1. News

কৃষি বিভাগে ৪০ খন বীজ পাম দিলে অসম বীজ নিগমক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কৃষি বিভাগ আৰু অসম বীজ নিগমৰ মাজত  চুক্তি
কৃষি বিভাগ আৰু অসম বীজ নিগমৰ মাজত চুক্তি

শুকুৰবাৰে কৃষক আৰু কৃষক উৎপাদক কোম্পানীসমূহৰ মাজত চুক্তি স্বাক্ষৰিত হয়।উৎকৃষ্ট মানৰ বীজ পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰোৱাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে কৃষি বিভাগ আৰু অসম বীজ নিগমৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

এই দিনটোক কৃষিমন্ত্ৰী অতুল বৰাই ৰাজ্যৰ কৃষি খণ্ডৰ বাবে এক ঐতিহাসিক দিন বুলি উল্লেখ কৰিছে। এই সন্দৰ্ভত তেওঁ কয় এই চুক্তিৰ দ্বাৰা বীজ উৎপাদনত অসম হ'ব আত্মনিৰ্ভৰশীল, কৃষকে লাভ কৰিবলৈ সক্ষম হ'ব উন্নত মানৰ বীজ।

লগতে পঢ়ক-  ফুটবল খেলত লংকাকাণ্ডঃ ইণ্ডোনেছিয়াত পদপিষ্ট হৈ ১৭৪ জন লোকৰ মৃত্যু

চুক্তি অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাত কৃষি বিভাগৰ অধীনত থকা ৪০ খন বীজ পামক সদ্ব্যৱহাৰ কৰাৰ উদ্দেশ্যে কৃষি বিভাগে অসম বীজ নিগমক হস্তান্তৰ কৰে। লগতে, চুক্তিমৰ্মে এই ৪০ খন বীজ পামক "ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব" (PPP) প্ৰক্ৰিয়াৰে পৰিচালনা কৰাৰো সিদ্ধান্ত লয়।

এই পামসমূহৰ জৰিয়তে ৰাজ্যৰ কৃষি পথাৰত উৎপাদিত প্ৰধান শস্য- ধান, মাহ, সৰিয়হ আদিৰ বীজ উৎপাদন কৰা হ'ব আৰু কৃষকসকলক ব্যৱহাৰৰ বাবে যোগান ধৰা হ'ব। চুক্তি স্বাক্ষৰৰ সময়ত অসম বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, উপাধ্যক্ষ পৱন বেড়িয়া, কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী, অসম বীজ নিগমৰ পৰিচালন সঞ্চালক বিদ্যুৎ বিকাশ ভাগৱতী, কৃষি বিভাগৰ অতিৰিক্ত সচিবদ্বয় সুব্ৰত আৰ বৰ্দ্ধন, তেজ প্ৰসাদ ভুষাল, যুটীয়া সচিব গুণজিৎ কাশ্যপ প্ৰমুখ্যে কৃষি বিভাগ তথা অসম বীজ নিগমৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে৷

লগতে পঢক- নীতিশ কেবিনেটৰপৰা পদত্যাগ বিহাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙৰ

English Summary: atul borah secrifies

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.