1. স্বাস্হ্য আৰু জীৱন

শক্তিশালী হাড় গঠনৰ বাবে গাখীৰে পর্যাপ্ত নহয়, লগতে এইকেইবিধ খাদ্য খোৱাও প্রয়োজনীয়

KJ Staff
KJ Staff

শক্তিশালী হাড়ৰ গঠনৰ বাবে মাত্ৰ গাখীৰ খোৱাই পৰ্যাপ্ত নহয়। আচলতে এগিলাচ গাখীৰে 'কেলচিয়াম'ৰ দৈনিক প্ৰয়োজনীয়তাৰ মাত্র ২৫ শতাংশহে পূৰ কৰিব পাৰে। আনহাতে মানুহৰ শৰীৰক দৈনিক ১,২০০-১০,০০০ মিগ্ৰা কেলচিয়ামৰ প্ৰয়োজন। সেয়েহে গাখীৰৰ লগত আন কিছুমান কেলচিয়ামযুক্ত খাদ্য খোৱাটো সমানে গুৰত্বপূর্ণl সেয়েহে তলত এনে কিছুমান কেলচিয়ামযুক্ত খাদ্য সামগ্রীৰ বিষয়ে অৱগত কৰা হল। 

১. টফু

টফু খোৱাৰ ফলত, শৰীৰত যথেষ্ট কেলচিয়াম পোৱা যায়। ২০০ গ্ৰাম টফুত প্ৰায় ৭০০ মিলিগ্ৰাম কেলচিয়াম থাকে। এইটো কটেজ চীজৰ দৰে দেখা যায়। ইয়াক পাচলি বা চালাডৰ সৈতে আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰি। টফুত প্ৰ'টিন, মেগনেছিয়াম আৰু ফছফৰাছও পোৱা যায়।

২. কেঁচাবাদাম

এটা কেঁচা বাদাম খালে মানুহে শৰীৰত প্ৰায় ৩০০ মিগ্ৰা কেলচিয়াম পায়। পুৱা তিয়াই থোৱা কেঁচাবাদাম খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট লাভদায়ক।

৩. দৈ

দৈয়ে মানুহৰ শৰীৰক কেলচিয়াম প্ৰদান কৰে। যদি মানুহে দৈনিক একাপ দৈ খায়, তেন্তে তেওঁ ৩০০-৩৫০ মিগ্ৰা কেলচিয়াম পায়। ইয়াক পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰৰ সৈতেও খাব পাৰে।

৪. কাবলী বুট

কাবলী বুট কেলচিয়ামৰ বাবেও যথেষ্ট লাভদায়ক। কাবলী বুট খাবলৈ সুস্বাদু হোৱাৰ লগতে ই স্বাস্থ্যৰ বাবেও অতিকৈ উপকাৰী। দুটা বুটত প্ৰায় ২৪০ মিগ্ৰা কেলচিয়াম পোৱা যায়।

৫. ৰাগী

ৰাগি কেলচিয়ামৰ এটা ভাল উৎস। ১০০ গ্ৰাম ৰাগিত প্ৰায় ৩৪৫ মিগ্ৰা কেলচিয়াম পোৱা যায়। মানুহে সপ্তাহত কমেও চাৰিবাৰ ৰাগি খাব লাগে।

English Summary: Best food for stronger bone

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.