1. পশুপালন

Fish Farming Guide: মৎস পালনত কেৰিড অভাৰ চিড

RAHUL ALI
RAHUL ALI
মৎস পালনত কেৰিড অভাৰ চিড
মৎস পালনত কেৰিড অভাৰ চিড

ব্যৱসায়িক ভিত্তিত মাছ পালন কৰি অধিক লাভ পাবলৈ হ’লে আমি পুখুৰীত মাছ ১০ মাহৰ বাবে পালন কৰিব লাগে। ১০ মাহ পূৰ্ণ হ’লে মাছৰ ওজন ৭৫০ গ্ৰামৰ পৰা ১৫০০ গ্ৰাম হ’ব আৰু তাক বিক্ৰীৰ ব্যৱস্হা কৰিব লাগে। এনেদৰে মাছ পালন কৰিলে আমি যথেষ্ট লাভ পাবলৈ সক্ষম হওঁ কিয়য়ো মানুহৰ যোনোদৰে এটা বয়সলৈ বৃদ্ধিৰ গতি খৰতকীয়া হয় আৰু পিছত তাৰ খোৱা খাদ্যৰ হাৰ বেছি হয় যদিও সেই অনুপাতে বৃদ্ধি নহয়। মাছৰ বৃদ্ধি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তাৰ বিতৰত পুখুৰীৰ পৰিবেশ, খাদ্য, উষ্ণতা আদি প্ৰধান। সাধাৰণতে মাছৰ জাৰকালিতকৈ গৰমকালি বৃদ্ধি বেছি হয় কাৰণ জাৰকালি মাছৰ খাদ্যৰ প্ৰতি থকা প্ৰৱনতা কমি যায়।

খাদ্য প্ৰতি হোৱা এনে অনিহাৰ বাবে তাৰ গতি মন্থৰ হয় আৰু বৃদ্ধিৰ হাৰ ক’ম হোৱা দেখা যায়। এই বিলাক কাৰণৰ বাবে মাছ খেতি গৰমত কৰিলে ভাল। জলবায়ুৰ পৰিবৰ্তনৰ বাবে আজিকালি বতৰৰ পৰিবৰ্তন সঘনই হয়। সেয়েহে অসমৰ ক্ষেত্ৰত উপযুক্ত সময়ত মাছপোনা সংগ্ৰহ কৰাটো কঠিন হৈছে। অসমত থকা বিভিন্ন হেচ্ছাৰী সমূহত জুন-জুলাই আগষ্ট মাহত মাছ পোনা উভৈনদী হয়। যাৰ বাবে আমি আমাৰ ঘৰৰ পুখুৰীৰ মাছ পোনাসমূহ ছেপ্তেম্বৰ, অক্টোবৰ, নবেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহৰ বাবেহে পালন কৰিব লগা হয়। তদুপৰি এই মাছ কেইটা ঠাণ্ডা হোৱাৰ বাবে এই মাছৰ বৃদ্দিৰ হাৰ যিমান হ’ব লাগে সিমান নেপাওঁ। মাছ বৃদ্দিৰ বাবে পানীৰ উষ্ণতা ২৪-৩২ ডিগ্ৰী ছেণ্টিগ্ৰেট হলে ভাল। গতিকে এনে এক পৰিস্হিতিত মাছৰ উৎপাদন বৃদ্ধিৰ বাবে ফেব্ৰুৱাৰী মাহত ১০-১৫ ছেঃ মিঃ দৈৰ্ঘৰ মাছ পোনা পুখুৰীত মেলা উচিত। কিন্তু অসমৰ ক্ষেত্ৰত মাছ পোনা জুন-আগষ্ট মাহতহে উভৈনদী হয়, গতিকে ফেব্ৰুৱাৰী মাহত মাছ পোনা পোৱা অসম্ভৱ হয়। এনে এক পৰিস্হিতিৰ মাজত উৎপাদন বঢ়োৱাৰ বাবে আমি কেৰিড অভাৰ চিড ব্যৱহাৰ কৰিব লাগে।

কেৰিড অভাৰ চিডনো কি? (What is Carry Over Seed) 

