1. এগ্ৰিপেডিয়া

Drought tolerant : খৰাং পথাৰত কৰক এই ২ বিধ উন্নতজাতৰ ধানৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
খৰাং সহনশীল ধানৰ জাত
খৰাং সহনশীল ধানৰ জাত

অসমত বানপ্ৰবণ পথাৰবোৰৰ দৰে খৰাং পথাৰো আছে। যিবোৰত কৃষকসকলে ধানৰ খেতি কৰে। কিন্তু খৰাং পথাৰত কেনেধৰণৰ ধান খেতি কৰিলে কৃষকসকল উপকৃত হ’ব সেই কথা বহু কৃষকে নাজানে। ফলত বহু সময়ত আমাৰ কৃষকসকল লোকচানৰ সন্মুখীন হয়। গতিকে খৰাং অঞ্চলৰ উপযোগী কেইবিধমান উন্নতজাতৰ ধানকলৈ এই লেখাটো যুগুত কৰিছো। এই ধান দুবিধ হ’ল- ডি আৰ আৰ ধান ৪৬, ডি আৰ আৰ ধান ৪৪। এই ধান দুবিধ অসমৰ পথাৰবোৰৰ উপযোগী বুলি স্বীকৃতি দিছে অসম কৃষি বিশ্ববিদ্যালয়েও। তলত এই ধান দুবিধৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিলো

ডি আৰ আৰ ধান ৪৬

ডি আৰ আৰ ধান ৪৬ বৈশিষ্ট্য : এই জাত বিধ উচ্চ উৎপাদনক্ষম আৰু কম কৃষিকালৰ৷ ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট বেছি৷ শালি আৰু আহু ধানৰ বতৰত ইয়াৰ খেতি কৰিব পাৰি৷‎ ই খৰাং সহ্য কৰিব পাৰে আৰু খৰাং বতৰৰ অন্য ধানৰ জাত তকৈ উৎপাদনৰ ক্ষেত্ৰত প্ৰতি ‎হেক্টৰত ১.০-২.০ টন অধিক উৎপাদন দিয়ে৷

কৃষিকাল : ১১৫-১২০ দিন

খেতিৰ বাবে উপযোগী মাটি: ওখ মাটি আৰু অগভীৰ দ’ মাটি

ধানৰ গুটিৰ প্ৰকাৰ : দীঘলীয়া মিহি

উচ্চতা :১০০-১০৫ ছেঃমিঃ

উৎপাদন : প্ৰতি হেক্টৰত ৪.৫-৭.০ টন

লগতে পঢ়ক- 

PM Fasal Bima Yojana : শস্য বীমা আঁচনি ৰূপায়ণত অসমৰ সফলতা

ডি আৰ আৰ ধান ৪৪

ডি আৰ আৰ ধান ৪৪বৈশিষ্ট্য : এই ধানৰ জাত‎টোৰ খেতি ভাৰতবৰ্ষ আৰু হদ্ৰিনাথ ৩ নামেৰে নেপালত অলপতে মুকলি কৰা হৈছে৷ ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট উন্নত আৰু খৰাং সহনশীল ৷ এই জাতটো ‘ব্লাষ্ট’ ৰোগ প্ৰতিৰোধী আৰু ‘বেক্টেৰিয়েল লিফ ব্লাইট’ নামৰ ৰোগ বিধৰ কম পৰিমাণে প্ৰতিৰোধী গুণ সম্পন্ন ‎‎‎৷

কৃষিকাল : ১১৫-১২০ দিন

খেতিৰ বাবে উপযোগী মাটি : ওখ মাটি আৰু অগভীৰ দ’ মাটি

ধানৰ গুটিৰ প্ৰকাৰ : দীঘলীয়া মিহি

উচ্চতাঃ ১০০-১০৫ ছেঃমিঃ

উৎপাদন: প্ৰতি হেক্টৰত ৫-৫.৫ টন

উল্লেখ্য যে বেছি খৰাং পথাৰবোৰত আমাৰ কৃষকসকলে ধান খেতিৰ সলনি গ্ৰীষ্মকালীন শাক-পাচলিৰ খেতি কৰি ধান খেতিতকৈ অধিক উপাৰ্জন কৰিব পাৰে।

লগতে পঢ়ক- 

Flood tolerant Paddy : বানপ্ৰৱণ পথাৰত এই ধানকেইবিধৰ খেতি কৰক

English Summary: Drought tolerant Paddy varieties

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.