1. স্বাস্হ্য আৰু জীৱন

মাত্র এসপ্তাহতে আপোনাৰ ওজন হ্ৰাস কৰাৰ লগতে উজ্জ্বল কৰি ৰাখিব পাৰে ছাল; মাত্র সেৱন কৰক এই ফলৰ ৰস

KJ Staff
KJ Staff
Tomato juice
Tomato juice

কৃষি জাগৰণ ডিজিটেল ডেক্সঃ- আমি সকলোয়ে জানো বিলাহী যথেষ্ট গুনেৰে সমৃদ্ধ। বিলাহীত যথেষ্ট পৰিমাণে পুষ্টি আৰু আমাৰ দেহৰ বাবে লাগতিয়াল খনিজ উপলব্ধ। পটাছিয়ামেৰে ভৰপূৰ বিলাহীয়ে নিয়ন্ত্ৰণ কৰিব পাৰে শৰীৰৰ ৰক্তচাপ। তাৰোপৰি দেহৰ ছাল উজ্জ্বল কৰিবলৈ ও আমি বিলাহী ব্যৱহাৰ কৰিব পাৰো।

কেবল এয়াই নহয় বিলাহীৰ আছে ওজন হ্ৰাস কৰিব পৰা এক অন্যন্যা গুনাৱনী৷ বিলাহীৰ ৰস সেৱনে শৰীৰৰ চৰ্বি হ্ৰাস কৰিব পাৰে। কেৱল এগিলাচ বিলাহীৰ ৰসেই দেহৰ চৰ্বি হ্ৰাস কৰাত যথেষ্ট সহায়ক।

বিটা-কেৰোটিন আৰু লিক’পিন সমৃদ্ধ বিলাহীয়ে দৃষ্টি শক্তি বৃদ্ধি কৰাত সহায় কৰে। বিলাহীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। আনহাতে বিলাহীৰ ৰসত অতি কম পৰিমাণে কেলৰি পোৱা যায়। ১০০ গ্ৰাম বিলাহীত কেৱল ১৭ গ্ৰাম কেলৰিহে থাকে। ইয়াত মুখ্যতঃ পানীৰ পৰিমান বেছি থাকে। এটা বিলাহীত প্ৰায় ৯৪ শতাংশ কেৱল পানী থাকে। সেয়েহে ই ওজন হ্ৰাস কৰাত মুখ্য ভূমিকা পালন কৰিব পাৰে।

   বিলাহীত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে কলেষ্টৰেলৰ স্তৰ নিয়ন্ত্ৰণ, চকু আৰু ছালৰ সুৰক্ষা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

   গৱেষণাই পোৱা গৈছে যে লিক’পিনে প্ৰাকৃতিকভাৱে আমাৰ দেহৰ বিপাক নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ ফলত শৰীৰত চৰ্বি হ্ৰাস হোৱাৰ বাবে ওজন দ্ৰুতভাৱে হ্ৰাস হয়।

গৱেষকসকলৰ মতে, বিলাহীয়ে শৰীৰত কাৰ্নিটাইন নামৰ এটা এমিনো এচিড সৃষ্টি কৰে, যি শৰীৰৰ চৰ্বি হ্ৰাসত সহায় কৰে। তাৰোপৰি কেমব্রীজ বিশ্ববিদ্যালয়ৰ এক গৱেষণাৰ গোটে দাবী কৰিছে যে বিলাহীয়ে হৃদৰোগ প্রতিৰোধ কৰিব পাৰে।

আৰু পঢ়ক- "অতি সোনকালে পশুপালন খণ্ডত উদ্যোগীক বিকাশৰ বাবে কেন্দ্ৰই ৫০০০ কোটি টকাৰ আঁচনি আৰম্ভ কৰা হব" - অতুল চতুৰ্বেদীয়ে

English Summary: Tomato juice can reduce your weight in a week details inside

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.