1. News

কৃষকসকলে ৰাজসাহাৰ্যপ্ৰাপ্ত ইউৰিয়া লাভ কৰিছে নে! লখিমপুৰত ৫ টকীয়া সূলভ মূল্যৰ ইউৰিয়া বিক্ৰিছে ১৫-২৪ টকা দৰত

KJ Staff
KJ Staff

কৃষকৰ বাবে প্ৰদান কৰা ইউৰিয়া সাৰক লৈ ৰাজ্যত ভিতৰি ভিতৰি চলিছে বৃহৎ কেলেংকাৰী। শেহতীয়াকৈ পোহৰলৈ আহিছে লখিমপুৰত সংঘটিত ৰাজ্যসাহাৰ্যপ্ৰাপ্ত ইউৰিয়া সাৰৰ কেলেংকাৰীৰ তথ্য। কৃষকৰ বাবে প্ৰদান কৰা সাৰ লাভ নকৰিলে কৃষকে।

বিতৰকৰ দুৰ্নীতিৰ বাবে ৰাজসাহাৰ্যপ্ৰাপ্ত ইউৰিয়া সাৰৰ পৰা বঞ্চিত হ’বলগীয়া হ‘ল কৃষকসকল। প্রাপ্ত অভিযোগ মতে, ২২৪ মেট্রিকটন সাৰ ক’ত দিলে, কি কৰিলে তাৰ একো তথ্য নাই বিতৰকৰ ওচৰত।তদুপৰি ৫ টকা মূল্যৰ ৰাজসাহাৰ্যযুক্ত ইউৰিয়া কৃষকে ক্রয় কৰিব লগা হ’ল ১৫ ৰ পৰা ২৪ টকা দৰত। উল্লেখ্য যে শেহহতীয়াকৈ হিন্দু যুৱ - ছাত্ৰ পৰিষদে আৰ টি আই (RTI) যোগে কৃষি বিভাগৰ পৰা তথ্য বিচাৰে যদিও তেওঁলোকে তথ্য দিয়াত অপাৰগতা প্রকাশ কৰে।

অসম বীজ ভাণ্ডাৰ লখিমপুৰ , জয় নাৰায়ণ ৰাইচ মিল নাৰায়ণপুৰ , বৰ্মন বীজ ভাণ্ডাৰ, কৃষ্ণ কান্ত দাস লালুক আদি প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষৰ বিৰুদ্ধে উঠিছে এই অভিযোগ । প্রায় ২২ কোটি টকীয়া এই কেলেংকাৰিৰ তদন্ত বিচাৰিছে কৃষক ৰাইজৰ লগতে হিন্দু যুৱ - ছাত্ৰ পৰিষদে । সচেতনমহলৰ প্ৰশ্ন , কোটি কোটি টকাৰ সাৰ যদি কৃষকে পোৱাই নাই তেন্তে এই বৃহৎ পৰিমাণৰ সাৰ কলৈ গ'ল ইয়াৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ।

ইফালে শনিবাৰে এই সন্দৰ্ভত জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত পাঁচ বিতৰক আৰু জিলা কৃষি বিষয়া ( ন’ডেল বিষয়া ) ৰ মাজত এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত অতিৰিক্ত উপায়ুক্তই কৃষি বিভাগৰ ন'ডেল বিষয়াক আৰ টি আই আৱেদনকাৰীক তথ্য দিব নোৱৰাৰ বাবে তীব্র ধমক দিয়ে। আনহাতে, পাঁচ বিতৰকক অতিৰিক্ত উপায়ুক্তই সাত দিনৰ সময় বান্ধি তেওঁলোকে কোন কোন খুচুৰা বিক্ৰেতাক সাৰ যোগান ধৰিলে তাৰ সবিশেষ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক- ১ আগষ্টৰ পৰা কৃষকৰ একাউন্টত সোমাব PMKSNৰ ধন! ! 

English Summary: LAKHIMPUR FERTILIZER SCAM

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.