1. পশুপালন

মাছৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়!

KJ Staff
KJ Staff
Various Diseases of fish and its Remedies
Various Diseases of fish and its Remedies

মাছ এবিধ শীতলৰক্তী মেৰুদণ্ডী প্রাণী। যিয়ে ফুলৰ দ্বাৰা উশাহ-নিশাহ লয়। জলক্লোম বা ফুলেৰে উশাহ নিশাহ লওঁতে দূষিত পানীৰ দ্বাৰা ই সহজে আক্রান্ত হ'ব পাৰে। মাছৰ বেমাৰ লক্ষণ অনুযায়ী বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে—

  • পৰিৱেশজনিত বেমাৰ

  • সংক্রমণজনিত বেমাৰ

  • পুষ্টিজনিত বেমাৰ

  • পুখুৰীৰ দুৰ্বল প্ৰস্তুতকৰণ আৰু ব্যৱস্থাপনাৰ বাবে হোৱা বেমাৰ

  • ই ইউ এছ বেমাৰ

পৰিৱেশজনিত বেমাৰ:

পুখুৰীৰ পানীৰ পৰিৱেশ নষ্ট হলে এই বেমাৰ হয়। উদাহৰণস্বৰূপে পানীত থকা দ্ৰৱীভূত অম্লজান বেছি হ'লে ছালৰ তলত গেছৰ বুদবুদ হয়। এই বেমাৰ সাধাৰণতে ভ্রূণ পোনাৰ ক্ষেত্ৰতহে হয়। আনহাতে পানীৰ অম্লজান কমি গ'লে মাছৰ জলক্লোম শেঁতা পৰে আৰু মাছবোৰ ওপৰলৈ উঠি কাপ কাপ কৰে। তেনে অৱস্থাত পানীত নামি বাঁহেৰে পানীখিনি কোবাই দিব লাগে, তেনে কৰিলে বায়ুমণ্ডলৰ অম্লজান পানীত মিহলি হৈ পানীত অম্লজানৰ পৰিমাণ বঢ়ায়। Aerator ব্যৱহাৰ কৰি অম্লজানৰ পৰিমাণ বঢ়াব পাৰি।

টান জালেৰে পুখুৰীটোৰ পানী তল-ওপৰ কৰি দিব লাগে। পুখুৰীৰ পানীত পি এইচৰ মান কমি গ'লেও পৰিৱেশজনিত ৰোগ হয়। শেলাইৰ আৱৰণ হ'লেও পুখুৰীৰ মাছ শ্বাসৰুদ্ধ বেমাৰত ভুগিব পাৰে। এইক্ষেত্ৰত ছিলভাৰ কাৰ্প মাছ ৫০০টা ৫০০ গ্রাম ওজনৰ প্ৰতি হেক্টৰ পানীকালিত এৰিলে সুফল পোৱা যায়। ইয়াৰ উপৰি পানীৰ গভীৰতা, উষ্ণতা, অবিলতা আদিৰ কাৰণেও পৰিৱেশজনিত ৰোগ হ'ব পাৰে।

সংক্রমিত বেমাৰ:

কেতিয়াবা কিছুমান মাছ ক্ষুদ্রাতিতম অনিষ্টকাৰী জীৱাণুৰ দ্বাৰা আক্ৰান্ত হয় আৰু তেতিয়াও সিহঁতৰ বেমাৰ হয়। উদাহৰণস্বৰূপে—

  • বেক্টেৰিয়া: বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ মাছৰ ড্রপছী, ছেপ্‌টিচেমিয়া নামৰ বেমাৰ হয়। এই বেমাৰ হ'লে পটাছিয়াম পাৰমাংগানেট ১পি পি এম পানীত প্রয়োগ কৰিব লাগে।

কেতিয়াবা মাছৰ পাখি আৰু ফিছা পচা বেমাৰ হোৱা দেখা যায়। এই বেমাৰৰ ফলত পাখিত বগা আঁচ পৰে আৰু পাখি আৰু ফিছা ছিঙি পৰে। এই বেমাৰৰ প্ৰতিকাৰ হিচাপে ১:২০০০ কপাৰ ছালফেট দ্রৱত ১ৰ পৰা ২ মিনিট সময় মাছটো ৰাখি আকৌ পুখুৰীত মেলিব লাগে।

  • ভেঁকুৰ: ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হৈ মাছৰ কেতবোৰ বেমাৰ হয়। এই বেমাৰত মাছৰ দেহ মটীয়া জান ৰঙৰ হয় আৰু কপাহৰ দৰে থোপা বান্ধে। এই লক্ষণত 1 ppm malachite green প্রয়োগ কৰা হয়। নীত Branchiomycesis বেমাৰত জলক্লোম পচে আৰু শুনে মুগা পৰে। এই বেমাৰত ০.১ পি পি এম কপাৰ ছালফেট প্রয়োগ কৰা হয়৷

