1. স্বাস্হ্য আৰু জীৱন

কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱাৰ সহজ উপায় (How to get relaxation from acidity easily)

KJ Staff
KJ Staff
Relaxation from acidity
Relaxation from acidity

    কোষ্ঠকাঠিন্য হলে ভালদৰে জীৱন ধাৰণ কৰাটো কঠিন হৈ পৰে। বহুতো লোক প্ৰায়ে নিয়মীয়াকৈ কোষ্ঠকাঠিন্যত ভূগে, বিশেষকৈ বৃদ্ধ লোক সকল। এইটো গৰ্ভৱতী মহিলাসকলৰ বাবেও এটা সমস্যা। তেওঁলোকে কোষ্ঠকাঠিন্যৰ ভয়ত অত্যাধিক খোৱাৰ ভয় কৰে। তাৰবাবে আপুনি কি খালে ভাল পাব অনুভৱ কৰিব আৰু আপুনি কি খালে কষ্ট অনুভৱ কৰিব সেয়া বুজাৰ দৰকাৰ ৷

কোষ্ঠকাঠিন্যৰ কাৰণঃ

1. আঁহজাতীয় খাদ্য আৰু শাক-পাচলি বা ফলমূল কম খালে;

2. কম পানী সেৱন কৰিলে;

3. যদি আপুনি চিন্তা বেছি কৰে;

৪. যদি আপুনি কোনো শাৰীৰিক কাম নকৰে, খোজ কঢ়া বা ব্যায়াম নকৰে;

5. যদি আপোনাৰ অন্ত্ৰত কৰ্কট ৰোগ আছে;

6. ডায়েবেটিচ ৰোগী হ'লে;

7. মস্তিষ্কৰ টিউমাৰ আৰু মস্তিষ্কত ৰক্তক্ষৰণ;

৮. বিভিন্ন ৰোগৰ বাবে দীৰ্ঘ সময় বিচনাত শুই থাকিলে;

9. বিভিন্ন ঔষধ গ্ৰহণ কৰিলে যেনে

ক. বিষৰ ঔষধ;

খ. উচ্চ ৰক্তচাপ ঔষধ;

গ. গেষ্ট্ৰিক ঔষধ;

ঘ. হাঁচিৰ ঔষধ আৰু

ঙ. আইৰণ, কেলচিয়াম আৰু এলুমিনিয়ামৰ দৰে খনিজ থকা ঔষধ। ইয়াৰ ফলত স্নায়ু তন্ত্ৰ আৰু হৰমনৰ নানান অসুবিধাৰ বাবে কোষ্ঠকাঠিন্যৰ হব পাৰে।

কোষ্ঠকাঠিন্যৰ লক্ষণ:

1. পাতল পায়খানা হোৱা;

2. পায়খানা হবলৈ অধিক সময় লগা ;

3. পায়খানা কৰিবলৈ অধিক চাপৰ প্ৰয়োজন;

৪. দীৰ্ঘ সময় ধৰি পায়খানা কৰাৰ পিছতো সম্পূৰ্ণ নোহোৱা;

5. মুত্রাদ্বাৰ চাৰিওফালে আৰু তল পেটত বিষ অনুভৱ কৰা

6. হেকটি আহি থকা বাৰে বাৰে ৷

যদি আপুনি সঠিক চিকিৎসা গ্রহণ নকৰে তেন্তে হ'ব পৰা সমস্যা হৈছে-

1. শৌচ ধৰি ৰখাৰ ক্ষমতা হেৰাই যাব পাৰে;

2. পাইলচ;

3. এনালফিশাৰ

4. মানসিকভাৱে অসুস্থ হোৱাৰ প্ৰৱণতা থাকে;

5. প্ৰস্ৰাৱ বন্ধ হ'ব পাৰে;

7. খাদ্যনলী চোকোৰাৰ দ্বাৰা পেট ফুলা হ'ব পাৰে।

8. খাদ্যৰ ফলত আলচাৰ হ'ব পাৰে বা ছিদ্র হব পাৰে।

9. কৰ্কট আৰু মস্তিষ্কৰ টিউমাৰ থকা ৰোগীৰ হলে সঠিক সময়ৰ ভিতৰত চিকিৎসা কৰা নহলে, অকাল মৃত্যু হ'ব পাৰে।

