলেটৰ খেতি আৰম্ভ কৰি দুগুণ আয়ৰ চিন্তাত নিমগ্ন আলায়াৰন আবাদাৰী কৃষিপাম সমবায় সমিতি লিঃ নামৰ এখন  কৃষক সমবায় সংঘ ৷ সমবায় সমিতি খনৰ সভাপতি ৰনম নাৰ্জাৰী, সম্পাদক মিথিংগা মুছাহাৰীসহ জিৎৰাগ ব্ৰহ্ম, পন্টু বড়ো, ৰূপায়ন ৰামচিয়াৰী , নবীন বড়ো,  শীব্ৰসিং বড়ো, সঞ্জীৱ বড়ো, চেব্ৰা ৰামচিয়াৰী, বিজয় ব্ৰহ্ম সদস্য হিচাবে থাকি আজিৰ পৰা দহ মাহ পূৰ্বে বৰিকাডাঙাৰ খাটবাৰীত প্ৰায় ছশ বিঘা মাটি আগুৰি এখন বৃহৎ কৃষিপামৰ পৰিকল্পনাৰে আগবাঢ়িছে ৷ প্ৰথম বৰ্ষতে আলুৰ পৰা ধান মাহ সৰিয়হ বিভিন্ন প্ৰজাতিৰ শাক পাচলি কবি, তিয়হ, জিকা, ভেণ্ডি,পটল ভাতকেৰেলা ,তিতাকেৰেলা অমিতাৰ খেতি সফলতা অৰ্জন কৰিছে৷ উদ্যান শস্যৰ খেতিত মনোনিবেশ কৰি ইতিমধ্যেই আপেল, বগৰি কেবাবিঘা মাটিত লগাইছে ৷  যুৱ কৃষকসকলে এইবেলিও ধান মাহ সৰিয়হ তথা শাক পাচলি আৰু বিভিন্ন প্ৰকাৰৰ ৰবিশস্য লগোৱাত ব্যস্ত হৈ পৰাৰ সমান্তৰালভাৱে বজাৰত উইপাদিত সা-সামগ্ৰী বিক্ৰী কৰিবলৈয়ো সক্ষম হৈছে ৷ ইপিনে, ৰাজ্য চৰকাৰৰ মিলেট মিছনলৈ সঁহাৰি জনাই বাক্সা জিলা কৃষিবিভাগৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰিচালনাত প্ৰায় বিছ বিঘা মাটিত মিলেট সিঁচিছিল আৰু বৰ্তমান পাচবিঘা মাটিত খেতিবিধ ফল পুৰঠ হৈ উঠিছে ৷ 

পাগলাদিয়াৰ বালিচাপৰিৰ পলসুৱা সাৰ পানী লাভ কৰি পাচবিঘা মাটিৰ মিলেট পৈনত হৈ উঠিছে ৷ কিছুদিন পাছতে মিলেট চপাবলৈ সক্ষম হ’ব ৷ পাঁচবিঘা মাটিৰ মিলেতক লৈ যুব কৃষকসকল বৰ আশাবাদী, লগতে অহাবছৰ আৰু অধিক মাটিত এই শস্যৰ খেতি কৰিবলৈও মন মেলাৰ বিষয়ে জানিবলৈ দিয়ে যুবকসকলে ৷ মিলেত মিছনৰ সফলতাই বৰিকাডাঙাৰ যুবক সকলক উপকৃত কৰিব ৷ ৰাজ্যৰ কৃষিঅৰ্থনীতিত অলপ হ’লেও সঁহাৰি জনাবলৈ সক্ষম হ’ব ৷ ইপিনে, বৰমা সমষ্টিৰ বিধায়কগৰাকীৰ সহযোগত টেক্টৰ নীৰনী যন্ত্ৰসহ ক্ষুদ্ৰ পাৱাৰ টিলাৰ লাভ কৰি দুগুন উৎসাহেৰে কৃষিকাৰ্য চলাই উৎপাদিত কৃষি সামগ্ৰী জিলা দুখনৰ বিভিন্ন বজাৰলৈ চাহিদা অনুযায়ী বিক্ৰী কৰি এক বজাৰমুখী যাত্ৰা আৰম্ভ কৰিছে ৷

প্ৰেৰক- উৎপল ডেকা

লগতে পঢ়ক- 

বিদেশৰ বজাৰত অসমৰ কৃষকৰ কষ্টৰ ফচলৰ কেইখনমান আলোকচিত্ৰ

English Summary: Millet cultivation in Pagladiya par

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.