1. শিক্ষা

পুনৰ অনুষ্ঠিত হব টেট পৰীক্ষা, অধিক জানিবলৈ সম্পূর্ণকৈ পঢ়ক

KJ Staff
KJ Staff
Assam TET Examination, 2021
Assam TET Examination, 2021

অসম চৰকাৰৰ শিক্ষা বিভাগে যোগ্য প্ৰাৰ্থীসকলৰ বাবে অসম টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। শিক্ষক হিচাপে কাম কৰিবলৈ যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। অসম টেট পৰীক্ষা, 2021 নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক দুয়োটাৰ বাবে অনুষ্ঠিত হ'বl 

অসম টেট পৰীক্ষাৰ বিৱৰণ -

পৰীক্ষাৰ নাম: অসম শিক্ষকৰ যোগ্যতা পৰীক্ষা (TET 2021)

বিভাগৰ নাম: শিক্ষা বিভাগ, অসম চৰকাৰ

পৰীক্ষাৰ প্ৰকাৰ: লিখিত পৰীক্ষা (OMR)

পৰীক্ষাৰ তাৰিখ: 24 অক্টোবৰ 2021

পৰীক্ষাৰ সময়: প্ৰতিখন কাকতৰ বাবে 2 ঘণ্টা 30 মিনিট।

কাগজৰ সংখ্যা: দুখন কাকত।

পেপাৰ-1: নিম্ন প্ৰাথমিক (LP)

পেপাৰ-2: উচ্চ প্ৰাথমিক (UP)

প্ৰশ্নৰ সংখ্যা: প্ৰতিখন কাকতৰ বাবে 150 টা MCQ প্রশ্ন।

ঋণাত্মক মুল্যায়ন: অসম টেট পৰীক্ষা, 2021-ত ভূল উত্তৰৰ বাবে কোনো ঋণাত্মক মুল্যায়ন নাই।

পৰীক্ষাৰ মাধ্যম: অসম, বঙালী, বড়ো, হিন্দী আৰু ইংৰাজী

TET উত্তীর্ণ প্ৰমাণপত্ৰৰ বৈধতা: এই টেট পৰীক্ষাৰ প্ৰমাণপত্ৰ জীৱনজোৰা বাবে বৈধ হ'ব।

অসম টেট পৰীক্ষাৰ যোগ্যতাৰ চৰ্ত -

বাসিন্দা: প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব।

শিক্ষাগত অৰ্হতা: 

নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক অসম টেট পৰীক্ষাৰ বাবে শিক্ষাগত অৰ্হতাৰ চৰ্ত পৃথক ৷

নিম্ন প্ৰাথমিক (LP) (প্ৰথমৰ পৰা পঞ্চম শ্ৰেণী)

চৰ্ত 1: অসম টেট পৰীক্ষাৰ বাবে যোগ্য হ'বলৈ প্ৰাৰ্থীসকলে তলত তালিকাভুক্ত যিকোনো এটা যোগ্যতাৰ চৰ্ত পূৰণ কৰিব লাগিব।

  • কমেও 50% নম্বৰৰ সৈতে উচ্চতৰ মাধ্যমিক বা ইয়াৰ সমতুল্য) আৰু প্ৰাথমিক শিক্ষাত 2 বছৰীয়া ডিপ্লোমা (D.EL. Ed)
  • কমেও 50% নম্বৰৰ সৈতে উচ্চতৰ মাধ্যমিক বা ইয়াৰ সমতুল্য) আৰু 4 বছৰীয়া প্ৰাথমিক শিক্ষাৰ স্নাতক (B. El. Ed)।
  • কমেও 50% নম্বৰৰ সৈতে উচ্চতৰ মাধ্যমিক বা ইয়াৰ সমতুল্য) আৰু শিক্ষাত 2 বছৰীয়া ডিপ্লোমা (বিশেষ শিক্ষা)।
  • স্নাতক আৰু প্রাথমিক শিক্ষাত দুবছৰীয়া ডিপ্লোমা (D. El. Ed)।
  • কমেও 50% নম্বৰৰ সৈতে স্নাতক আৰু যিকোনো NCTE স্বীকৃত প্ৰতিষ্ঠানৰ পৰা শিক্ষাত স্নাতক (B. Ed)  

