1. পশুপালন

মীন পালনত ৰাসায়নিক সাৰ প্ৰয়োগ আৰু পাৰ্শক্ৰিয়া

KJ Staff
KJ Staff
Fish Farming
Fish Farming

বৰ্তমান যুগত সৰ্বত্ৰ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত হ’ব পৰা বিভিন্ন অসুবিধা/ভাল-বেয়া দিশৰ বিষয়ে নজনাকৈ আমি তাক সহজতে ব্যৱহাৰ কৰিব লৈছোঁ। এইটো কিন্তু আমাৰ বাবে শুভ লক্ষণ নহয়। আজিকালি আমাৰ কৃষক বন্ধুসকলে উৎপাদন বৃদ্ধিৰ বাবে ৰাসায়নিক দ্ৰব্যসমূহ জধেমধে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।

এই দ্ৰব্যসমূহ ব্যৱহাৰ কৰা খাদ্য আমি খোৱাৰ আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। বজাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰা শাক-পাচলি, খাদ্য সামগ্ৰী পাবলৈ বৰ কঠিন হৈছে। কম সময়ত অধিক উৎপাদনৰ বাবে জৈৱিক সাৰৰ সলনি অজৈৱিক বা ৰাসায়নিক সাৰৰ ব্যৱহাৰ আজি নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। এই ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়াৰ কথা আমাৰ খেতিৰ লগত জড়িত মানুহখিনিয়ে উপলব্ধি নকৰে।

কম সময়তে অধিক টকা উপাৰ্জন কৰাৰ মানসেৰে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পৰা এই ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ অতি সোনকালে বন্ধ নকৰিলে অদূৰ ভৱিষ্যতে ইয়াৰ সুফল আমাৰ জনসাধাৰণে ভৰিব লাগিব।

ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা খাদ্য, শাক-পাচলি বেছি পৰিমাণে খোৱাৰ ফলত মানুহ আৰু অন্যান্য জীৱ-জন্তুৰ শৰীৰত ক্ৰিয়া কৰে। আমাৰ সাধাৰণতে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, যেনে- ইউৰিয়া আদি ব্যৱহাৰৰ ফলত শাক-পাচলি আদি অতি কম সময়তে নষ্ট হোৱাও আমাৰ পৰিলক্ষিত হৈছে। গতিকে এনে ৰাসায়নিক দ্ৰব্যযুক্ত খাদ্য খালে খোৱাৰ ফলত আমাৰ শৰীৰত অতি সোনকালে ক্ৰিয়া কৰিব পাৰে।

বৰ্তমান সময়ত আমাৰ খেতিত আটাইতকৈ বেছি ব্যৱহৃত ৰাসায়নিক সাৰবিধ হ’ল ইউৰিয়া। ইয়াৰ আৱিষ্কাৰ ১৭৭৩ চনত হিলাইৰে ৰউলে কৰিছিল। লিউৰিয়া হ’ল প্ৰথম জৈৱিক সামগ্ৰী, যচিটো কৃত্ৰিমভাৱে চিন্থেচাইজ কৰা হৈছিল অজৈৱিক সামগ্ৰীৰপৰা।

ফ্ৰিডৰিক ৱলাৰে ১৮২৪ চনত ইউৰিয়াক আটাইতকৈ বেছি নাইট্ৰ’জেনযুক্ত নাইট্ৰ’জেনাছ সাৰ বুলি প্ৰমাণ কৰিছিল, য’ত ৪৬.৪ শতাংশ নাইট্ৰ’জেন থাকে। সেয়েহে ইয়াৰ ব্যৱহাৰৰ ফলত আমাৰ শাক-পাচলি আদি অতি কম সময়ৰ ভিতৰতে লহপহকৈ বাঢ়িবলৈ ধৰে।

ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ যে অকল কৃষি ক্ষেত্ৰতে হয়, তেনে নহয়। সাৰ আৰু কৃত্ৰিম খাদ্যৰ ব্যৱহাৰ মৎস্য পালনতো হয়। মাছৰ খৰতকীয়া বৃদ্ধিৰ বাবে আমাৰ পুখুৰী আদিত সাৰ আৰু কৃত্ৰিম খাদ্য ব্যৱহাৰ কৰা হয়। পুখুৰীত সাৰ প্ৰয়োগৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰাকৃতিক প্লৱকৰ বৃদ্ধি কৰা।

এই প্ৰাকৃতিক প্লৱকসমূহ হ’ল মাছৰ প্ৰাকৃতিক খাদ্য। এই প্ৰাকৃতিক খাদ্য পুখুৰীত উভৈনদী হ’লে মাছৰ শ্ৰীবৃদ্ধি হয়। কিন্তু আজিকালি আমাৰ খেতিয়কসকলে অধিক লাভৰ বাবে জৈৱিক সাৰৰ ব্যৱহাৰৰ পৰিৱৰ্তে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলৈ লৈছে। উপযুক্ত হাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে তাৰ সুফল পোৱা যায়।

কিন্তু তাকে নকৰি আমি যদি মাছৰ বৃদ্ধি খৰতকীয়া কৰাৰ উদ্দেশ্যৰে পুখুৰীত হিচাপতকৈ বেছি পৰিমাণে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কৰোঁ, তেনেহ’লে ইয়ে আমাৰ অপকাৰ সাধন কৰিব পাৰে। পুখুৰীত মাত্ৰাধিক হাৰত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত মাছৰ লগতে পুখুৰীৰ পানীৰ পৰিৱেশ বিনষ্ট হ’ব পাৰে। সেয়েহে আমাৰ মীনপালকসকলে ইয়াৰ প্ৰয়োগৰ সময়ত সাৱধানতা অৱলম্বন কৰা উচিত।

আমাৰ মীনপালকসকলে পুখুৰীৰ জৈৱ-বৈচিত্ৰ্য অক্ষুণ্ণ ৰাখি মাছৰ উৎপাদন বৃদ্ধিৰ বাবে চূণ আৰু সাৰ প্ৰয়োগ কৰিব লাগে। চূণ আৰু সাৰ প্ৰয়োগৰ নিৰিখ মীন উন্নয়ন বিষয়াৰপৰা সংগ্ৰহ কৰি পুখুৰীত প্ৰয়োগৰ দিহা কৰিব লাগে। পুখুৰীত চূণ প্ৰয়োগৰ উদ্দেশ্য হ’ল-

  • পানীৰ অম্লগুণ হ্ৰাস কৰা,

  • পি এইচৰ উত্থান-পতন ৰোধ কৰাৰ উদ্দেশ্যে বাফাৰ প্ৰস্তুত কৰা।

চূণ প্ৰয়োগক পুখুৰীত সাৰ প্ৰয়োগৰ পদক্ষেপ হিচাপে ধৰা হয়। চূণ প্ৰয়োগৰ সাতদিন পিছত সাৰ প্ৰয়োগ কৰিব লাগে। কাৰ্পজাতীয় মাছে প্ৰধানকৈ উদ্ভিদ প্লৱক নাইবা জীৱ প্লৱক আহাৰ হিচাপে গ্ৰহণ কৰি জীৱন ধাৰণ কৰে।

মাছৰ শ্ৰীবৃদ্ধিৰ বাবে এই প্লৱকৰ নিয়মিত উৎপাদন প্ৰয়োজনীয়। পুখুৰীত্ত সাৰ প্ৰয়োগৰ ফলত এই প্লৱকবোৰৰ বংশ বিস্তাৰ হয়। গতিকে সাৰ প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে মাছৰ শ্ৰীবৃদ্ধিত সহায় কৰে। পুখুৰীত প্ৰয়োগ কৰা সাৰ দুই প্ৰকাৰৰ-

