1. News

গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰণ সন্দৰ্ভত বিশেষজ্ঞৰে অতুল বৰাৰ বৈঠক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
গ্ৰাম্য অৰ্থনীতি বিকাশ সন্দৰ্ভত আলোচনা
গ্ৰাম্য অৰ্থনীতি বিকাশ সন্দৰ্ভত আলোচনা

দেওবাৰে জনতা ভৱনত কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন, পশুপালন আৰু পশু চিকিৎসা তথা দুগ্ধ উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় কৃষিমন্ত্ৰী অতুল বৰা।

বৈঠকত খণ্ডসমূহৰ বিকাশৰ গ্ৰাম্য অৰ্থনীতি কিদৰে বিকাশ কৰিব পাৰি এই সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকতে দেশৰ শীৰ্ষত থকা আন ৰাজ্যসমূহৰ সৈতে এক তুলনামূলক সমীক্ষাৰ জৰিয়তে ৰাজ্যখনক আগন্তুক ৪টা বৰ্ষত কেনেদৰে আগবঢ়াই নিব পাৰি, সেই সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।

এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয়- ৰাজ্যৰ অৰ্থনৈতিক ভেটি শক্তিশালীকৰণৰ বাবে চৰকাৰে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে, সেই প্ৰচেষ্টাৰ জৰিয়তে অনাগত সময়ত ঈপ্সিত লক্ষ্যত উপনীত হ'বলৈ সকলো কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক আহ্বান জনালোঁ।

বৈঠকত কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, সঞ্চালক অনন্ত লাল জ্ঞানী, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালিকা ইন্দিৰা কলিতা, সচিব অভিজিৎ বৰুৱা, উদ্যান শস্য বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক উৎপল শৰ্মা প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিভিন্ন দায়িত্বত থকা জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক- ছুইচাইড নোটত প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা মহাৰাষ্ট্ৰৰ কৃষকৰ

English Summary: Atul borah meet (1)

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.