1. স্বাস্হ্য আৰু জীৱন

হাওঁফাওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ নিয়মিত খাওক এই কেইবিধ খাদ্য

KJ Staff
KJ Staff
Dry fruits
Dry fruits

   নিয়ম মানি খোৱা-লোৱা কৰাৰ উপৰি কেইবিধমান বিশেষ খাদ্য খলে হাওঁফাওঁৰ ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে বুলি জনাইছে বিজ্ঞানীসকলে। বিশেষকৈ যাৰ হাওঁফাওঁ কিছু দুর্বল। তেঁওলোকে এইকেইবিধ খাদ্য নিতৌ খালে যথেষ্ট উপকৃত হব৷ গতিকে জানো আহক সেই বিশেষ খাদ্য কেইবিধৰ বিশেষত্ব সম্বন্ধে৷ 

পিয়াঁজ আৰু নহৰু :

   প্রদাহৰ প্রবণতা কমায়। সংক্রমণৰ বিৰুদ্ধে যুঁজ কৰাৰ শক্তি যোগায়। ‘জার্নাল অব কেন্সাৰ এপিডেমিঅলজি’ আৰু ‘বায়’মার্কাৰছ এণ্ড প্রিভেনছন’ত প্রকাশিত প্রবন্ধত বিজ্ঞানীসকলে জনাইছে, যিসকল ধূমপায়ী তেওঁলোকে কেঁচা নহৰু খালে হাওঁফাওঁৰ বিভিন্ন অসুখত ভোগাৰ আশঙ্কা প্রায় ৪০ শতাংশ কমি যায়।

আদা :

প্রদাহ কমায়। অলপকৈ করে আদা কাটি নিয়মিত খালে হাওঁফাওঁৰ স্বাস্থ্য ভালে থাকে।

জলকীয়া :

কেঁচা জলকীয়া খালে ৰক্ত সঞ্চালন ভাল হয়। সংক্রমণৰ আশঙ্কা কমে।

আৰু পঢ়ক- শৰীৰৰ অক্সিজেনৰ স্তৰ বৃদ্ধি কৰিবলৈ এই দহ বিধ খাদ্য গ্রহণ কৰক (Top 10 foods for increasing oxyzen level in human body)

হালধি :

হালধিয়ে কাৰকিউমিন প্রদাহ কমায়। বেঙ্গালুৰুত ৭৭ জন হাঁপানি আৰু চিঅপিডি ৰোগীক ৩০ দিন ধৰি কাৰকিউমিন কেপছুল খাবলৈ দি বিজ্ঞানীসকলে দেখিছে, তেওঁলোকৰ কষ্ট বহুখিনি কমি গৈছে।

ফল আৰু পাচলি :

আপেল, মধুৰিআম, তিয়ঁহ, এইবোৰ ফল হাওঁফাওঁৰ যত্নৰ বাবে খুবেই ভাল। আপেল আৰু গোল নেমুৰ ফ্লেভেনয়েড আৰু ভিটামিন চিয়ে নিশ্চিতভাবে কার্যকাৰিতা বঢ়ায় হাওঁফাওঁৰ। গাজৰ, কোমোৰা আদিত থাকে এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি। সমগ্ৰ শৰীৰৰ উপৰি হাওঁফাওঁৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায় এই শাক-পাচলিয়ে। সেয়ে এইবোৰো ৰাখিব পাৰে খোৱা পাতত।

বিভিন্ন ধৰণৰ বিন আৰু বীজ :

   এইবোৰ খাদ্যৰ অন্যান্য উপকাৰৰ উপৰি আছে প্রচুৰ মেগনেচিয়াম। হাওঁফাওঁৰ কার্যকাৰিতা বৃদ্ধিত ইয়াৰ আপৰিসীম ভূমিকা আছে। তিচিৰ বীজত আছে ভিটামিন ই, যিয়ে বৃদ্ধি কৰে ৰোগ প্রতিৰোধ ক্ষমতা। আখৰোটৰ ওমেগা থ্রিয়ে কার্যকাৰিতা বঢ়ায় হাওঁফাওঁৰ।

সংগ্ৰহ কৰা হৈছে।

উৎস - হেলথফিটি ফেসবুক পেজ

আৰু পঢ়ক- আপুনি ঘি খায় নেকি? ঘিয়ে আপোনাৰ দেহৰ ছাল কোমল আৰু মগজুৰ বিকাশ কৰিব পাৰে

 

English Summary: Tips to increase lungs immunity

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.