1. News

Hornbill Festival: হৰ্ণবিল উৎসৱত নগা কৃষকে উৎপাদন কৰা জৈৱিক ফল মূল আৰু শাক পাচলিৰ গুৰুত্ব

RAHUL ALI
RAHUL ALI
Hornbill Festival 2022
Hornbill Festival 2022

উৎসৱৰ উৎসৱ ৰূপে পৰিচিত নগা ৰাজ্যৰ কহিমাত অনুষ্ঠিত হৰ্ণবিল উৎসৱত এইবাৰ ৰাজ্য খনৰ কৃষক সকলে জৈৱিক ভাবে উৎপাদন কৰা কৃষি উৎপাদন সমূহে বিশেষ গুৰুত্ব লাভ কৰিছে।যোৱা ১ ডিচেম্বৰৰ পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত উৎসৱথলীত ৰাজ্য চৰকাৰে জৈৱিক কৃষি কৰ্মত নিয়োজিত কৃষক,কৃষক উৎপাদক কোম্পানী সমুহৰ বাবে তেওঁলোকৰ উৎপাদিত সেৱা আৰু সামগ্ৰী বিক্ৰী কৰাৰ বাবে বিশেষ ষ্টলৰ ব্যৱস্থা কৰিছে।

এই ষ্টল সমূহত ৰাজ্য খনৰ কৃষক সকলে উৎপাদন কৰা জৈৱিক ফল মূল,কৃষি উৎপাদন,শাক পাচলি,মৌ,মিলেট আদিকে ধৰি ভালেমান সামগ্ৰী সমূহৰ বিক্ৰী আৰু প্রদর্শনৰ ব্যৱস্থা কৰিছে।দেশী বিদেশী ক্রেতাৰ পৰা এই উৎসৱত কৃষক সকলে ব্যাপক সঁহাৰি লাভ কৰিছে। মান বিশিষ্ট কৃষি সামগ্ৰী উপযুক্ত দৰত বিক্ৰী কৰি কৃষক আৰু উৎপাদক সকল এই উৎসৱৰ পৰা লাভম্বিত হোৱা বুলি প্ৰকাশ কৰিছে এই উৎসৱত অংশগ্ৰহণ কৰা কৃষি উদ্যোগী সকলে।

উল্লেখযোগ্য যে ১৯৬৩ চনত সুকীয়া ৰাজ্যৰ মৰ্য্যদা লাভ কৰা নাগালেণ্ডে বিগত ২২ বছৰ ধৰি ৰাজ্য দিৱসৰ দিন ১ ডিচেম্বৰৰ পৰা ১০ দিনলৈ এই উৎসৱ উদযাপন কৰে। কৃষি প্ৰধান ৰাজ্য খনৰ বৰ্ণিল কৃষ্টি সংস্কৃতি, খাদ্য আৰু বস্ত্ৰ সম্ভাৰৰ লগতে এই উৎসৱত কৃষিজাত উৎপাদন সমূহ এই উৎসৱত প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰা হয়।এই ব্যৱস্থাই কৃষক সকলে তেওঁলোকৰ উৎপাদিত সেৱা আৰু সামগ্ৰী বিক্ৰী কৰাৰ এখন বৃহৎ বজাৰ লাভ কৰে।

লক্ষণীয় ভাবে ৰাজ্য খনৰ অধিকাংশ কৃষি উদ্যোগীৰ গৰিষ্ঠ সংখ্যক মহিলা।এই মহিলা সকলে তেওঁলোকৰ থলুৱা খাদ্য আৰু কৃষি জাত সামগ্ৰী হৰ্ণবিল উৎসৱৰ জৰিয়তে বিক্ৰীৰ এখন বহল বজাৰ লাভ কৰে।এই প্ৰক্ৰিয়া অধিক তাৰান্বিত কৰিবলৈ শেহতীয়াকৈ নগা চৰকাৰে কৃষি উৎপাদক কোম্পানী গঠন,বজাৰ সংযোগ,আকৰ্ষণীয় পেকেজিং আদিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।এই সহযোগিতাৰ বাবেই নগা কৃষি উদ্যোগী সকলে ভৱিষ্যতৰ জৈৱিক কৃষি বজাৰ দখল কৰাৰ বাবে সাজু হৈছে।

প্ৰেৰকঃ মুজাহিদ আলী, শিৱসাগৰ

লগতে পঢ়ক-Hornbill Festival : হৰ্ণবিল মেলাৰ আজি পঞ্চমটো দিন

English Summary: Hornbill Festival 2022! Nagaland, Kohima

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.