কেৰিড অভাৰ চিড হ’ল মাছৰ এই বছৰ পোনাটো নাৰ্চাৰী বা ৰিয়েৰিং পুখুৰীত অধিক ঘনত্বত ৰাখি অহা বছৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত পুখুৰী প্ৰস্তুতিৰ পিছত ষ্টফিং পুখুৰীত মেলি দিয়া। অৰ্থাৎ ঠাণ্ডাৰ দিনকেইটা (৪-৫) মাহ প্ৰতিপালন কৰাৰ পিছত গ্ৰীষ্মকাল হোৱাৰ ঠিক প্ৰাকমূহূৰ্তত পুখুৰীত মেলি দিয়াৰ ব্যৱস্হা কৰিব লাগে। এনে কৰাৰ ফলত অধিক ঘনত্বত ৰখা মাছ সমূহে বহল ঠাই পোৱাৰ বাবে বৃদ্ধিৰ হাৰ বেছি হ’ব। কেৰিড অভাৰ চিডৰ ক্ষেত্ৰত পোনা প্ৰতিপালন পুখুৰীৰ প্ৰস্তুতি আমি আগতে উল্লেখ কৰা ধৰণে কৰিব লাগিব। এই পুখুৰীৰ পানীৰ গুণাগুণ যাতে ঠিকমতে থাকে যাৰ বাবে মাহেকীয়া ভিত্তিত চূণ প্ৰয়োগ কৰিব লাগে। পুখুৰীত যাতে অত্যধিক শেলাই নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। যিকোনো ক্ষেত্ৰতে পুখুৰীৰ পানীৰ গভীৰতা ১ মিটাৰৰ কম হ’ব নালাগে। মাছ পোনা সমূহক দুই দিনৰ মূৰে মূৰে খাদ্য যোগান ধৰিব লাগে। খাদ্য য়োগানৰ হাৰ মাছৰ ওজনৰ ০.৫ শতাংশ হোৱা বাঞ্চনীয়। চাউলৰ মল, সৰিয়হৰ সলিহৈ (১:১) অনুপাতত মিহলি কৰি খৰাহীত দিব লাগে। এই সময়ত পুখুৰীত সঘনাই জাল মাৰিব নালাগে। জাল মৰাৰ আগতে জালখন পটাৰ পানীত ডুবাই পৰিস্কাৰকৈ লৈ মৰাৰ ব্যৱস্হা কৰিব লাগে যাতে মাছৰ দেহত কোনো বিজানু প্ৰবেশ কৰিব নোৱাৰে। স্বাস্হ্য পৰীক্ষা কৰাৰ বাবে উঠোৱা মাছ পোনা সমূহ পটাছ পানীত ডুবাই পুনৰ মেলাৰ ব্যৱস্হা কৰিব লাগে।

