1. এগ্ৰিপেডিয়া

Indian Bean : আগষ্ট-ছেপ্তেম্বৰতে কেনেকৈ কৰিব ওৰহীৰ খেতি !

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ওৰহীৰ খেতি কেনেকৈ কৰিব
ওৰহীৰ খেতি কেনেকৈ কৰিব

ওৰহী কেৱল অসম নহয় সমগ্ৰ ভাৰতবৰ্ষৰ লোকৰে এবিধ জনপ্ৰিয়তা খাদ্য। অসমত এই খেতি বৰ্তমানেও কৃষকসকলে ব্যৱসায়িকভাৱে বৰ বেছি নকৰে। অসমত ওৰহী খেতি গৃহস্থৰ বাৰীখনৰ মাজতেই এতিয়াও সীমাবদ্ধ হৈ  আছে। কিন্তু অতি সম্প্ৰতি দুই এজন কৃষকে  ব্যৱসায়িকভাৱে ওৰহী খেতি আৰম্ভ কৰি সফলতা লাভ কৰিছে। যোৱাবছৰ  আগতীয়াকৈ এবিঘা মাটিত ওৰহি খেতি কৰি ডেৰলাখ টকা উপাৰ্জন কৰিছিল আলমগিৰ হোছেইনে। এবিঘা মাটিত ওৰহী কৰোঁতে আলমগিৰে ৮ হাজাৰ টকা কৰিছিল। কিন্তু তিনি চাৰি মাহত ৮ হাজাৰ টকা খৰচ কৰি ডেৰলাখ টকা উপাৰ্জন কৰিছিল।

ঘৰতে ওৰহী খেতি কেনেকৈ কৰিব লাগে সেই বিষয়ে আমাৰ কৃষকসকলে জানে। অৱশ্যে ব্যৱসায়িক ভাৱে কৰা আৰু ঘৰত কৰা ওৰহী কৃষি পদ্ধতিৰ লগত বৰ বেছি পাৰ্থক্য নাই। ঘৰত এজোপা ওৰহী ৰুই ঘৰতে খাবৰ বাবে বৰ কষ্ট আৰু পইচাৰ খৰচ নহয় আৰু কোনো লক্ষ্য নাথাকে। কিন্তু ব্যৱসায়িকভাৱে খেতি কৰিবলৈ হ’লে কষ্ট, পইচাৰ খৰচ আৰু লক্ষ্য থাকিব। গতিকে প্ৰতিটো ক্ষেত্ৰতেই সাৱধানতা অৱলম্বন কৰিব লাগিব কৃষকজনে।

লগতে পঢ়ক- 

বহি:ৰাজ্যত চৰকাৰী চাকৰি এৰিও চাকৰিয়ালে কৰিছে জুকিনিৰ খেতি

মাটি :

পানী জমা নোহোৱা সাৰুৱা মাটি ওৰহী খেতিৰ বাবে উপযোগী। হাল বাই চাহ কৰি, মৈয়াই সমান কৰি মাটিখিনি শুকাবলৈ দিব লাগে।

ৰোপনৰ সময় :

আগষ্ট-ছেপ্তেম্বৰৰ পৰা  আৰম্ভ কৰি আঘোণ-পুহ-মাঘলৈ কৃষকসকলে কৰিব পাৰে এই খেতি।

উন্নত জাত :

দিপালী, ৰজনী, দশৰা, KDB403, KDB-405, কণকণ  ভূষণ, ফুলে গৌৰি, PUSA SEM2,           PUSA SEM3 আদি।

ৰোপন পদ্ধতি :

মাটিখিনি আলু তলীৰ দৰে কৰি ২ মিটাৰ আঁতৰে ২ বৰ্গমিটাৰকৈ গোল কৰি  ওৰহীৰ গুটি দিব পাৰে নাইবা নাইবা পুলি ৰুব পাৰে।

সাৰ প্ৰয়োগ :

পচন সাৰ বা গোৱৰ আদিয়েই যথেষ্ট। ৰাসায়নিক সাৰ প্ৰয়োগ কৰি কৰিম বুলি ভাবিলে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওঁক।

হেন্দালি :

ওৰহী যিহেতু লতাজাতীয় উদ্ভিদ।গতিকে ইয়াক বগাবলৈ হেন্দালি দিব লাগিব। হেন্দালি খন পাৰিলে অলপ ওখ কৰিব লাগে। হেন্দালি দিয়াৰ পাছতে যাতে অপতৃণ গোচাবলৈ, সাৰ-পানী প্ৰয়োগ কৰিবলৈ সুবিধা হয়।

Indian bean farming Methods & its benefit
Indian bean farming Methods & its benefit

এইবাৰ কৃষকসকলে এবিঘা মাটিত পাৰিলে ওৰহী খেতি কৰি চাওঁক। ভালকে কৰিলে ভাল ফল নিশ্চিতভাৱে লাভ কৰিব।  সাধাৰণতে ওৰহী শীতকালীন খেতি। যদিও কৃষকসকলে বৰষুণৰ পৰিমাণ কমাৰ লগে লগে আগষ্ট-ছেপ্তেম্বৰৰ পৰা এই খেতি আগতীয়াকৈ আৰম্ভ কৰিব পাৰিব। আগতীয়াকৈ এই খেতি কৰি কৃষকসকলে অধিক লাভৱান হ’ব। কাৰণ কোনো শাক-পাচলিৰ প্ৰথম অৱস্থাত দাম বেছি পায়। একেই অনুপাতে আকৌ কৃষকজনে প্ৰতিকূল অৱস্থাৰ লগতো মুখামুখি হ’ব লগা হয় কৃষকগৰাকী।

লগতে পঢ়ক- 

Turnip Farming : বৰষুণৰ কমাৰ লগে লগেই কৰিব পাৰিব শালগমৰ খেতি

English Summary: Indian bean farming Methods & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.