  • আদ্যপ্ৰাণীৰ দ্বাৰাঃ চকুৰে মনিব নোৱাৰা এককোষী জীৱাণু কিছুমানৰ দ্বাৰা আক্ৰান্ত হৈ কেতিয়াবা মাছৰ বেমাৰ হয়। উদাহৰণস্বৰূপে Costiasis বেমাৰ, Costia নামৰ আদ্যপ্ৰাণীৰ দ্বাৰা আক্ৰান্ত হৈ হয়। এই বেমাৰৰ লক্ষণ হ'ল জলক্লোম মুগা পৰে আৰু ছালত ৰঙা দাগ হয়। তেতিয়া এনে মাছ ৩% নিমখৰ দ্রৱণত ১৫ মিনিটমান থৈ আকৌ পানীত মেলি দিলে উপশম হয়।

  • কৃমিৰ দ্বাৰা: কৃমিৰ দ্বাৰা আক্ৰান্ত হৈ মাছৰ বেমাৰ হয়। বিশেষকৈ Gyrodactylus আৰু মাছ Dactylogyrus নামৰ কৃমিৰ দ্বাৰা মাছৰ ক্ৰমে Gyrodactylosis আৰু Dactylogyrosis নামৰ বেমাৰ হয়। Gyrodactylosis বেমাৰত মাছৰ শ্লেষ্মা বেছি হয়, বাকলি সৰে আৰু গাত ঘা হয়। এনেকুৱা লক্ষণ দেখিলে ৫-১০ পি পি এম পটাছিয়াম পাৰমাংগানেটৰ প্ৰৱণত ১ৰ পৰা ২ ঘণ্টা ৰাখি আকৌ মেলি দিব লাগে।

দ্বিতীয় প্ৰকাৰৰ বেমাৰত মাছৰ জলক্লোম উখহে, ৰঙা পৰে আৰু তেজ ওলায়। এনেকুৱা হ'লে সেই মাছৰ ২০০-২৫০ পি পি এম ফৰ্মেল ডিহাইডৰ প্ৰৱত ৩ৰ পৰা ৫ মিনিট সময় ৰাখি আকৌ পুখুৰীত মেলি দিব লাগে।

  • সন্ধিপদী প্ৰাণীৰ দ্বাৰা: Argulus নামৰ প্ৰাণীৰ দ্বাৰা আক্ৰান্ত হৈ Argulosis বেমাৰ হয়। গাত ৰঙা দাগ আৰু ফোঁহা হয় আৰু Argulus নামৰ ওকণি পোৱা যায়। এই বেমাৰৰ প্ৰতিষেধক হিচাপে ক্লিনাৰ ৩০ মিঃ লিঃ 'প্রতিবিঘাৰ পুখুৰীত বোকাৰ লগত মিহলি কৰি ঠায়ে ঠায়ে লাডু কৰি দিব লাগে। পুখুৰীত ঠায়ে ঠায়ে ডাল থকা বাঁহৰ আগ পুতি দিব লাগে।

  • বলয়দেহী প্ৰোণীৰ দ্বাৰা: এই বেমাৰত Piscicola নামৰ এবিধ প্ৰাণীৰ দ্বাৰা আক্রান্ত হয়। এই বেমাৰত মাছৰ দেহ ৰক্তহীন আৰু অস্থিৰ হয়। দেহত জোক হয়। এই বেমাৰ নিবাৰণৰ বাবে আক্রান্ত মাছটো শতকৰা ২ ভাগ চূণৰ পানীত ডুবাই আকৌ এৰি দিব লাগে।

পুষ্টিহীনতাজনিত বেমাৰঃ

মাছৰ এই বেমাৰ প্ৰ'টিন, কার্বহাইড্রেট, শৰ্কৰা, খনিজ পদাৰ্থ আৰু ভিটামিনৰ অভাৱত হয়। সেয়ে এই পুষ্টিজাতীয় দ্ৰব্যৰ অভাৱ পূৰণ কৰিব পাৰিলেই এই বেমাৰৰ পৰা প্ৰতিকাৰ পোৱা যায়।

পুখুৰীত দুৰ্বল প্ৰস্তুতকৰণ আৰু ব্যৱস্থাপনাঃ

মাছ পুখুৰীত মেলাৰ আগতে অপতৃণ নিবাৰণ, মাংসভোজী আৰু অদৰকাৰী মাছ অপসাৰণ, নিৰিখ মতে সাৰ আৰু চূণ প্ৰয়োগ, অনিষ্টকাৰী কীট-পতংগ মাছৰ দেহ মটীয়া নিবাৰণ আদি আৰু মাছ পুখুৰীত মেলাৰ পাছত ব্যৱস্থাপনাৰ কামবিলাক পৰ্যায়ক্রমে সুচাৰুৰূপে কৰিলে মাছৰ কেতিয়াও বেমাৰ হ'ব নোৱাৰে।

