1. পশুপালন

খেৰত ইউৰিয়া প্ৰয়োগ কৰি কেনেদৰে প্ৰস্তুত কৰিব উৎকৃষ্টমানৰ পশুখাদ্য!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ধান খেৰৰ উপকাৰিতা
ধান খেৰৰ উপকাৰিতা

আপুনি গো পালন কৰে নেকি বা কৰিম বুলি ভাবি আছে? তেন্তে এইটো লিখনি আপোনাৰ বাবে গুৰত্বপূর্ণ হব পাৰে। আজি এই লেখাত আপোনাক ঘৰতে পোৱা ধানখেৰৰ পৰা কেনেকৈ উৎকৃষ্ট মানৰ গৰুৰ বাবে খাদ্য কিদৰে প্রস্তত কৰিব পাৰে সেইবিষয়ে জনাম। আহক তেন্তে পলম নকৰি প্রস্তত প্রণালী পৰ্যায়ক্রমে জানো -

প্ৰস্তুত প্ৰণালীঃ

  • ওখ ঠাই এটুকুৰা নিৰ্বাচন কৰি ৫ ফুট আকাৰ আৰু ২.৫ ফুট ওখ বাঁহৰ চাং এখন সাজি, চাঙৰ ওপৰত এখন ডাঠ পলিথিন পাৰি দিয়ক।
  • ৪ কিলোগ্ৰাম ইউৰিয়া ৪০ লিটাৰ পানীত ভালদৰে মিহলাই লওক।
  • প্ৰথমে শুকান ধান খেৰ ৬ ইঞ্চি ডাঠকৈ চাঙৰ ওপৰত ছটিয়াই দিয়ক।
  • এতিয়া ইউৰিয়া মিশ্ৰিত পানী ঝাৰি এটাত লৈ ধান খেৰৰ ওপৰতে সমভাৱে ছটিয়াই খেৰখিনি গচকি দিয়ক।
  • ইয়াৰ পাছত পুনৰ ৬ ইঞ্চি ডাঠকৈ শুকান ধান খেৰৰ তৰপ এটা দি পুনৰ ইউৰিয়া মিশ্ৰিত পানী ছটিয়াই দিয়ক।
  • এনেদৰে তৰপে তৰপে খেৰ দি ইউৰিয়া মিশ্ৰিত পানী ছটিয়াই মেজি আকাৰতে খেৰখিনি প্ৰস্তুত কৰক আৰু শেষত এতৰপ শুকান ধান খেৰেৰে মেজিটো ঢাকি দিয়ক।
  • এতিয়া পলিথিনিৰে মেজীটো চাৰিওফালে সম্পূৰ্ণৰূপে ঢাকি ৰছীৰে মেৰিয়াই টানকৈ বান্ধি দিয়ক যাতে বাহিৰৰ পৰা বতাহ বা বৰষুণৰ পানী সোমাব নোৱাৰে।
  • এনেদৰে সম্পূৰ্ণ পলিথিনেৰে বন্ধ কৰি ৰখা খেৰখিনি ৩-৪ সপ্তাহ পাছত ৰাসায়নিক প্ৰক্ৰিয়াকৃত হৈ গৰু-ম’হক খুওৱাৰ উপযোগী হয়।

লগতে পঢ়ক-

GOAT farming কম মূলধনতে অধিক লাভ দিব ছাগলী পালনৰ ব্যৱসায়ে

পশুধনক ইউৰিয়া মিশ্ৰিত ধান খেৰ খুওৱাৰ নিয়মঃ

ইউৰিয়া মিশ্ৰিত ধান খেৰৰ মেজিৰ এফালে পলিথিন খুলি কিছু পৰিমাণৰ ধান খেৰ বাহিৰলৈ আনি ২-৩ ঘণ্টা ৰ’দত মেলি দিব লাগে যাতে ইয়াত থকা অতিৰিক্ত এম’নিয়াৰ গোন্ধটো আঁতৰি যায়। ইউৰিয়া প্ৰক্ৰিয়াকৃত ধান খেৰ আৱশ্যকীয় শুকান ধান খেৰৰ সৈতে ৫০∶৫০ পৰিমাণ মিহলাই গৰু-ম’হক খাবলৈ দিব লাগে আৰু তাৰ পাছত প্ৰতিদিনে ধান খেৰৰ পৰিমাণ কমাই ইউৰিয়া মিশ্ৰিত ধান খেৰৰ পৰিমাণ বৃদ্ধি কৰি, এসপ্তাহ পাছত অকল ইউৰিয়া মিশ্ৰিত ধান খেৰহে খাব দিব লাগে।

ইউৰিয়া মিশ্ৰিত ধান খেৰ খুৱাই কেনেদৰে লাভৱান হ’ব পাৰি-

গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে ৪-৫ কিলোগ্ৰাম ইউৰিয়া মিশ্ৰিত ধান খেৰ গৰু-ম’হক খুৱালে ৮০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰাম দানা ৰাহি কৰিব পাৰি। সেউজীয়া ঘাঁহৰ নাটনিৰ দিনত আৰু বানপানীৰ সময়ত ইউৰিয়া মিশ্ৰিত ধান খেৰৰ লগত কম পৰিমাণৰ দানা আৱশ্যকীয় খনিজ পদাৰ্থ আৰু ভিটামিন যোগান ধৰিলে খীৰতী গৰু-ম’হৰ সুস্বাস্থ্যৰ লগতে উৎপাদন ক্ষমতাও অটুট থাকিব।

উৎসঃ অসমীয়া খবৰ

লগতে পঢ়ক- 

পোহনীয়া জন্তুৰ বাবে বাজৰা উপকাৰী নে অপকাৰী?

English Summary: How to prepare excellent animal feed by applying urea to straw!

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.