1. News

কৃষকসকলে পথাৰত উৎপাদিত সামগ্ৰী কিষাণ ৰে’লেৰে কিদৰে নিব বহিঃৰাজ্যৰ বজাৰলৈ!

PANKAJ KHANIKAR
PANKAJ KHANIKAR

ভাৰতীয় ৰে'লুৱৈ কৃষকসকলৰ দ্বাৰা উৎপাদিত গাখীৰ, মাংস আৰু মাছকে ধৰি পচনশীল সামগ্ৰীৰ পৰিবহনৰ বাবে কিষাণ উৎপাদিতসেৱা অব্যাহত ৰাখিছে। কিষাণ ৰে'লৰ উদ্দেশ্য হৈছে পথাৰৰ লগত বজাৰ আৰু চাহিদা কেন্দ্ৰসমূহৰ সৈতে সংযোগ কৰি কৃষি খণ্ডক এক অনন্য মাত্ৰা প্ৰদান কৰা। বৰ্তমান উত্তৰ-পূবৰ কৃষকসকলে নিজৰ পথাৰত উতপাদিত ফচলসমূহ বহিঃৰাজ্যত বিক্ৰিৰ বাবে কেইবাখনো কিষাণ উৎপাদিত চলি আছে।আগৰতলা, ডিমাপুৰ, চাংচাৰী, নিউ গুৱাহাটী, যোৰহাট টাউন,  আজাৰা, তিনিচুকীয়া, ভাঙ্গাৰ দৰে স্থানসমূহ এন এফ আৰত 'কিষাণ ৰে'লৱৈয়ে সামৰি লৈছে।

এই 'কিষাণ ৰে'ল' ৰে'লসমূহে দেশৰ বিভিন্ন স্থানৰ বজাৰলৈ কৃষিজাত সামগ্ৰীসমূহ কম খৰচত পৰিবহন কৰি কৃষকসকলক সহায় কৰে। এই ব্যৱস্থাৰ জড়িয়তে কৃষকসকলে নিজৰ উতপাদিত শস্যসমূহৰ উচিত মূল্য লাভ কৰিব পাৰে। যিসকল কৃষকে এই আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰী বহিঃৰাজ্য বা আন বজাৰলৈ নিব বিচাৰে তেওঁলোকে আঁচনিখনৰ অধীনত আবেদন কৰিব পাৰে।

  • প্ৰথমে, কৃষকসকলে ওচৰৰ উৎপাদিত ষ্টেচনলৈ যাব লাগিব।
  • তাত তেওঁলোকে কিষাণ ৰে'লৰ বিষয়ে উৎপাদিতবিষয়াসকলৰ সৈতে কথা-পাতিব লাগিব।
  • টিকট কৰিব লাগিব।

লগতে পঢ়ক- 

বাগিছা পতাৰ চখ আছে নেকি আপোনাৰ? জানক কেনেকৈ আৰম্ভ কৰিব ওলোমা বাগিছা!

কিষাণ উৎপাদিত আঁচনিৰ লাভালাভ :

  • এই আঁচনিৰ জৰিয়তে, কৃষকসকলে উচিত মূল্য পাবলৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বহিঃৰাজ্যত বিক্ৰি কৰিব পাৰে।
  • এই সুবিধাৰ জড়িয়তে কৃষকসকলে সামগ্ৰীবোৰ পোনপটীয়াকৈ চহৰ অঞ্চল  বা কৃষকে উতপাদন কৰা সামগ্ৰীসমূহৰ চাহিদা বেছি তেনে এলেকাত বিক্ৰী কৰিব পাৰে।
  • ৰেফ্ৰিজেৰেটৰসংযুক্ত ডবাৰ জৰিয়তে পচনশীল কৃষিজাত সামগ্ৰী সময়মতে বজাৰত বিক্ৰি কৰিব পাৰে।
  • সামগ্ৰীবোৰ কিষাণ উৎপাদিত সেৱাৰ দ্বাৰা কম খৰচ আৰু দ্ৰুত পৰিবহনৰ জৰিয়তে বিক্ৰি কৰিব পাৰিব।

উল্লেখ্য যে আমাৰ গ্ৰাম্য কৃষকসকলে বহুসময়ত নিজৰ উৎপাদিতদিত শস্য বজাৰৰ অভাৱত বিক্ৰি কৰিব নোৱাৰে বা কম কম দামতে বিক্ৰি কৰিব লগা হয়। কিন্তু আমাৰ বহু খেতিয়কে কিষাণ ৰে'লেৰে সামগ্ৰীসমূহ বহিঃৰাজ্য বা আন ঠাইৰ বজালৰৈ নি বিক্ৰি কৰিব পাৰে এই বিষয়ে নাজানে। যাৰবাবে বজাৰ অভাৱত বহু সময়ত লোকচানৰ সন্মুখীন হৈ আহিছে আমাৰ কৃষকসকল। তদুপৰি বহু মধ্যভোগীয়ে কৃষকসকলৰ পৰা পানী দৰত সামগ্ৰীসমূহ ক্ৰয় কৰি এনে বজাৰসমূহত দহগুণ দৰত বিক্ৰি কৰে। কৃষকৰ ফচলৰ লাভ খাই আহিছে একাংশ কৃষকে। গতিকে কৃষকসকলে এই উৎপাদিতসেৱাৰ সুবিধা গ্ৰহণ কৰি নিজৰ উতপাদিত সামগ্ৰীসমূহ উচিত মূল্য লাভ কৰিব পাৰিব।

লগতে পঢ়ক- 

দিল্লীয়ে চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে এই ৰাইপেনিং পদ্ধতিক

English Summary: Kishan Rail for Farmers

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.