1. শিক্ষা

বেংকত বৃহৎ নিযুক্তি, IBPSয়ে মুকলি কৰিলে পাঁচহাজাৰত কৈ অধিক পদ

KJ Staff
KJ Staff
IBPS clerk recruitment, 2021
IBPS clerk recruitment, 2021

IBPS ক্লাৰ্ক নিযুক্তি 2021 অধিসূচনা: ইনষ্টিটিউট অফ বেঙ্কিং পাৰ্চনেল (IBPS) ক্লাৰিকেল কেডাৰৰ পদসমূহৰ বাবে এক জাননী প্ৰকাশ কৰিছে। আই.বি.পি.এছ. ক্লাৰ্ক পঞ্জীয়ন 12 জুলাইত আৰম্ভ হব আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 01 আগষ্ট 2021.

আই.বি.পি.এছ. ক্লাৰ্ক নিযুক্তি 2021 আবেদন কৰাৰ বাবে, প্ৰাৰ্থীসকলৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। আবেদন কৰা প্ৰাৰ্থীসকলে মন কৰিব লাগে যে আই.বি.পি.এছ. ক্লাৰ্ক বাছনি চি.আৰ.পি. অনলাইন পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব অৰ্থাৎ প্ৰথম পৰ্যায় - কম্পিউটাৰ আধাৰিত প্ৰাথমিক পৰীক্ষা (Preliminary) (100 নম্বৰ) আৰু পৰ্যায় – 2 কম্পিউটাৰ আধাৰিত মুখ্য পৰীক্ষা (Mains) (200 নম্বৰ)।

প্রাৰম্ভিক পৰীক্ষা ২৮ আগষ্টৰ পৰা ০৪ ছেপ্টেম্বৰ ২০২১ লৈ অনুষ্ঠিত হ'ব।

পদৰ সংখ্যা - 5830

আই.বি.পি.এছ. ক্লাৰ্কৰ শিক্ষাগত অৰ্হতা

চৰকাৰৰ দ্বাৰা স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত ডিগ্ৰী (স্নাতক)। ভাৰতৰ বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃত যিকোনো সমতুল্য অৰ্হতা। প্ৰাৰ্থীজনৰ ওচৰত বৈধ মাৰ্ক-শ্বীট / ডিগ্ৰী প্ৰমাণপত্ৰ থাকিব লাগিব যিদিনা তেওঁ পঞ্জীয়ন কৰে আৰু অনলাইন পঞ্জীয়ন কৰোঁতে স্নাতকত লাভ কৰা নম্বৰৰ শতাংশ দাখিল কৰিব লাগিব। 

কম্পিউটাৰ সাক্ষৰতা: কম্পিউটাৰ প্ৰণালীত সঞ্চালন আৰু কামকৰা জ্ঞান বাধ্যতামূলক অৰ্থাৎ প্ৰাৰ্থীসকলৰ কম্পিউটাৰ অপাৰেচনত প্ৰমাণপত্ৰ/ডিপ্লোমা/ডিগ্ৰী মহাবিদ্যালয় বা অন্য প্ৰতিষ্ঠানৰ পৰা লাভ কৰিব লাগিব।

আই.বি.পি.এছ. ক্লাৰ্কৰ বয়সৰ সীমা: 20 ৰ পৰা 28 বছৰ

আই.বি.পি.এছ. ক্লাৰ্ক 2021-ৰ বাবে বাছনি প্ৰক্ৰিয়া-

প্ৰাৰম্ভিক পৰীক্ষা : 100 নম্বৰৰ

মুখ্য পৰীক্ষা : 200 নম্বৰৰ

   মনত ৰাখিব প্রার্থীয়েকেৱল মুখ্য পৰীক্ষা (Mains)ত লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰিহে বাছনি কৰা হব। প্ৰাৰম্ভিক পৰীক্ষা কেৱল মুখ্য পৰীক্ষাত বহিব পৰাকৈ যোগ্যতা অর্জন কৰিলে হব।

আই.বি.পি.এছ. ক্লাৰ্ক 2021 মাচুল:

অনুসূচীত জাতি/জনজাতি/PWD/EXSM প্ৰাৰ্থী - 175/- টকা

Others - 850/- টকা

Direct link to apply online

English Summary: IBPS clerk recruitment 2021 vacancy 5830

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.