1. পশুপালন

ছাগলী পালনেৰে আত্ম সংস্থাপনৰ বাট মুকলাইছে বিটিএডিৰ যুৱকৰ

KJ Staff
KJ Staff
Goat Farming in BTAD
Goat Farming in BTAD

তামুলপুৰ মহকুমাৰ নতুন হাউলী গাঁৱৰ আঠগৰাকী যুৱকৰ প্রশংসনীয় পদক্ষেপ। গাঁওখনৰ যুৱকসকলে ২০২০ চনৰ জানুৱাৰী মাহত নিজক স্বাৱলম্বী কৰি তােলাৰ লক্ষ্যৰে মটঙা নদীৰ পশ্চিম পাৰৰ দহ বিঘা পতিত ভূমি সামৰি ধান খেতিৰ লগতে আন আন শাক-পাচলিৰ খেতি আৰম্ভ কৰে।

সমান্তৰালভাৱে যুবকসকলে এক গােট হৈ নতুন কিবা এটা কৰাৰ মানসেৰে নিজৰ পকেটৰ ধন খৰছ কৰি ইয়ুথ গােট ফার্ম নাম দি ছাগলী পালনৰ দিহা কৰে যুৱককেইজনে মিলি নিৰঞ্জন ৰাভাক সভাপতি আৰু লৈইথুমা বড়ােক সম্পাদক হিচাপে লৈ বিপুল বড়ো, ৰমেশ ৰাভা, অৰুণ ৰাভা, চাৰজিৎ বড়াে, খগেন ৰাভা, পৰেশ ৰাভাক সদস্য কৰি এখন পৰিচালনা সমিতি গঠন কৰি লয়। দুবছৰ পূর্বে সমিতিখনৰ পৰিচালনাত ৩১টা থলুৱা জাতৰ ছাগলী পালন কৰে যুৱককেইজনে। ছাগলীৰ উপৰি গাহৰি পালন কৰে।

 ইপিনে, ছাগলী প্রজননৰ কাৰণে এটি উন্নত জাতৰ মতা ছাগলী সুদূৰ ৰাজস্থানৰ পৰা আনি প্রতিপালন কৰি পামখনত উন্নত জাতৰ ছাগলী উৎপাদন কৰিবলৈ সক্ষম হয়। পামখনত যুবকসকলে মালভােগ কলৰ খেতি প্ৰাৰ উপৰি আন আন ৰবিশস্য কৰিবলৈ প্ৰয়াস কৰিছে যদিও মূলধন অভাৱত বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হােৱা নাই।

 যুৱককেইজনে কুমাৰীকাটাস্থিত ভাৰতীয় ষ্টেট বেংকৰ স্ব-নিয়ােজন প্রশিক্ষণ প্রতিষ্ঠানত প্রশিক্ষণ গ্রহণ কৰে। যুবককেইজনে কে চি চি ঋণৰ কাৰণেও চেষ্টা অব্যাহত ৰাখিছে। কিছু ধন পালে কর্মঠ যুৱককেইজনে আগবাঢ়ি যাব বুলি আশা কৰা হৈছে।

উৎস - উৎপল ডেকা

English Summary: BTAD youth on the path of self-establishment by rearing goats

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.