1. Government Schemes

ফচল বীমা আঁচনি কি! কৃষকক কেনেদৰে সহায় কৰে এই আঁচনিয়ে

PANKAJ KHANIKAR
PANKAJ KHANIKAR

ডিব্ৰুগড়ত ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত সজাগতা সভা। জিলাখনৰ প্ৰান্তে প্ৰান্তে কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰে লক্ষ্যৰে আয়োজন কৰা হৈছে এই সজাগতা সভা। ডিব্ৰুগড় জিলা কৃষি বিভাগৰ সহযোগত আৰু “Future Generali India Insurance Company Limited ” ৰ উদ্যোগত আয়োজন কৰা হৈছে এই সজাগতা সভাসমূহ। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY) আঁচনিৰ অধীনত ২০২২-২৩ বৰ্ষৰ ৰবিশস্যৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা হৈছে এই সভাসমূহ। কৃষকসকলে ফচল বীমা আঁচনিৰ অধীনত কিদৰে শস্যডৰা প্ৰাকৃতিক বা অন্যান্য কাৰণ নষ্ট হ’লে কি দৰে লাভ কৰিব ক্ষতিপূৰণ-এই দিশবৰোৰ প্ৰতি লক্ষ্য ৰাখি আয়োজিত হৈছে এই সজাগতা সভাসমূহ। শস্যৰ বীমা কিদৰে কৰিব! কোনবোৰ কাৰকৰ বাবে এগৰাকী কৃষকে শস্য নষ্ট হ’লে লাভ কৰিব বীমা ধন এই সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ প্ৰান্তে প্ৰান্তে কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে সভাসমূহ আয়োজন কৰিছে জিলাখনৰ কৃষি বিভাগে।

ডিব্ৰুগড়ত ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত সজাগতা সভা
ডিব্ৰুগড়ত ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত সজাগতা সভা

পিছে কি এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা!

এই যোজনাৰ অধীনত কৃষকসকলে কৰা খেতিডৰা বীমা কৰিব লাগিব। কৃষক জনৰ খেতিডৰাত খৰচ হোৱা এটা সামান্য অংশৰে খেতিডৰাৰ বাবে এটা বীমা পলিচি খুলিব লাগে। বীমা পলিচি কৰাৰ ফলত খেতিডৰা কোনো প্ৰাকৃতিক কাৰণত বা পোক-পৰুৱাৰ আক্ৰমণত নষ্ট হ’লে কৃষকজনে খেতিডৰাত খৰচ কৰা শতাংশ পইচা কৃষকগৰাকীয়ে ফচল বীমা আঁচনিৰ অধীনত লাভ কৰিব। কথাটো থিক মানুহৰ লাইফ ইঞ্চুৰেঞ্চ কৰাৰ দৰে।

লগতে পঢ়ক-

কৃষি বিভাগৰ বীজ লাভ কৰা কৃষকে খেতি নকৰিলে ৰুজু হ'ব গোচৰঃ ৰণজিৎ দাস

 

এই আঁচনিৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ-

  • যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কোনো শস্যৰ অনিষ্ট হ’লে সংশ্লিষ্ট কৃষকক আৰ্থিক সকাহ তথা উপযুক্ত ক্ষতিপূৰণ এই বীমাই ইয়াৰ ক্ষতিপূৰণ প্ৰদান কৰিব।
  • বানপানী, খৰাং বা কোনো প্ৰাকৃতিক দুৰ্যোগত কৃষি বিনষ্ট হোৱাৰ লগে লগে সংশ্লিষ্ট বীমা কোম্পানীয়ে ক্ষতিপূৰণৰ সমুদায় ধন আদায় দিয়ে কৃষকসকলক। অৰ্থাৎ এনে বীমা কৰিলে প্ৰাকৃতিক দুৰ্যোগে খেতি বিনষ্ট কৰিলেও কোনো লোকচানৰ সন্মুখীন হ’বলগীয়া নহয় কৃষকসকল।
  • শস্য কঁটাৰ ১৪ দিনলৈ যদি শস্য পথাৰত থাকে আৰু সেই সময়তে কিবা প্ৰাকৃতিক দুৰ্যোগৰ ফলত কৃষকসকল কোনো অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰে তেতিয়াও কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।
  • এই বীমাত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। য’ত শস্য কটা আৰু লোকচানৰ সমস্যা সমাধান সোনকালেই হয় আৰু কৃষকসকলে ক্ষতিপূৰণো সময়মতে লাভ কৰে।

উল্লেখ্য যে ৰৱিশস্যৰ বাবে নহ’লেও অসমত বাৰিষা কালৰ খেতিসমূহত এই আঁচনিৰ প্ৰাসংগিকতা অতি গুৰুত্বপূৰ্ণ। কাৰণ অসমত দেখিবলৈ পোৱা যায় অসমৰ কৃষকসকলে ধাৰ, ঋণ কৰি, টেক্টৰ লগাই খেতি কৰে। ধান লহপহকৈ বাঢ়ি আহিবলৈ ধৰে কিন্তু বানপানীয়ে এদিনতে এই সকলোবোৰ শ্ৰম পণ্ড কৰি গুচি যায়। ফলত বছৰটোৰ বাবে কৃষকজনৰ কঁকাল ভাঙি যায়। বানাক্ৰান্ত দুই-এজন কৃষকে হেজাৰবাৰ অফিচ-কাছাৰিলৈ তাঁত বাতি কৰি কেতিয়াবা ক্ষতিপূৰণ পায়, অধিকাংশই নাপায়। কিন্তু কৃষকগৰাকীয়ে যদি প্ৰধানমন্ত্ৰী শস্য বীমা অধিনত খেতিডৰা শস্য বীমা কৰি থয় তেতিয়া শস্যডৰা কোনো প্ৰাকৃতিক কাৰণত নষ্ট হয় বা শস্যৰ উতপাদন ভাল নহয় তেতিয়া ইয়াৰ বিনিময়ত ক্ষতিপূৰণ লাভ কৰাটো খাটাং। গতিকে বানপ্ৰৱণ অঞ্চলৰ কৃষকসকলে খেতিডৰা আৰম্ভ কৰাৰ আগতে শস্য বীমা কৰোৱাতো বৰ্তমান সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। লগতে যিসকল কৃষকে পৰীক্ষামূলকভাৱে কোনো খেতি কৰিব বিচাৰে তেওঁলোকেও এই শস্য বীমা কৰোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ কিবা কাৰণত যদি শস্যডৰা নষ্ট হৈ যায় তেতিয়া কৃষকজন বৃহত লোকচানৰ সন্মুখীন হ’ব। কিন্তু কৃষকগৰাকীয়ে যদি শস্যডৰা বীমা কৰি থয় তেতিয়া তেওঁৰ লোকচানৰ পৰিমাণ কম হ’ব। কাৰণ তেওঁ শস্য বীমাৰ অধীনত ক্ষতিপূৰণ লাভ কৰিব।

লগতে পঢ়ক- 

২০০ টকা জমা কৰি কৃষকে ৩,০০০ টকা পেঞ্চন পাবলৈ আজিয়েই আবেদন কৰক

English Summary: What is a crop insurance scheme? How this scheme helps farmers

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.