উচ্চ প্ৰাথমিক TET (ষষ্ঠৰ পৰা অষ্টম শ্ৰেণী)

চৰ্ত 1: অসম টেট পৰীক্ষাৰ বাবে যোগ্য হ'বলৈ প্ৰাৰ্থীসকলে তলত তালিকাভুক্ত যিকোনো এটা যোগ্যতাৰ চৰ্ত পূৰণ কৰিব লাগিব।

  • স্নাতক আৰু প্রাথমিক শিক্ষাত দুবছৰীয়া ডিপ্লোমা (D. El. Ed)।
  • স্নাতক বা স্নাতকোত্তৰত কমেও 50% নম্বৰ লগতে আৰু বি. এড. ডিগ্রী ৷
  • কমেও 50% নম্বৰৰ সৈতে উচ্চতৰ মাধ্যমিক বা ইয়াৰ সমতুল্য) আৰু 4 বছৰীয়া প্ৰাথমিক শিক্ষাৰ স্নাতক (B. El. Ed)।
  • কমেও 50% নম্বৰৰ সৈতে উচ্চতৰ মাধ্যমিক বা ইয়াৰ সমতুল্য) আৰু 4 বছৰীয়া B.A./B. Sc. Ed. Or B.A. Ed/B. Sc. Ed.
  • কমেও 50% নম্বৰৰ সৈতে স্নাতক আৰু 1 বছৰীয়া বি. এড. (বিশেষ শিক্ষা)

আবেদন মাচুল:

আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰাৰ্থীসকলে তলত উল্লেখ কৰা পৰিমাণটো আবেদন মাচুল হিচাপে পৰিশোধ কৰিব লাগিব। অনলাইন পেমেণ্ট যেনে- তেওঁলোকৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেঙ্কিং, ইউপিআই আদিৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব।

পেপাৰ 1: প্রথম কাকত (LP) পৰীক্ষাৰ বাবে আবেদন মাচুল নিম্নলিখিত ধৰণৰ হ'ব।

সাধাৰণ: 325/- টকা

অনুসূচীত জাতি/ অনুসূচীত জনজাতি(P)/ এছটি(H)/ অ'বিচি/এম.ও.বি.চি./ পি.ডব্লিউ.ডি.(PH): 300/- টকা

পেপাৰ 2: দ্বিতীয় কাকত (UP) পৰীক্ষাৰ বাবে আবেদন মাচুল নিম্নলিখিত ধৰণৰ হ'ব।

সাধাৰণ: 325/- টকা

অনুসূচীত জাতি/ অনুসূচীত জনজাতি(P)/ এছটি(H)/ অ'বিচি/এম.ও.বি.চি./ পি.ডব্লিউ.ডি.(PH): 300/- টকা

কেনেকৈ আবেদন কৰিব -

  • প্রথমে অনলাইন এপ্লিকেচন লিংকত ক্লিক কৰক।
  • পঞ্জীয়ন কৰি লগইন কৰক আৰু পৰৱৰ্তী সকলো পদক্ষেপ সম্পূৰ্ণ কৰক।
  • উল্লিখিত ফৰ্মেটত প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰক।
  • আৱেদন মাচুল পৰিশোধ কৰক।
  • সকলো পদক্ষেপৰ পিছত, আৱেদন দাখিল কৰক আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে স্বীকৃতি প্ৰতিলিপিটো প্রিন্ট আউট কৰিব।

অসম টেট পৰীক্ষা 2021 ৰ গুৰুত্বপূৰ্ণ তাৰিখ:

অনলাইন আবেদনৰ আৰম্ভণি তাৰিখ: 15 ছেপ্টেম্বৰ 2021

অনলাইন আবেদনৰ অন্তিম তাৰিখ: 25 ছেপ্টেম্বৰ 2021

অসম টেট পৰীক্ষাৰ তাৰিখ: 24 অক্টোবৰ 2021

Download TET Syllabus LP | UP

English Summary: Assam tet exam 2021 details inside

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.