1. News

দীপাৱলীৰ প্ৰাক মূহুৰ্তত কেইবাটাও ভাল খবৰ ৰাজ্যবাসীলৈ

KJ Staff
KJ Staff
Himanta Biswa Sarma
Himanta Biswa Sarma

বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত ইয়াৰ সিদ্ধান্তসমূহৰ বিষয়ে সংবাদমেলত অৱগত কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি ২৮, ২৯ আৰু ৩০ অক্টোবৰত মাইক্ৰ' ফাইনেন্সৰ ঋণৰ দ্বিতীয় কেটেগৰীৰ চেক প্ৰদান কৰা হ'ব।

প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত শিক্ষা বিভাগে ২৯,৭৪৮গৰাকী ছাত্ৰী আৰু ৬০৫২গৰাকী ছাত্ৰৰ মাজত ৩৫,৮০০খন স্কুটী বিতৰণ কৰিব।

কামৰূপ মেট্ৰ'ত ৩০ নৱেম্বৰত স্কুটী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰয়ো লাভ কৰিব স্কুটী ।

ভৈয়ামত বাস কৰিলেও কাৰ্বিসকলক অনুসূচিত জনজাতিৰ প্ৰমাণ–পত্ৰ প্ৰদান কৰা হ'ব। মিছন ভূমিপুত্ৰৰ অধীনত জনজাতিৰ প্ৰমাণ–পত্ৰ লাভ কৰিব পাৰিব।

১৩৫ গৰাকী ফিক্স পে'ত কৰ্মৰত সহকাৰী অধ্যাপকৰ মাহিলি দৰমহা ৮ হাজাৰৰ পৰা ৫৫ হাজাৰলৈ বৃদ্ধি। পৰ্যটনৰ ক্ষেত্ৰত কাজিৰঙাত হায়াট গ্ৰুপ অৱ হোটেলছৰ দ্বাৰা পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা হ'ব। নৱেম্বৰ মাহৰ কেবিনেট ১১ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ'ব। লগতে এইবাৰ লাচিত দিৱস দিল্লীত অনুষ্ঠিত কৰা হ'ব।

লগতে পঢ়কঃ পিএম কিষানৰ দ্বাদশ কিস্তি নাই পোৱা যদি এই নম্বৰত ফোন কৰক

English Summary: Cabinet meeting decisions

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.