1. News

PM-KISAN সন্দৰ্ভত কেন্দীয় কৃষিমন্ত্ৰীৰে অতুল বৰাৰ বৈঠক

KJ Staff
KJ Staff

বুধবাৰে PM-KISAN সন্দৰ্ভত দেশৰ কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ সৈতে এক ভাৰ্চুৱেলী বৈঠকত মিলিত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা। বৈঠকত কেন্দ্ৰীয় PM-KISANৰ  হিতাধিকাৰীসকলৰ আধাৰ প্ৰমাণীকৰণ, e-KYC তথা ভূমি অভিলেখ্য উন্নীতকৰণকে ধৰি অসমত আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে।

বৈঠকতে ৰাজ্যৰ কৃষকসকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰে PM-KISANৰ ডাটাবেছসমূহৰ বাধ্যতামূলক উন্নীতকৰণৰ বাবে নিৰ্ধাৰণ কৰা সময়সীমা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায় মন্ত্ৰী অতুল বৰাই। যাতে আঁচনিখনৰ অধীনত অসমৰ সৰ্বাধিকসংখ্যক যোগ্য কৃষকে দ্বাদশ কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হয়।

বৈঠকত মন্ত্ৰীদ্বয়ৰ লগতে কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ আশিস ভূটানী, কৃষি সঞ্চালক অনন্তলাল জ্ঞানী প্ৰমুখ্যে সংশ্লিষ্ট বিষয়াসকল বৈঠকত উপস্থিত থাকে। উল্লেখ্য যে মঙলবাৰে ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ প্ৰধান সচিব, জিলাসমূহৰ উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ পৰা কৃষিমন্ত্ৰী অতুল বৰাই "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি"ৰ ৰূপায়ণ আৰু কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈছিল।

বৈঠকতে বৰাই শেহতীয়াকৈ ৰাজ্যৰ কেইবাখনো জিলাত সৃষ্টি হোৱা খৰাং সদৃশ পৰিস্থিতিৰ সম্বন্ধেও আলোচনা কৰি খৰাং পৰিস্থিতিত ক্ষতিগ্ৰস্ত কৃষকসকলে যাতে চৰকাৰৰ "প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা" আঁচনিৰ অধীনত উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব পাৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিবলৈ মন্ত্ৰী অতুল বৰাই বিষয়াসকলক নিৰ্দেশ দিছিল। খৰাঙ পীড়িত অঞ্চলসমূহলৈ গৈ জৰীপ কৰিবলৈও সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়।

লগতে পঢ়ক- ৰাজ্যত খৰাং। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৃষকৰ নগাঁৱৰ কৃষকৰ

English Summary: Atul Borah Meet Nrendra sing Tomar

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.