1. শিক্ষা

Gaonburha Recruitment- শিৱসাগৰ জিলাত গাঁওবুঢ়া নিযুক্তি, ৩০ জুলাইৰ আগতে আবেদন কৰক

KJ Staff
KJ Staff
Assam Govt. Recruitment in Panchayat Level
Assam Govt. Recruitment in Panchayat Level

শিৱসাগৰ জিলাৰ তলত উল্লেখ কৰা ৰাজহ চক্ৰসমূহৰ অন্তৰ্গত গাঁও অথবা গাঁওসমূহত খালী হৈ থকা চৰকাৰী গাঁওবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড IXত প্রকাশিত প্ৰ-পত্ৰত (Standard form of Application) আবেদন কৰিব লাগিব। আবেদনকাৰীয়ে কোনখন গাঁওৰ গাঁওবুঢ়া পদৰ বাবে আবেদন কৰিছে, সেই গাঁওগাঁওসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰীৰ ভ্ৰাম্যভাষ নম্বৰ (ম’বাইল নম্বৰ) স্পষ্টকৈ আবেদনত সন্নিৱিষ্ট কৰাটো বাধ্যতামূলক।

খালী পদৰ বিৱৰণ:

  ৰাজহ চক্র        মৌজা          গাঁও/গাঁওসমূহৰ নাম

১. শিৱসাগৰ      বেতবাৰী       তামুলীপুখুৰী গাঁও

২. শিৱসাগৰ      বেতবাৰী       ২ নং কেঁৱৰ গাঁও

৩. শিৱসাগৰ      জকাইচুক     দিচিয়াল গাঁও

৪. আমগুৰি       শলগুৰি       শেনছােৱা নামদংগীয়া গাঁও

৫. নাজিৰা         নাজিৰা         লিকন গাঁও

আবেদনকাৰীৰ তলত উল্লেখ কৰা অহর্তাসমূহ থাকিব লাগিব।

১। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তি পাবৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁওসমূহৰ ভিতৰৰ এখনৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

২। আবেদনকাৰীৰ বয়স ন্যূনতম ২৫ (পঁচিশ) বছৰ হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা ন্যূনতম দশম শ্রেণী উত্তীর্ণ হ'ব লাগিব।

৩। আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ’ব লাগিব।

৪। আবেদনকাৰী আর্থিকভাৱে দেৱলীয়া আৰু কোনাে চৰকাৰী ধনৰ দেনাদাৰ হ’ব নালাগিব।

৫। আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ’ব নালাগিব।

৬। আবেদনকাৰীৰ নিজৰ নামত সংশ্লিষ্ট গাঁৱত স্থাৱৰ সম্পত্তি থাকিব লাগিব।

৭। আবেদনকাৰী কোনাে ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব।

৮। আবেদনকাৰী সমাজৰ এজন উচ্চ মর্যাদাসম্পন্ন তথা সন্মানীয় আসন থকা ব্যক্তি হােৱাটো বাঞ্ছনীয়।

৯। আবেদনকাৰী প্ৰাকৃতিক দুর্যোগ বা অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশগ্রহণকাৰী তথা চৰকাৰক সহযােগ কৰা ব্যক্তি হােৱাটো বাঞ্ছনীয়।

১০। আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান থাকিব নালাগিব।

আবেদনৰ লগত তলত উল্লেখ কৰা প্রমাণপত্রসমূহ দাখিল কৰাটো বাধ্যতামূলক :

১। স্থায়ী বাসিন্দাৰ প্রমাণপত্র ।

২। বয়স আৰু শিক্ষাগত অহাৰ প্ৰমাণপত্র। (অসম চৰকাৰৰ স্বীকৃতিপ্রাপ্ত ব’র্ড/অনুষ্ঠানৰ প্রমাণপত্র সংলগ্ন

কৰিব)

৩। বাকীজাঁই দেনামুক্ত প্রমাণপত্র।

৪। আবেদনকাৰীৰ ক্ষেত্ৰত মৌজাদাৰৰ মতামত সম্বন্ধীয় প্রমাণপত্র।

৫। স্থাৱৰ সম্পত্তিৰ প্রমাণপত্র। (কম্পিউটাৰাইজ শেহতীয়া জমাবন্দী, মাটি থকাৰ প্রমাণপত্র, শেহতীয়া

খাজনা আদায়ৰ ৰচিদ ইত্যাদি)।

৬। আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান নাই বুলি স্পষ্টকৈ উল্লেখ কৰি এখন শপতনামা দাখিল কৰিব লাগিব।

লগতে আবেদনকাৰীয়ে দাখিল কৰা প্রমাণপত্রসমূহ যদি ভুৱা বুলি প্রমাণিত হয়, তেন্তে তেখেতৰ প্রার্থিত্ব তাৎক্ষণিকভাৱে নাকচ কৰাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আবেদনৰ শেষ তাৰিখ (Last Date of Application)

 আবেদন পত্ৰ শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত ইংৰাজী ৩০/০৭/২০২১ তাৰিখৰ ভিতৰত দাখিল কৰিব লাগিব।

English Summary: Village head recruitment in Sivsagar district 2021

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.