1. পশুপালন

পুখুৰীত পোনা মেলাৰ আগেয়ে মীন পালক সকলৰ জানিবলগীয়া কথা.....

KJ Staff
KJ Staff
পুখুৰীত পোনা মেলাৰ আগেয়ে মীনপালকসকলৰ জানিবলগীয়া কথা
পুখুৰীত পোনা মেলাৰ আগেয়ে মীনপালকসকলৰ জানিবলগীয়া কথা

পুখুৰী বা যিকোনো মীনপালন ক্ষেত্ৰত পোনা মেলাৰ আগেয়ে পোনাখিনি চিনি পোৱাটো একান্তই বাঞ্ছনীয়। বহু সময়ত বহু মীনপালকৰ অজ্ঞতা বা অৱহেলাৰ বাবে সঠিক প্ৰজাতিৰ পৰিৱৰ্তে অসাধু পোনা বিক্ৰেতাসকলে অসংগত আৰু অপালনীয় বিভিন্ন প্ৰজাতিৰ পোনা কৌশলেৰে বিক্ৰী কৰে। ফলস্বৰূপে মূৰকত মীন পালকজন বঞ্চিত হয় আশানুৰূপ উৎপাদনৰপৰা। আশানুৰূপ মীন উৎপাদনৰ অন্যতম পূৰ্বচৰ্ত হ’ল সঠিক জোখৰ সঠিক প্ৰজাতিৰ পোনা সঠিক সময়ত উপলভ্য হোৱা। অৱশ্যে পোনাখিনি গুণগত মানৰ হ’বই লাগিব। মাছৰ আকৃতি, পাখিৰ সংখ্যা, মুখৰ আকৃতি, বৰণ, ওঁঠৰ বিশেষত্ব আদি বাহ্যিক লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি পোনা অৱস্থাত প্ৰজাতিটি চিনিব পাৰি। ইয়াত মাছৰ প্ৰজাতি সহজতে চিনি পোৱাৰ কেইটিমান উপায় উল্লেখ কৰা হ’ল-

ৰৌ

দীঘলীয়া গঠন। মুখখন একেবাৰে সন্মুখৰ কিছু নিম্ন ভাগত অৱস্থিত। মুখত এযোৰ ক্ষুদ্ৰ দাঢ়ি আছে। ওঁঠ অংশ মঙহাল আৰু কিছু কোঁচখোৱা। বক্ষভাগ পৃষ্ঠভাগতকৈ বহল। বাকলিৰ সোঁমাজত ৰঙচুৱা ফোঁট থাকে। মাছটো পিঠিৰ ফালে নীলাভ আৰু বক্ষৰ ফালে ক্ৰমাৎ ৰূপালী। পাৰ্শ্বীয় ৰেখাত ৪০-৪২ টা বাকলি আৰু পাৰ্শ্বীয় ৰেখা আৰু পাৰ্শ্বীয় পাখিৰ মাজত ৬ শাৰীমান বাকলি থাকে। পৃষ্ঠীয় পাখিত ১৫-১৬ ডাল অক্ষ থাকে। ইয়াৰ বৈজ্ঞানিক নাম Labeo rohita

বাহু

মূৰটো অপেক্ষাকৃতভাৱে ডাঙৰ, গাটো থোপোকা। ওপৰ পাৰি ওঁঠ নাই কিন্তু তলৰ পাৰি ওঁঠ বহল আৰু কোঁচযুক্ত। দাঢ়ি নাথাকে। গাটো কিছু চেপেটা আকৃতিৰ। বৰণ পিঠিৰ ফালে ধোঁৱা বৰণীয়া আৰু বক্ষৰ ফালে ৰূপালী। পৃষ্ঠীয় পাখি ডাঙৰ আৰু ১৭-১৯ ডাল অক্ষ থাকে। পাৰ্শ্বীয় ৰেখা আৰু পাৰ্শ্বীয় পাখিৰ মাজত ৪-৫ শাৰী বাকলি থাকে। ইয়াৰ বৈজ্ঞানিক নাম Catla catla

