1. Government Schemes

ডাকঘৰৰ MIS আঁচনি কি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
monthly income scheme
monthly income scheme

ধন জমা কৰাৰ বাবে আটাইতকৈ নিৰাপদ, ভাল সুতৰ কথা আহিলেই ডাকঘৰৰ কথা আহে। শেহতীয়াকৈ এই ডাকঘৰেই ক্ষুদ্ৰ সঞ্চয় আঁচনি (এম আই এছ) নামৰ এখন আঁচনি মুকলি কৰিছে। এই আঁচনিখনত আপুনি এবাৰ টকা জমা কৰিব পাৰিব। এই জমাধনৰ পৰা আপুনি মাহিলী পেঞ্চন হিচাপে ৬.৬ শতাংশ হাৰত সুত লাভ কৰিব। পৰৱৰ্তী সময়ত এই জমা কৰা ধনৰাশি নিৰ্দিষ্ট সময়ত ডাকঘৰৰ পৰা আপুনি সংগ্ৰহ কৰিব পাৰিব।

এই আঁচনিৰ অধীনত এজন ব্যক্তিয়ে এটা একাউণ্টত সৰ্বাধিক ৪.৫ লাখ টকা বিনিয়োগ কৰিব পাৰিব। যৌথ একাউণ্টৰ বাবে সৰ্বাধিক ৯ লাখ টকা। এম আই এছ আঁচনিৰ সময়সীমা ৫ বছৰ। যিকোনো ব্যক্তিয়ে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। যদি আপুনি যৌথভাৱে ল’ব বিচাৰে তেন্তে সৰ্বাধিক ৩ জন লোকে একেলগে আঁচনিৰ একাউণ্ট খুলিব পাৰিব। এজন অভিভাৱকে নিজৰ নাবালক সন্তানৰ বাবে বা মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবে এই আঁচনি ল’ব পাৰে। ১০ বছৰৰ ওপৰৰ যিকোনো শিশুৱে নিজৰ নামত এম আই এছ আঁচনিৰ অধীনত ধন জমা কৰিব পাৰিব।

লগতে পঢ়ক-APL / BPL ৰেচন কাৰ্ড হোল্ডাৰসকলৰ বাবে সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি

যদি কোনো ব্যক্তিয়ে এম আই এছ একাউণ্টত এটা সময়ত ৫০ হাজাৰ টকা জমা কৰে, তেন্তে তেওঁ প্ৰতিমাহে ২৭৫ টকা সুতৰ হাৰত এবছৰত ৩৩০০ টকা পাব। ৫ বছৰত আয়ৰ পৰিমাণ হ’ব ১৬,৫০০ টকা। এবাৰতে যদি এক লাখ টকা একাউন্টত জমা হয়, তেন্তে প্ৰতিমাহে সুত হ’ব ৫৫০ টকা। এবছৰত এই উপাৰ্জন হ’ব ৬৬০০ টকা আৰু ৫ বছৰত আপুনি পাব ৩৩,০০০ টকা।

প্ৰতিমাহে এম আই এছ একাউণ্টত সুতৰ ধন যোগ কৰা হয়। একাউণ্ট খোলাৰ তাৰিখৰ পৰা এমাহ সম্পূৰ্ণ হ’লে সুত জমা হয়। এই একাউণ্টত থকা টকাখিনি প্ৰতিমাহে ল’ব লাগিব কাৰণ লোৱা নহ’লে সুতৰ ধনৰ সুত নাপাব। এই ধন ল’বলৈ হ’লে এম আই এছ একাউণ্টটো ডাকঘৰৰ চেভিংছ একাউণ্ট বা বেংক একাউণ্টৰ সৈতে লিংক কৰিব লাগিব। এম আই এছৰ সুত আৰু নগদ ধনৰ ৰূপত আদায় নিদিয়ে ডাকঘৰে। এম আই এছ একাউণ্টটো বেংক একাউণ্ট বা ডাকঘৰৰ সঞ্চয় একাউণ্টৰ সৈতে সংযোগ কৰিলে সুতৰ ধন একেটালৈ স্থানান্তৰ কৰা হ’ব।

লগতে পঢ়ক- 

শীঘ্ৰেই লাভ কৰিব পি-এম কিষাণ আচঁনিৰ দ্বাদশ কিস্তিৰ ধন?

English Summary: monthly income scheme

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.