১)জৈৱিক সাৰ আৰু

২)অজৈৱিক সাৰ বা ৰাসায়নিক সাৰ।

চূণ দিয়াৰ সাতদিন পিছত জৈৱিক সাৰ, যেনে- কেঁচা গোবৰ পুখুৰীত দিব লাগে। এবিধা মাটিৰ এটা পুখুৰীত প্ৰতি বছৰে মুঠ ১৫০০ কিলোগ্ৰাম জৈৱিক সাৰ দিয়া প্ৰয়োজন। প্ৰথমতে ৪০০ কিলোগ্ৰাম প্ৰয়োগ কৰি পিছত প্ৰত্যেক মাহে ১০০ কিলোগ্ৰামকৈ এই সাৰ দি থাকিব লাগে।

জৈৱ সাৰ দিয়াৰ ৭-১০ দিনৰ পিছত পুখুৰীত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ খুব কম দিনৰ ভিতৰতে এইবিধ সাৰে উদ্ভিদ প্লৱকৰ উৎপাদন বৃদ্ধি কৰি পুখুৰীত পোনামেলৰ উপযোগী কৰি তোলে। এই সাৰ ব্যৱহাৰৰ নিৰিখ হ’ল-

১)ইউৰিয়া- প্ৰতি বিঘা পানীকালিত প্ৰতি মাহে ২.৫ কিলোগ্ৰাম।

২)ছিংগল ছুপাৰ ফচফেট- প্ৰতি বিঘা পানীকালিত প্ৰতি মাহে ৩.২ কিলোগ্ৰাম।

৩)মিউৰেট অব পটাছ- প্ৰতি বিঘা পানীকালিত প্ৰতি মাহে ০.৬৬ কিলোগ্ৰাম।

পুখুৰীত চূণ আৰু সাৰৰ পৰিমাণ হিচাপে মতে প্ৰয়োগ কৰিলে সুফল পোৱা যায়। ইয়াৰ হীন-ভেড়ি হ’লে পুখুৰীৰ পৰিৱেশ বিনষ্ট হোৱাৰ উপৰি মানুহৰ শৰীৰতো ই বিপৰীত ক্ৰিয়া কৰিব পাৰে। যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা এটা মূল বিষয়।

গতিকে সুৰক্ষিত মাছ/খাদ্য যোগানৰ বাবে আমাৰ মীনপালকসকলে গুৰুত্ব দিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থায়ো (WHO) সেয়েহে কৈছে- মৎস্য উদ্যোগ হ’ল মানুহৰ শৰীৰত বিপৰীত ক্ৰিয়া হ’ব পৰা অতি কম ৰিক্স থকা এবিধ খাদ্য। গতিকে আমাৰ মৎস্য পালকসকলে আমাৰ পুখুৰীৰ পৰিৱেশক সুৰক্ষা দি অতি কম হাৰত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিলে মাছপ্ৰিয় জনসাধাৰণৰ শৰীৰত বিপৰীত ক্ৰিয়া নহ’ব।

কম সময়তে অধিক উপাৰ্জন কৰাৰ নিমিত্তে যাতে পুখুৰীত জধেমধে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে, তাৰ বাবে প্ৰতিজন মীনপালকে সতৰ্ক হোৱা উচিত। পুখুৰীৰ উৎপাদকতা বৃদ্ধিৰ বাবে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰৰ ব্যৱহাৰ অতি দৰকাৰী। মনত ৰাখিব- স্বাস্থ্য ভালে ৰখাৰ বাবে মাছ খোৱা হয়, ৰুগীয়া হোৱাৰ বাবে নহয়।

লগতে পঢ়ক-অসমত থলুৱা প্ৰজাতিৰ মাছ আৰু ইয়াৰ সংৰক্ষণ

লেখক: প্ৰতুল ডেকা (সংগৃহীত)

English Summary: Chemical Fertilizer uses in Fish Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.