 

কোষ্ঠকাঠিন্যৰ সমস্যা নিৰাময় কৰিবলৈ কিছুমান খাদ্য

 

কল - কলত যথেষ্ট ফাইবাৰ থাকে যি কোষ্ঠকাঠিন্য আঁতৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও, বৃহদান্ত্ৰ আৰু ক্ষুদ্রাশয়ৰ কার্য্যক্ষমতা বৃদ্ধি কৰাত কলৰ পটাছিয়ামে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে কোষ্ঠকাঠিন্য সমস্যা সমাধান কৰিবলৈ কলৰ অৱদান অতি গুৰুত্বপূৰ্ণ হয়।

 

কফি - এটা জনপ্ৰিয় পানীয়। এইটো আজি কালি সকলোয়ে খায়ে থাকে। বেছিভাগ লোকে শুৱাৰ ভাব আহিলে কফি পান কৰে, কিন্তু ই আন কাৰণৰ বাবেও উপযোগী। কিছুমানৰ বাবে, এই কফিয়ে পেট কোমল কৰাত সহায় কৰে। অৱশ্যে, কোষ্ঠকাঠিন্য আঁতৰ কৰিবলৈ অতিৰিক্ত কফি নাখাব যাতে ই ডায়েৰিয়াৰ সৃষ্টি নকৰে। 2-3 কাপতকৈ অধিক পান নকৰাটো ভাল।

কমলা- কমলাত উচ্চ পৰিমাণে ফাইবাৰ থাকে। কোষ্ঠকাঠিন্য আঁতৰাবলৈ কমলা টেঙাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাতি শুবলৈ যোৱাৰ আগতে এটা বা দুটা কমলা খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰিব।

 

পপকৰ্ণ- বহুতো মানুহ পপকৰ্ণ খায় ভাল পায়। কিন্তু আমি জানিব লাগিব যে পপকৰ্ণ কিমান স্বাস্থ্যকৰ। আৰু পপকৰ্ণত থকা ফাইবাৰৰ বাবে, পপকৰ্ণ খাদ্য তালিকাত ৰাখিব লাগে। এই ফাইবাৰটোৱে আপোনাৰ শৰীৰক যথেষ্ট সহায় কৰিব পাৰে। সাৱধান হব যাতে আপুনি, মাখন ভৰ্তি চৰ্বিযুক্ত পপকৰ্ণ নাখায়। প্ৰয়োজন হলে আপুনি ইয়াক ঘৰতে বনাব পাৰে। পপকৰ্ণত থকা ফাইবাৰৰ পৰিমাণে কোষ্ঠকাঠিন্য আঁতৰ কৰাত অতি উপযোগী।

 

পানী - আকৌ কোৱাৰ প্রয়োজন নাই যে আমাৰ শৰীৰৰ বাবে পানী কিমান উপকাৰী। আৰু বেছিভাগ ক্ষেত্ৰত, পৰ্যাপ্ত পানীৰ অভাৱৰ বাবে শৰীৰত কোষ্ঠকাঠিন্য দেখা দিয়ে। সেয়েহে আপুনি পৰ্যাপ্ত পানী খাব লাগে। বিশেষকৈ যেতিয়া আপুনি বাহিৰত ব্যায়াম কৰে বা যথেষ্ট সময় অতিবাহিত কৰে, পানী বিশেষকৈ গুৰুত্বপূৰ্ণ।

পালেং শাক

পাচলি হিচাপে আমাৰ পালেং শাক অতি প্রিয় আপুনি জানে ৷ এডাল বিশুদ্ধ পালেং শাকত চাৰি গ্রাম আঁহ পোৱা যায়। তাৰোপৰি 150 মিলিগ্ৰামতকৈ বেছি মেগনেছিয়াম থাকে, যি শৰীৰৰ বিকাশত সহায় কৰে। গতিকে দেখা যায় কোষ্ঠকাঠিন্য দূৰ কৰাত পালেং শাকৰ ভূমিকা অপৰিসীম।

 

 

 

 

English Summary: How to get relaxation from acidity easily

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.