মিৰিকা

মাছটো দীঘলীয়া, ক্ষীণকায় আৰু অলপ জোঙা। ৰৌ মাছৰ লগত কিছু একে যদিও মুখখন বহল, ওঁঠটো পাতল আৰু কোঁচযুক্ত নহয়। মাছটিৰ পিঠিৰ ফালৰ বৰণ বাদামী আৰু বক্ষৰ ফালে ক্ৰমাৎ ৰূপালী। পাখিৰ বৰণ ঈষৎ কমলা। পৃষ্ঠীয় পাখিত ১৫-১৬ ডাল অক্ষ থাকে। পাৰ্শ্বীয় ৰেখা আৰু পাৰ্শ্বীয় পাখিৰ মাছত ৫.৫-৬ শাৰী বাকলিৰ লগতে পাৰ্শ্বীয় ৰেখাত ৪০-৪৫ টা বাকলি থাকে। বৈজ্ঞানিক নাম Cirrhinus mrigala

ছিলভাৰ কাৰ্প

আকৃতি ধেনুভিৰীয়া পিঠিৰ, কিছু চেপেটা, মুখখন জোঙা আৰু উৰ্দ্ধমুখী। বাকলিবোৰ ঈষৎ ৰূপালী বৰণৰ আৰু তুলনামূলকভাৱে সৰু। বৈজ্ঞানিক নাম Hypophthalmicthys molitrix

 

গ্ৰাছ কাৰ্প

দেহটো দীঘল আৰু কিছু গোলাকৃতিৰ। মূৰটো বহল। গাৰ বৰণ কিছু মাটিয়া তথা সেউজবুলীয়া। পাখি গাঢ় মাটিয়া ৰঙৰ। পৃষ্ঠীয় পাখিত ৭-৯ ডাল অক্ষ থাকে। পৃষ্ঠীয় পাখি পুচ্ছ পাখিৰ ওপৰত অৱস্থিত। মুখত দুপাৰি দাঁতসদৃশ শক্তিশালী গ্ৰসনীদন্ত আছে। বৈজ্ঞানিক নাম Ctenopharyngodon idella।

কমন কাৰ্প

এইবিধ মাছৰ গাটো থোপোকা, পিঠি ধেনুভিৰীয়া, মুখখন জোঙা আৰু কিছু ওলাই অহা। বক্ষ ভাগ বহল। পাখিত ১৭-২১ ডাল অক্ষ থাকে। পৃষ্ঠীয় আৰু গুহ্য পাখিত দাঁতযুক্ত অক্ষ থাকে। মাছটিৰ মুখত দুযোৰ স্পষ্ট দাঢ়ি দেখা যায়। সচৰাচৰ আমাৰ ইয়াত সততে পোৱা মাছবিধৰ বৈজ্ঞানিক নাম Cyprinus carpio var communis।

উক্ত ছয়বিধ মাছৰ সংমিশ্ৰণেই আটাইতকৈ উত্তম সংমিশ্ৰণ বুলি বিবেচনা কৰা হয়। ইয়াৰ প্ৰথম তিনিটা ভাৰতীয় মূলৰ মাছ আৰু পিছৰ তিনিটা বিদেশী মূলৰ মাছ। এইসমূহ মাছ এটা আনটোৰ সংগত প্ৰজাতি। ইহঁতে এটাই আনটোক অপকাৰতো নকৰেই বৰং প্ৰত্যক্ষ বা পৰোক্ষভাৱে এটাই আনটোক সহায়হে কৰে। এই ধৰণৰ সংমিশ্ৰণত প্ৰতিটো প্ৰজাতিৰে আশানুৰূপ বাঢ়ন সম্ভৱপৰ হয়। উক্ত ছয়বিধ মাছৰ উপৰি কুঢ়ি, মালি, ভাঙোন, জাভাপুঠি, মাগুৰ, মিছামাছ আদিও সংমিশ্ৰিত মীন পালনত পালন কৰিব পাৰি। অৱশ্যে পোনা মেলাৰ হাৰ বা সংমিশ্ৰণৰ হাৰ প্ৰতিটো ক্ষেত্ৰতে কিছু সুকীয়া হ’ব। যেনে- দুটা কুঢ়ি বা মালি মাছৰ পোনা মেলিব খুজিলে এটা মিৰিকা পোনা কমাই দিব লাগিব।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা (সংগীহীত)

লগতে পঢ়ক-

Fish farming tips : মীন পালনেৰে কম দিনতে অধিক উপাৰ্জনৰ কিটিপ!

English Summary: Things to know about the fisherfolk ahead of the Poona Mela in the pond

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.