1. News

PM KISAN আঁচনিৰ পৰিপূৰ্ণতা সন্দৰ্ভত জৰুৰী সভা

KJ Staff
KJ Staff
Meeting on PM Kisan in Charaideo district
Meeting on PM Kisan in Charaideo district

পিএম কিষান আঁচনিৰ পৰিপূৰ্ণতা অভিযান সন্দৰ্ভত আজি চৰাইদেউ জিলাৰ উপায়ুক্তৰ সভাপতিত্বত এখন বিশেষ সভা সম্পন্ন হয়। জিলা কৃষি বিভাগৰ এই গুৰুত্বপূৰ্ণ সভাখন অনুষ্ঠিত হয় জিলাখনৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰীৰ সভাপতিত্বত।

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান সন্দৰ্ভত বহুকেইটা বিষয়ৰ ওপৰত আলোচনা হয়৷ জিলাখনৰ যদি কোনো যোগ্য কৃষকে এই আঁচনিৰ সুবিধা লাভ কৰা নাই অথবা যিসকলে এই সুবিধা লাভ কৰাত সমস্যাৰ সন্মুখীন হৈ আহিছে, সেই সমস্যাসমূহ সমাধান কৰাৰ বাবে বিশেষ শিবিৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছে বুলি সভাত অৱগত কৰা হয়।

উল্লেখ্য যে, অহা ১২ জুন তাৰিখৰ পৰা জিলা কৃষি বিভাগৰ সহযোগত গাঁও পঞ্চায়তসমূহত আৰম্ভ হ'ব পিএম কিষানৰ এই বিশেষ শিবিৰসমূহ৷

আজিৰ সভাত কৃষি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, জিলা কৃষি বিষয়া ৰবীন য়েইন, কৃষি উন্নয়ন বিষয়াসকল, বেংক বিষয়া, আই পি পি বি কৰ্মচাৰী, গ্ৰাহক সেৱা কেন্দ্ৰৰ প্ৰতিনিধি তথা বিভাগীয় অনান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷

লগতে পঢ়কঃ কৃষি ক্ষেত্ৰত নিয়োজিত মহিলাৰ দৈনন্দিন আহাৰৰ প্ৰয়োজনীয়তা

English Summary: Important meeting on PM KISAN in charaideo

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.