1. কৃষি সঁজুলি

কৃষি যন্ত্ৰ আৰু সঁজুলি ক্ৰয়ৰ বাবে কৃষকসকলক 50% লৈকে ৰাজসাহায্য

KJ Staff
KJ Staff
Agricultural Mechanization
Agricultural Mechanization

উৎপাদন বৃদ্ধিৰ বাবে কৃষিখণ্ড আধুনিকীকৰণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে চৰকাৰে । কৃষি আধুনীকিকৰণৰ ওপৰত বাখ্যা কৰিবলৈ গৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কয়, কৃষিখণ্ড আধুনিক যন্ত্ৰ আৰু সঁজুলি ব্যৱহাৰ কৰাতো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আৰ্থ-সামাজিক পৰিস্থিতি, ভৌগোলিক পৰিস্থিতি, জলসিঞ্চনৰ সুবিধা, শস্য উৎপাদন আদিৰ ওপৰত।

অৱশ্যে, কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত কৃষিখণ্ডত আধুনিক প্ৰযুক্তি প্ৰৱৰ্তন কৰিবৰ বাবে বিভিন্ন সময়ত আঁচনি গ্ৰহণ কৰি আহিছে । ইয়াৰ লক্ষ্য হৈছে কৃষক সকলৰ উৎপাদন লাভজনক কৰা । ইতিমধ্যে এই আঁচনিসমূহৰ জৰিয়তে ৰাজ্য চৰকাৰ সমূহক সমৰ্থন আৰু সুবিধা প্ৰদান কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে ।

দেশত কৃষি যান্ত্ৰিককৰণৰ প্ৰচাৰৰ বাবে, ৰাজ্য চৰকাৰৰ দ্বাৰা  ২০১৪-১৫ বৰ্ষৰ পৰা 'কৃষি যান্ত্ৰিককৰণৰ উপ-মিছন' (SMAM) হিচাপে জনাজাত এক কেন্দ্ৰীয় আঁচনি ৰূপায়ণ কৰা হৈছে । যাৰ মুখ্য উদ্দেশ্য হৈছে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক সকলৰ মাজলৈকে কৃষি যান্ত্ৰিককৰণৰ প্ৰসাৰ কৰা ।

এই আঁচনিৰ অধীনত কৃষকসকলৰ বাবে যন্ত্ৰ আৰু সঁজুলি ক্ৰয়ৰ বাবে ব্যয়ৰ ৪০ শতাংশৰ পৰা৫০ শতাংশলৈ এক বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে । তদুপৰি, কাষ্টম হায়াৰিং চেণ্টাৰ আৰু হাই-টেক হাব স্থাপনৰ বাবে  ৪০ শতাংশ বিত্তীয় সাহায্য প্ৰদান কৰা হয় ।

ইয়াৰ উপৰিও, 10 লাখ টকালৈকে ব্যয়ৰ প্ৰকল্পৰ বাবে প্ৰকল্পব্যয়ৰ 80 শতাংশ বিত্তীয় সাহায্য সমবায় সমিতি, পঞ্জীভুক্ত কৃষক সমিতি, এফপিঅ' আৰু পঞ্চায়তসমূহক গাওঁ পৰ্যায়ৰ কৃষি যন্ত্ৰ বেংক (এফএমবি) স্থাপনৰ বাবে প্ৰদান কৰা হয় । এফএমবি(village-level Farm Machinery Banks)স্থাপনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বিত্তীয় সাহায্যৰ হাৰ হৈছে 10 লাখ টকালৈকে ব্যয় হোৱা প্ৰকল্পৰ বাবে প্ৰকল্প ব্যয়ৰ 95 শতাংশ ।

লগতে পঢ়কঃ ২০২১-২২ বিত্তীয় বৰ্ষত সৰ্বাধিক ৭০.৩০ লাখ টন ঘেঁহুৰ ৰপ্তানি ভাৰতৰ

English Summary: Government is Offering upto 50% Subsidy to Farmers

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.