1. News

সাপ্তাহিক কেবিনেট বৈঠকৰ সিদ্ধান্ত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অসম চৰকাৰে যোৰহাট-ডিব্ৰুগড়ত স্থাপন কৰিব দুগ্ধ উৎপাদন প্ৰকল্প
অসম চৰকাৰে যোৰহাট-ডিব্ৰুগড়ত স্থাপন কৰিব দুগ্ধ উৎপাদন প্ৰকল্প

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দেওবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

বৈঠকত শ্বেত বিপ্লৱৰ দিশত সবল খোজ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰখনে। কেবিনেটত সিদ্ধান্ত অনুসৰি দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে এটা জইণ্ট ভেন্সাৰ কোম্পানী কৰা হ'ব। অসম চৰকাৰ আৰু নেচনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ডৰ ৷

এই কোম্পানীটোৰ যোগেদি নতুনকৈ যোৰহাট আৰু ডিব্ৰুগড়ত দুটা দুগ্ধ উৎপাদন প্ৰকল্প স্থাপন কৰা হ'ব । ইতিমধ্যে অসম দুগ্ধ উন্নয়ন পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে গঠন কৰা যৌথ উদ্যোগ কোম্পানীলৈ ভূমি লীজ প্ৰেৰণ কৰিছে। আৰু চৰকাৰৰ দ্বাৰা গাখীৰ প্ৰক্ৰিয়াকৰণ প্রকল্প স্থাপনৰ বাবে যোৰহাট আৰু ডিব্ৰুগড়ত ভূমি পট্টা চুক্তি কাৰ্যকৰীকৰণ কৰিছে।

উল্লেখ্য যে অসমত প্ৰয়োজন ২৪৮০ নিযুত লিটাৰ৷ উৎপাদন হয় ৮৮২ নিযুত লিটাৰ৷ গতিকে অসমত আৰু ১৫৯৮ নিযুত লিটাৰ গাখীৰৰ প্ৰয়োজন৷ এই প্ৰয়োজনখিনি পূৰণ কৰি আছৌ ৰাজ্যৰ বাহিৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে৷ ইফালে জাতীয় চিকিৎসা গৱেষণা পৰিষদৰ প্ৰতিবেদন মতে, প্ৰতিজন মানুহে ২০৮ মিলি লিটাৰ গাখীৰ দৈনিক খাব লাগে৷ কিন্তু অসমত ৭৪ মিলি লিটাৰ গাখীৰহে গড়ে প্ৰতিজন লোকে খাবলৈ পায়৷ দেওবাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যদি যোৰহাট আৰু ডিব্ৰুগড়ত দুটা দুগ্ধ উৎপাদন প্ৰকল্প স্থাপন কৰা হ'য় তেতিয়া নিবনুৱাসকলৰ সংস্থাপন, ৰাজ্যৰ জাতীয় আয় তথা ৰাজহ বৃদ্ধিৰ লগতে পুঁজিৰ বহিঃগমন বন্ধ হ’ব। ই ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ শুভবাৰ্তা কঢ়িয়াই আনিব।

লগতে পঢ়ক- নয়ডাত আন্তঃৰাষ্ট্ৰীয় দুগ্ধ ফেডাৰেচনৰ বিশ্ব দুগ্ধ সন্মিলন-২০২২

English Summary: Dairy Development Board Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.