1. News

বিদেশলৈ পুনৰ আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা, আঢ়ৈ বছৰৰ পাছত ভুটানৰ বিমান অৱতৰণ বৰঝাৰত

Pranita Chutia
Pranita Chutia
বিদেশলৈ পুনৰ আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা, আঢ়ৈ বছৰৰ পাছত ভুটানৰ বিমান অৱতৰণ বৰঝাৰত।
বিদেশলৈ পুনৰ আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা, আঢ়ৈ বছৰৰ পাছত ভুটানৰ বিমান অৱতৰণ বৰঝাৰত।

ভ্ৰমণকাৰীৰ  বাবে সুখবৰ। প্ৰায় আঢ়ৈ বছৰৰ বিৰতিৰ পাছত  বিদেশলৈ পুনৰ আৰম্ভ হল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। শনিবাৰে পুৱা ভুটানৰ  ৰাজকীয় চৰকাৰৰ বিমান সংস্থা দ্রুক এয়াৰ লাইন্সৰ এয়াৰ বাছ - ৩২০  শ্ৰেণীৰ বিমানখন ভুটানৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ২২ জন যাত্ৰীসহ পুৱা ৮.২০.বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অবতৰণ কৰে।

উল্লেখযোগ্য যে  কভিড - ১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা গুৱাহাটীৰ পৰা বিদেশলৈ বিমান সেৱা বন্ধ হৈ আছিল। কিন্তু কভিড পৰিস্থিতিৰ উন্নতি হোৱাৰ পৰিপ্ৰেক্ষিতত ভূটান চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। শনিবাৰৰ পৰা ভূটানৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে পৰিচিত  পাৰো  আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ  এই বিমান সেৱা আৰম্ভ কৰিছে   ভুটানৰ  দ্রুক এয়াৰ  নামৰ  বিমান সেৱা প্ৰতিষ্ঠানটোৱে। 

উল্লেখ্য যে অসম চৰকাৰে গুৱাহাটী বিমান বন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ 'ত্বৰান্বিত কৰাৰ বাবে ৫টা নতুন গতিপথত সেৱা আৰম্ভকৰাৰ পৰিকল্পনা কৰিছে। এই নতুন গতিপথকেইটা হৈছে— ম্যানমাৰ, বাংলাদেশ আৰু নেপাল।

ভাৰত চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় উড়ান আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা খণ্ডক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে।

লগতে পঢ়কঃ শিৱসাগৰ “ফ্ৰেণ্ডছ এগ্ৰ’ চেলফ হেল্প গ্ৰুপ” প্ৰশংশনীয় পদক্ষেপ

English Summary: International Flight

Like this article?

Hey! I am Pranita Chutia. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.