1. News

মেটেকাৰ সামগ্ৰী প্ৰস্তুত কৰি গাঁৱৰপৰা বিদেশলৈ ব্যৱসায় সম্প্ৰসাৰণ কৰক

KJ Staff
KJ Staff
water hyacinth
water hyacinth

আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সাজ-পাৰ তথা অন্য বস্ত্ৰ সামগ্ৰীবোৰ মূলতঃ দুই ধৰণৰ আঁহৰ পৰা প্ৰস্তুত কৰা হয়। প্রাকৃতিক আঁহ- যেনে, কপাহ, পাট, এৰী, মুগা, উল ইত্যাদি আৰু কৃত্ৰিম আঁহ বা মানৱসৃষ্ট আঁহ যেনে-পলিয়েষ্টাৰ, নাইলন ইত্যাদি। এই আঁহবোৰৰ পৰা সূতা উলিয়াই হস্ততাঁত নাইবা বিদ্যুৎচালিত তাঁতত প্রথমে বৈ উলিওৱা হয়। প্ৰাকৃতিক আঁহৰ ভিতৰতে এনে কিছুমান আহোঁ থাকে, যিবিলাকৰ পৰা যোগাসন কৰা কঠ, নামঘৰত ভকত বহা কঠ, ডাইনিং মেট, পুৰুষ-মহিলাৰ বিভিন্ন ধৰণৰ বেগ, বটল বেগ, বাস্কেট, ফাইল কভাৰ, জপা, পেন হ’ল্ডাৰ, টুপি ট্ৰে, ফুলদানি, ড্রয়িংৰূমত সজোৱা সামগ্রীকে ধৰি বিভিন্ন ধৰণৰ সা-সামগ্রী তৈয়াৰ কৰা হয়

এই আঁহবোৰ আহৰণ কৰা হয় প্রধানকৈ মৰাপাট, কলগছ, আনাৰস তথা আনাৰসৰ দৰে অন্য উদ্ভিদৰ পাত আৰু সম্প্রতি বহুলভাৱে প্রচলিত হোৱা পানী মেটেকা বা দল মেটেকাৰ পৰা। আমাৰ এই লেখাত মেটেকাৰ পৰা কেনেদৰে সামগ্রী প্রস্তুত কৰাৰ উদ্যোগ গঢ়ি লাভবান হ’ব পাৰি, তাৰেই এটি আভাস দিবলৈ প্রয়াস কৰা হৈছে।

মেটেকাৰ সামগ্ৰী কিদৰে প্ৰস্তুত কৰা হয়?

মেটেকাৰ পৰা সামগ্রী প্রস্তুত কৰাৰ আগতে প্রথমে এখন বিশেষ ধৰণৰ হস্তশালত দীঘত ৯ নম্বৰ সূতা আৰু বাণিত মেটেকাৰ শুকান আঁহ ভৰাই টাৰ মৰা হয়। এনেদৰে চাৰি মিটাৰ দীঘল আৰু ৬৩ ছেঃমিঃ বহল একোখন ঠান পোৱা যায়। ইয়াৰ পৰা প্ৰয়োজন অনুসৰি কাটি চিলাই মেচিনত চিলোৱা হয়। ৰঙীন কাপোৰৰ চাইড ব’ৰ্ডাৰ দিয়া হয়। এনেদৰে যোগাসন কঠ, ভকত বহা কঠ আদি তৈয়াৰ কৰা হয়।

ডাইনিং টেবুল মেট, ফাইল ক’ভাৰ, বটল বেগ, লেডিজ বেগ, বজাৰ কৰা মোনা আদিৰ কাৰণে ঠান কাপোৰখন মিহিকৈ ব’ব লাগে। এনেক্ষেত্ৰত দীঘত ১৫ নম্বৰ সূতা আৰু বাণিত মিহিকৈ কাটি লোৱা মেটেকা আঁহ বোৱা হয়। এনেদৰে চাৰি মিটাৰ দীঘল আৰু চল্লিশ ছেঃমিটাৰ বহল কাপোৰ পাব পাৰি। ইয়াৰ পৰা কাটি সামগ্রী চিলোৱা হয়।

মেটেকা কটাৰ উপযুক্ত সময় হ’ল নৱেম্বৰৰ পৰা মার্চ মাহ পর্যন্ত। এই মেটেকাৰ গুৰি আৰু পাতবোৰ কাটি ঠাৰিবোৰ প্রায় পোন্ধৰ দিন ৰ’দত শুকুৱাব লাগে। নিয়ৰ নাইবা বৰষুণত তিতিব নালাগে।

শালত বোৱাৰ আগেয়ে ঠাৰিবোৰ পানীৰে ধুই এখন কপাহী কাপোৰেৰে চাফা কৰি লোৱা হয় আৰু ফ্লেটিং মেচিনৰ সহায়ত চেপেটা কৰি লোৱা হয়।

পেন হ’ল্ডাৰ, ফুলদানি, বাস্কেট, ট্ৰে, টুপি, জপা, কাছ আদি কিছুমান সামগ্ৰী তাঁতত নবৈ হাতেৰে গোঁঠা হয়। ইয়াত কেৱল মেটেকাৰ আঁহ ব্যৱহাৰ হয়

সামগ্ৰী প্রস্তুত হোৱাৰ পিছত প্রয়োজন অনুসৰি বাৰ্ণিচ কৰা হয়, অৱশ্যে বিদেশত মূল প্রাকৃতিক ৰঙৰ সামগ্ৰীৰ চাহিদা বেছি।

লগতে পঢ়কঃ ‘লুকাই লুকাই নহয়, মুকলিকৈ খাওক ৰহি-সাজ’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

English Summary: Business from dried water hyacinth products

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.