1. উদ্য়ানশস্য়

এইদৰে খেতি কৰিলে প্ৰতি হেক্টৰত উৎপাদন হ’ব ১০০-১২০ কুইণ্টল

RAHUL ALI
RAHUL ALI
Bitter Gourd
Bitter Gourd

সঁচ

১) বসন্ত ঋতুত খেতি কৰা সঁচ বোৰ : আর্লিয়েষ্ট অৱ অল , লংগ্রীণ , এক্সটা লং , পুচা ডো মৈচুমী

২) গ্রীষ্ম ঋতুত খেতি কৰা সঁচ বোৰ: মনচুন মর্ণাক, লংগ্রীণ, মনচুন, কইম্বাতুৰ লং

সঁচৰ বৰ্ণনা

১) পুচা ডো মৈচুমী: ডালবোৰ সেউজীয়া,  নোমাল, পাতবোৰ বহল, পুলিৰ পৰা ফল ধৰালৈ ৫৫ দিনৰ ভিতৰত শেষ হয়।

২) কইম্বাতুৰ লং: গছবোৰ যথেষ্ট ঠাল ঠেঙুলি মেলা, ফলবোৰ দীঘল পাতল সেউজীয়া ৰঙৰ, গছবোৰত ফল যথেষ্ঠ উৎপন্ন হয়, বাৰিষা বতৰৰ বাবে উপযোগী সঁচ।

মাটি নিৰ্বাচনঃ

ওখ পানী জমা নোহোৱা পলসুৱা আৰু যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা মাটিত কেৰেলা খেতি ভাল হয়।

বীজৰ পৰিমাণ

৪-৫ কি: গ্রাম/হেক্টৰত

সিঁচাৰ সময়

১) আগতীযা : অক্টোবৰ- নবেম্বৰ (মাটিত বগোৱা জাত )

২) মধ্যমীয়া : ফেব্রুৱাৰী- মার্চ

৩) শেহতীয়া : জুন- জুলাই। বীজৰ ব্যৱধান : ১.৫ - ২.৫ মিটাৰ (শাৰীৰ পৰা শাৰীলৈ ) * ৬০ চে: মি:-১.২ মিটাৰ (গছৰ পৰা গছলৈ)

 

 

ক্ৰমিক নং

সাৰ পৰিমাণ (কি: গ্রাম / হেক্টৰত )

মন্তব্য

১) পচনসাৰ

 

১০০০

 

 

২) নাইট্রজেন

(২০ +২০)

 

 

৩) ফছফৰাচ

৩০

(ক) ২০ কি: গ্রাম মাটি প্রস্তুত কৰোতে

 

৪) পটাচ

৩০

(খ) ২০ কি: গ্রাম ফল আৰু ফুল ধৰাৰ সময়ত

জলসিঞ্চন

শুকান অথবা খৰাং অৱস্থাত ৮-১০ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে ।

শস্য চপোৱা

ফলবোৰ পুৰঠ হলে চিঙাৰ ব্যৱস্থা কৰিব লাগে ।

উৎপাদন:

১০০-১২০ কুইন্টল/হেক্টৰত

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

লগতে পঢ়ক-Drumstick farming : এবিঘা মাটিত এবাৰ খেতি কৰি ১২ বছৰলৈ প্ৰতিবছৰে পাওঁক ১ লাখকৈ টকা

 

English Summary: Bitter Gourd Cultivation

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.