কি কি প্ৰজাতিৰ মাছ কেৰি অভাৰ  চিড হিচাপে ব্যৱহাৰ কৰিব

কমন কাৰ্প আৰু চিলভাৰ কাৰ্পৰ পোনা মাৰ্চ মাহৰ শেষলৈ উভৈনদী হয়। গতিকে এই দুই প্ৰজতিৰ মাছৰ ক্ষেত্ৰত আমি কেৰি অভাৰ চিড কৰাৰ প্ৰয়োজন নাথাকে। কিন্তু ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰা আন চাৰি প্ৰকাৰৰ মাছ আমি দ্বিতীয় বৰ্ষৰ বাবে পুখুৰীত অধিক ঘনত্বত ৰাখিব লাগে। এই প্ৰজাতিৰ মাছ সমূহ প্ৰতি হেক্টৰত ১ লাখ হাৰত পুখুৰীত মেলাৰ ব্যৱস্হা কৰিব লাগে। শতকৰা হিচাপত সংযুক্তিৰ হাৰ হল-আৰ্লি ফ্ৰাই-বাহু ২৫%, মিৰিকা ৩৩%, ৰৌ মাছ ফ্ৰাই ২৫%  আৰু গ্ৰাছ কাৰ্প ১৭% । আমি যদি আৰ্লি ফ্ৰাই সমূহ সংগ্ৰহ কৰি উপযুক্ত হাৰত পুখুৰীত মেলি ২ বছৰৰ কাৰণে ৰাখো তেনেহলে মাছ পালনৰ বাবে আৱশ্যক হোৱা গৰমৰ সময়/অনুকূল উষ্ণতা পোৱা সহায়ক হ’ব। যিহেতু মাছৰ বৃদ্ধিৰ হাৰ, বেমাৰ আদি বিভিন্ন ধৰণৰ ক্ৰিয়া, উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে কেৰি অভাৰ চিড এটা উত্তম পদ্ধতি। এই বছৰৰ পোনাটোক যিহেতু আমি খাদ্যৰ পৰিমাণ কমাই দিওঁ সেয়েহে পিছৰ বছৰত যেতিয়া এটা ডাঙৰ পুখুৰী পায় আৰু খাদ্যৰ পৰিমাণ নিয়মিত হাৰত দিয়াৰ ব্যৱস্হা কৰা হয়, তাৰ বৃদ্ধিৰ হাৰ খৰতকীয়া হয়। ফলস্বৰুপে আমাৰ মীনপালকসলেওঁ ক’ম সময়তে অধিক উৎপাদন পোৱাত সুবিধা হয়।

আমি এই বছৰৰ পোনাসমূহ আমাৰ ঘৰত থকা পুখুৰীত অধিক ঘনত্বত ৰাখি অহা বছৰ ঠিক ফেব্ৰুৱাৰী-মাৰ্চ মাহত মীন পালকৰ ওচৰত যোগান ধৰিব পাৰো তেনেহলে প্ৰতিটো মাছৰ পৰা আমি যথেষ্ট লাভ পাব পাৰো। আমাৰ মীন পালক সকলে যদি তেখেতৰ ঘৰত থকা এটা পুখুৰীত কেৰিড অভাৰ চিড প্ৰস্তুতিৰ ব্যৱস্হা কৰে তেনেহলে দ্বিতীয় বছৰত তেখেতে মাছ পোনা নিজৰ পামতে পাব পাৰে। বৰ্তমান অসমৰ এই পৰিবেশত মাছ উপযুক্ত পোনাৰ বাবে কেৰিড অভাৰ চিডৰ ব্যৱহাৰ সুদূৰ প্ৰসাৰী।

আমি বহু ক্ষেত্ৰত প্ৰত্যক্ষ কৰিছো যে- মাৰ্চ-এপ্ৰিল মাহতে পশ্চিমবংগৰ মাছ পোনা আহি অসমত ভৰি পৰে, কিন্তু অসমৰ পোনা চেপ্তেম্বৰতহে উভৈনদী হয় সেয়েহে অসমৰ ক্ষেত্ৰত এই কেৰি অভাৰ চিড প্ৰস্ততিয়েই হ’ল একমাত্ৰ বিকল্প, যিটোৰ বাবে আমি আমাৰ পোনা উপযুক্ত সময়ত ব্যৱহাৰ কৰিব পাৰো। অন্যথা চালানী মাছৰ দৰে মাছ পোনাৰ ক্ষেত্ৰতো আমি ভৰিব লাগিব বহু টকা। আমাৰ মীন পালকসকলে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্হা গ্ৰহণ কৰিলে আমি নিশ্চয়কৈ সু-ফল পাব পাৰিম। মীন পালনৰ বিভিন্ন পদ্ধতিৰ লেখীয়াকৈ কেৰি অভাৰ চিড প্ৰস্তুতিৰ ক্ষেত্ৰতো আমাৰ মীনপালক সকলে মনোনিবেশ কৰিব বুলি আমি আশা কৰিলো।   

লগতে পঢ়ক-গুণগত মাছৰ পোনা উৎপাদনৰ বাবে- ব্ৰুডাৰচ পোণ্ড (Brooders Pond) মেনেজমেণ্ট

প্ৰতুল ডেকা

মীন উন্নয়ন বিষয়া

মীন বিভাগ, অসম চৰকাৰ

English Summary: Carried Over Seed

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.