1. স্বাস্হ্য আৰু জীৱন

Adusa Plant Benefits: আডুচা উদ্ভিদে জ্বৰৰ পৰা শৰীৰৰ বিষলৈকে সকলোবোৰ দূৰ কৰে, জানক ইয়াৰ 5 টা লাভালাভ

KJ Staff
KJ Staff
Adusa Plants (Photo Credit: Google)
Adusa Plants (Photo Credit: Google)

ঔষধি গুণেৰে ভৰপূৰ আডুচা, যাক ভাচা বুলিও জনা যায়, হৈছে এক বিশেষ আয়ুর্বৈদিক গছ। মুৰৰ বিষ, চকুৰ ৰোগ, পাইলচ, প্ৰস্ৰাৱৰ ৰোগ আদিৰ দৰে বহুতো ৰোগৰ চিকিৎসাৰ বাবে ভাচা ব্যৱহাৰ কৰা হয়। এই উদ্ভিদৰ পাতৰ পৰা ইয়াৰ বাকলিলৈকে ৰোগৰ চিকিৎসা কৰা হয়। ইয়াৰ পাতবোৰ বর্তমান এই কৰোনা কালত অত্যন্ত উপযোগী। ইয়াৰ পাতবোৰ উতলাই ইয়াৰ ব্ৰু পান কৰিলে চৰ্দি আৰু কাহৰ পৰা সকাহ পাব পাৰি। যদি আপোনাৰ ডিঙিৰ বিষ বা শুকান কাহ হয়, তেনেহ'লে ইয়াৰ পাত বোৰ চোবালে পলকতে ডিঙিক আৰাম দিয়ে।

এই সময়খিনিত ভাইৰেল জ্বৰে মানুহক যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে, গতিকে ইয়াৰ পৰা পৰিত্রাণ পাবলৈ ইয়াৰ পাতবোৰ উতলাই পি খালে জ্বৰৰ লগতে শৰীৰৰ বিষ আৰু ভাগৰ পৰা উপশম পাব পাৰি। ইয়াৰ উপৰিও আডুচাই কি কি ৰোগৰ পৰা উপশম কৰিব পাৰে; জানো আহক -

মুৰৰ বিষৰ বাবে আডুচা হৈছে সৰ্বশ্ৰেষ্ঠ নিৰাময়:

   আজিকালি, মানসিক চাপ প্রায় ব্যক্তিৰে মাকে, ইয়াৰ বাবে প্ৰায়ে মুৰৰ বিষত ভুগে। মুৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ বিষৰ টেবলেটৰ সলনি আডুচা সেৱন কৰক। প্রথমতে আডুছাৰ শুকান ফুল পিহি লওক। 1-2 গ্ৰাম ফুলৰ গুৰিত সমান পৰিমাণৰ গুড় মিঠাই যোগ দি সেৱন কৰক, নিশ্চয়কৈ আপুনি মুৰৰ বিষৰ পৰা সকাহ পাব।

চকুৰ সমস্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ নিৰাময়:

   যদি আপুনি কৰোনা বা আন কোনো ৰোগৰ বাবে চকুৰ বিষ বা ফুলা বুলি অনুভৱ হৈছে, আপুনি ঔষধি গুণাগুণেৰে সমৃদ্ধ আডুচাৰ 2-4 টা সতেজ ফুল গৰম কৰি চকুৰ ফুলা অংশত কিছু সময়ৰ বাবে বান্ধি দিব।
ইয়ে বিষ হ্ৰাস কৰাৰ লগতে চকুয়ে আৰাম পাব।

আডুচাই ফোঁহাৰ চিকিৎসা কৰে:

    যদি আপুনি মুখৰ আলচাৰত ভুগি আছে, আডুচাৰ দুই-তিনিটা পাত চোবাওক। আডুচাৰ ৰস সেৱন কৰিলে সোনকালেই আপুনি মুখৰ আলচাৰৰ পৰা পৰিত্ৰাণ পাব। মনত ৰাখিব যে এই পাতবোৰ চোবাই পেলাই দিব।

যদি উশাহ ফুলি উঠে বা চুটি হয়, এই পাতবোৰ খাওক:

   যদি আপোনাৰ উশাহ চুটি বা শুকান কাহ হয়, আডুচাৰ পাতৰ ৰস উলিয়াই মৌৰ সৈতে যোগ দি খাওক। শুকান কাহৰ পৰা সকাহ পাবলৈ আডুচা পাত খালে অতি সোনকালে কাহৰ পৰা উপশম পাব পাৰি।

আঁঠুৰ বিষৰ পৰা সকাহ দিয়ে:

   আঁঠুৰ বিষ আৰু ফুলা হ্ৰাস কৰিবলৈ আডুচা ব্যৱহাৰ কৰিব। ইয়াত পোৱা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণবোৰে আৰ্থ্ৰাইটিছৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। 

English Summary: amazing 5 health benefits of herbal plant adusa

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.