1. এগ্ৰিপেডিয়া

Toxic wild mushrooms: বনৰীয়া কাঠফুলা ভক্ষণ কৰি চৰাইদেউত অসুস্থ তিনিজন

KJ Staff
KJ Staff
Toxic wild mushrooms: বনৰীয়া কাঠফুলা ভক্ষণ কৰি চৰাইদেউত অসুস্থ তিনিজন
Toxic wild mushrooms: বনৰীয়া কাঠফুলা ভক্ষণ কৰি চৰাইদেউত অসুস্থ তিনিজন

যোৱা এপ্ৰিল মাহত বনৰীয়া কাঠফুলা ভক্ষণ কৰি চৰাইদেউ জিলাত একেখন গাঁৱৰে সাতজনকৈ লোকৰ মৃত্যুৰ পাছত ২০ জুন সোমবাৰে পুনৰ জিলাখনৰ বৰহাটত বনৰীয়া কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰ তিনিজন লোক গুৰুতৰভাৱে অসুস্থ হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷

 বৰহাট চাহ বাগিচাৰ এক নং বস্তিৰ অভিৰাম মিঞ্জৰ পৰিয়ালে সোমবাৰে নিশাৰ আহাৰত বনৰীয়া কাঠফুলা ভক্ষণ কৰাৰ ফলত নিশাৰে পৰা পৰিয়ালৰ তিনিজন সদস্য ক্ৰমে ৫৪ বছৰীয়া অভিৰাম মিঞ্জ, ৫২ বছৰীয়া চেলিনা মিঞ্জ আৰু ১৮ বছৰীয়া লিলিমা মিঞ্জ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। প্ৰথমে তিনিওকে  সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসেমৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত নিশাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ।

উল্লেখযোগ্য যে, চাহ বাগিচাসমুহত শিক্ষাৰ প্ৰসাৰ আৰু সজাগতাৰ অভাৱৰ বাবেই বাৰিষাৰ সময়ছোৱাত বনৰীয়া কাঠফুলা ভক্ষণ কৰি বহু লোক অসুস্থ হয়৷

বিশেষকৈ চৰাইদেউ জিলাৰ চাহ বাগিচা অঞ্চলত বনৰীয়া কাঠফুলা ভক্ষণ কৰি চলিত বছৰতে সাতজন লোকৰ মৃত্যু হৈছে৷

লগতে পঢ়কঃ সুগন্ধি তেল প্ৰস্তুত কৰা উদ্ভিদ ‘আগৰ বা সাঁচি’ গছৰ ব্যৱসায়

English Summary: Toxic wild mushrooms!

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.