1. News

জিলা দিৱসত মহিলা কৃষকক উৎসাহিত কৰিব লখিমপুৰ জিলা কৃষি বিভাগে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
লখিমপুৰ জিলা দিৱস
লখিমপুৰ জিলা দিৱস

অহা দুই অক্টোবৰত লখিমপুৰ জিলা গঠনৰ সোণালী জয়ন্তী মহোৎসৱ অনুষ্ঠিত হ'ব । ১৯৭২ চনৰ দুই অক্টোবৰত ডিব্ৰুগড়ৰ পৰা ফালি গঠন কৰা লখিমপুৰ জিলাই সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিলে । এই সোণালী জয়ন্তীৰ দিনটো জিলাখনৰ প্ৰতি ঘৰতে উৎসৱৰ লেখীয়াকৈ পালন কৰিবলৈ আহ্বান জনাইছে লখিমপুৰ জিলা প্ৰশাসনে। সোমবাৰে জিলা উপায়ুক্ত সুমিত সাত্তাৱানে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাবাসীলৈ এই আহ্বান জনাইছে ।

প্ৰশাসনৰ উদ্যোগত নগৰৰ ত্যাগ ক্ষেত্রত দুই অক্টোবৰত দিনজোৰা কাৰ্য্যসূচীৰে এই দিৱসৰ আয়োজন কৰা বুলি উপায়ুক্ত ই সদৰি কৰিছে।  এই জিলা দিৱসৰ লগতে সংগতি ৰাখি লখিমপুৰ জিলা কৃষি বিভাগেও বিস্তৃত কাৰ্যসূচী হাতত লৈছে।

লগতে পঢ়ক- মাননি নোলোৱাকৈ ৰোগীলৈ আগবঢ়ায় বনৌষধসমূহ

মহিলাসকলক কৃষি–কাৰ্যৰে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্য আগত ৰাখি অহা ২৯ ছেপ্টেম্বৰত জিলাখনৰ আদৰ্শ মহিলা কৃষকক সম্বৰ্ধনা জনোৱা হ'ব। সেইদৰে কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত কৃষক আৰু কৃষি বিশেষজ্ঞৰ মাজত পাৰস্পৰিক মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হৈছে। জিলাখনৰ প্ৰায় প্ৰতিটো কৃষি চক্ৰ সামৰি আয়োজন কৰা হৈছে এই মত বিনিময় অনুষ্ঠানৰ।

সেইদৰে পৰম্পৰাগত পদ্ধতিৰে কৰা কৃষি কাৰ্যক অধিক গতিশীল কৰাৰ লগতে কৃষকসকলক এই দিশত অধিক সজাগ কৰিবলৈ কাৰ্যালয়ৰ চৌহদত থলুৱাভাৱে উৎপাদিত শাক- পাচলি আৰু কৃষি সামগ্ৰী বিক্ৰী কেন্দ্ৰৰো ব্যৱস্থা কৰা হৈছে। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ জিলা কৃষি বিষয়াই সকলোৰে সহযোগিতা কামনা কৰিছে।

লগতে পঢ়ক- আজি বিশ্ব পৰ্যটন দিৱস

English Summary: DISTRICT DAY OF LAKHIMPUR

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.