ই ইউ এছ বেমাৰঃ

মাছৰ বেমাৰৰ ভিতৰত ই ইউ এছ বেমাৰেই অতি ভয়াৱহ, অনিষ্টকাৰী আৰু মহামাৰী। এই বেমাৰত আক্ৰান্ত মাছবোৰে অস্বাভাৱিক ধৰণে পানীত সাঁতুৰিব ধৰে। দেহৰ যিকোনো ঠাইতে ৰঙা দাগ হৈ সেই ঠাইতে ঘা হয়। আক্রান্ত অংশ পচে আৰু খহি পৰে। বিশেষকৈ অক্টোবৰ নৱেম্বৰৰ পৰা মাৰ্চ এপ্ৰিললৈকে এই বেমাৰৰ ব্যাপকতা বেছি। সেয়েহে মাছ খেতিয়ক ৰাইজ এই সময়ত বিশেষভাৱে সাৱধান তথা সতর্কহ'ব লাগে।

  • এই বেমাৰৰ প্ৰতিষেধক হিচাপে ২৫-৫০ গ্রাম পটাছিয়াম পামাংগানেট ৫০ লিটাৰ পানীত মিহলাই আক্রান্ত মাছবোৰ ১-২ মিনিট ডুবাই আকৌ পানীত এৰি দিব লাগে।

  • নিমখ ২-৩ কেজি ১০০ লিটাৰ পানীত মিহলি কৰি তাত মাছবোৰ ২-৩ মিনিট ডুবাই পুখুৰীত এৰি দিব লাগে। সম্ভব হ'লে আক্রান্ত ঠাইত সাধাৰণ নিমখ ঘঁহি পানীত পুনৰ এৰি দিব লাগে।

  • CIFAX নামৰ ঔষধ পুখুৰীত প্ৰয়োগ কৰি সুফল পোৱা যায়। সাধাৰণতে ১ লিটাৰ পানীত ১০ মিঃ লিঃ চিক্সে মিহলাই পুখুৰীৰ পানীত ছটিয়াই দিব লাগে। * চুক্ৰিনা ডব্লিউ এছ নামৰ ঔষধ ১০ লিটাৰ প্ৰতি

  • CIFAX নামৰ ঔষধ পুখুৰীত প্ৰয়োগ কৰি সুফল পোৱা যায়। সাধাৰণতে ১ লিটাৰ পানীত ১০ মিঃ লিঃ চিক্সে মিহলাই পুখুৰীৰ পানীত ছটিয়াই দিব লাগে।

  • চুক্ৰিনা ডব্লিউ এছ (Sukrina WS) নামৰ ঔষধ ১০ লিটাৰ প্ৰতি হেক্টৰ প্ৰতি মিটাৰ গভীৰতা হিচাপত পুখুৰীত প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

ৰাসায়নিক দৰব, কীটনাশক ঔষধ:

আমাৰ দেশত বৰ্তমান কীটনাশক ঔষধ যথেষ্ট পৰিমাণে বজাৰত বিক্ৰী হোৱা দেখা যায়। বহু মীনপালকে আগ পিছ নাভাবি ডি ডি টি, গেমাক্সিন, এল ড্রিপ, ডি এল'ড্রিণ ইত্যাদি মাৰাত্মক কীটনাশক ঔষধ মাছৰ পুখুৰীত প্ৰয়োগ কৰি মাছ মৰা বা মাছ ধৰা দেখা যায় । কীটনাশক ঔষধ প্রয়োগ কৰি মাছ মাৰিলে বা ধৰিলে পুখুৰীটোৰ পানী নষ্ট হোৱাৰ লগতে তাৰ ওচৰৰ পৰিৱেশো নষ্ট হয়। পাছৰ বছৰত এনেবোৰ পুখুৰীৰ পৰা মাছৰ কোনো উৎপাদন আশা কৰিব নোৱাৰি। এনেবোৰ কীটনাশক দৰবৰ বেয়া গুণ থকা কাৰণে " এইবোৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। আমাৰ দেশত এনেবোৰ কীটনাশক ঔষধ জধে-মধে ব্যৱহাৰ কৰাৰ ফলত বৰ্তমান বহু ভাল মাছৰ প্ৰজাতি প্ৰায় বিলুপ্ত হ'ব ধৰিছে। সেয়েহে কীটনাশক ঔষধ পুখুৰীত প্ৰয়োগৰ পৰা বিৰত থাকক।

লগতে পঢ়ক-গুৱাহাটীত নগৰীয়া মীন পালনঃ ঘৰৰ ছাদ, চৰা কোঠা অথবা চোতালত মৎস উৎপাদন!

লেখকঃ ড০ সঞ্জয় শৰ্মা

মীন সমন্বয়ক

বিশ্ব বেংকৰ আৰ্থ সাহাৰ্যত ৰূপায়িত এপাৰ্ট

English Summary: Various Diseases of fish and its Remedies

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.