1. এগ্ৰিপেডিয়া

ভোট জলকীয়া খেতিয়ক সকলে তলত দিয়া কথা কেইটা বিশেষভাৱে মন কৰিব লাগে

KJ Staff
KJ Staff
Vut jolokia
Vut jolokia

১) ভোট জলকীয়াৰ খেতিৰ বাবে সম্পুৰ্ণ পুৰঠ আৰু পকা নিৰোগী ফলহে সংগ্ৰহ কৰিব লাগে |

২) বীজৰ বাবে ফল সংগ্ৰহ কৰা শস্যডৰা অধিক উৎপাদনক্ষম হ’ব লাগে |

৩) যিবিলাক পকা জলকীয়া তাৰ আকাৰ প্ৰায় সমান হ’ব লাগে | অৰ্থাৎ ফলৰ ছাল অংশ বেছি শোটোৰা-শোটোৰ আৰু খহটা হ’ব নালাগে | বেছি খহটা ছালৰ জলকীয়াবিলাক বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি নিশ্চিত হ’ব পাৰিব |

৪) গুটি সিঁচাৰ চৌবিশ ঘণ্টাৰ আগত শতকৰা ০.৩ মাত্ৰাৰ ট্ৰাইচ’ডিয়াম ফছফেট (Trisodium phosphate) নামৰ ঔষধৰ দ্বাৰা শোধন কৰক | বীজসমুহ উক্ত ঔষধৰ মিশ্ৰণত ৫-১০ মিনিট পৰ্যন্ত ডুবাই ৰাখি সম্পুৰ্ণ ছাঁ পৰা ঠাইত শুকুৱাই বীজতলীত সিঁচিব |

৫) বীজতলীখনৰ পুলিবিলাক নাইলন সুতাৰে তৈয়াৰী (৩০ ছিদ্ৰযুক্ত) আঁঠুৱাৰে মুল পথাৰলৈ নিয়ালৈকে ঢাকি ৰাখিব লাগে |

৬) পুলি ৰোপণ কৰাৰ পাছত কাষৰ মাটি অংশ হেঁচি টান কৰি দিব লাগে |

৭) পুলি বাঢ়ি যোৱাৰ লগে লগে কাষৰ মাটি অংশ হেঁচি বা গচকি টান কৰি ল’ব লাগে, যাতে বৰষুণ পৰিলে বা পানী যোগান ব্যৱস্থা কৰিলে পুলিৰ গুৰিত পানী জীপজীপীয়া হৈ নাথাকে |

৮) ভালদৰে পুৰঠ হৈ ৰং ধৰা উজ্জ্বল ফলবোৰেহে গছৰ পৰা চপাব লাগে |

৯) বীজৰ বাবে খেতি কৰা শস্যডৰা সম্পুৰ্ণ নিৰোগী আৰু স্বাস্থ্যৱান হ’ব লাগে |

১০) ভালদৰে প্ৰতিপালন কৰি ভোট জলকীয়াৰ খেতি কৰিলে এজোপা গছৰ পৰা ২০০ টাকৈ জলকীয়া পাব পাৰি |

আৰু পঢ়ক- মীন পালনৰ বাবে পুখুৰীৰ জলজ অপতৃণৰ নিয়ন্ত্ৰণ কেনেকৈ কৰিব -

১১) পোন্ধৰ দিনৰ অন্তৰে অন্তৰে বীজতলী আৰু মুল পথাৰৰ শস্যত মালাথিয়ন (Malathion 50 EC) ৰ দ্ৰৱণ শতকৰা এভাগ (০.১%) মাত্ৰাত ছটিওৱাৰ (spray) ব্যৱস্থা কৰিব লাগে | ছটিয়াওঁতে গছজোপাৰ পাতৰ ওপৰে-তলে তিতি যোৱাৰ প্ৰতি লক্ষ্য ৰাখিব |

১২) ভাইৰাছ বেমাৰৰ বিস্তাৰ কমাবৰ বাবে হালধীয়া ৰঙৰ আঠাযুক্ত পলিথিনৰ ফিটা (yellow sticky polythene sheet) বতাহৰ গতিৰ দিশত লগোৱাৰ ব্যৱস্থা কৰিলে সুফল পোৱা যায় |

১৩) অপতৃণসমুহ জলকীয়াৰ পথাৰৰ ভিতৰত আৰু ওচৰে-পাঁজৰে গজিবলৈ নিদিব | এইসমুহো ভাইৰাছজনিত বেমাৰৰ বাহক হ’ব পাৰে |

১৪) বেমাৰী গছবোৰ দেখা পোৱাৰ লগে লগেই উঘালি জ্বলাই পেলাব লাগে |

১৫) গছৰ গুৰি আৰু কাণ্ড পচা বেমাৰ নিয়ন্ত্ৰণৰ বাবে বেভিষ্টিন আৰু কেপটান নামৰ ঔষধ শতকৰা ০.১ আৰু ০.২৫ মাত্ৰাত মিহলাই গুৰিত ৬ চে.মি. পৰ্যন্ত তিতি যোৱাকৈ বেমাৰ দেখা দিয়াৰ সময়তে প্ৰয়োগ কৰিলে নিয়ন্ত্ৰণ হ’ব |

১৬) বেক্টেৰিয়াজনিত ৰোগৰ বাবে এগ্ৰ’মাইচিন বা বেক্টৰিনল নামৰ ঔষধ শতকৰা ০.০২% হাৰত গুৰিত ৬ চে.মি. পৰ্যন্ত তিতি যোৱাকৈ প্ৰয়োগ কৰিলে সুফল পোৱা যায় |

১৭) ভোট জলকীয়াৰ খেতি ওখ, পানী জমা নোহোৱা, শুকান, ফচফচীয়া , আধা ৰ’দ পৰা (semi shaded) ঠাইত কৰিলে গছৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে গছজোপাৰ বহুতো বেমাৰ-আজাৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পোৱা যেন অনুমান হয় |

১৮) অনিয়ন্ত্ৰিত সাৰ, পানী যোগান আদিয়ে খেতিৰ সুফল অনাতকৈ অনিষ্টহে কৰে | গতিকে সাৰ-পানী যোগান ধৰাত সু-সংহত বা সমন্বিত কৃষি প্ৰণালী প্ৰয়োগ কৰিব লাগে |

১৯) সৰহ মাটিত ভোট জলকীয়াৰ খেতি কৰিলে ২/৩ বিঘাৰ মাটিৰ মাজত একঠা মাটিত অন্য শাক-পাচলি, যেনে-বেঙেনা, উৰহী আদিৰ খেতি কৰিব লাগে |

২০) এবাৰ বেমাৰে আক্ৰমণ কৰা মাটিত দ্বিতীয়বাৰ ভোট জলকীয়াৰ খেতি নকৰি, কবি-বিলাহী আদিৰ খেতি কৰিব লাগে, অৰ্থাৎ শস্যক্ৰম (crop rotation) কৰিলে বেমাৰ একেবাৰে নিৰ্মুল কৰিব পাৰি |

লেখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস

আৰু পঢ়ক- আপুনি যদি কম টকাৰে ব্যৱসায় কৰিব বিচাৰে, তেন্তে এইটো কৰক ৷ প্ৰতিদিনে কমেও 4000 টকা উপাৰ্জন পাব
English Summary: Most important thing for vut jolokia farmer's

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.