1. এগ্ৰিপেডিয়া

Broccoli Farming: ব্ৰ'কলি খেতি কৃষকে কিয় কৰিব লাগে?

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Broccoli Farming ( ব্ৰ'কলি খেতি)
Broccoli Farming ( ব্ৰ'কলি খেতি)

সম্প্ৰতি অসমত জনপ্ৰিয় উঠা বিদেশী মূলৰ এবিধ খেতি হল ব্ৰকলিৰ খেতি। ব্ৰ'কলি শীতকালীন শস্য যদিও ইয়াক গ্ৰীণ হাইচ বা পলিহাউচত বিভিন্ন সময়ত কৰিব পাৰি। এই খেতি কৰি কৃষকসকল যথেষ্ট লাভান্বিত হোৱাৰ স্থল আছে। কাৰণ ব্ৰ'কলিৰ দামৰ সমান্তৰালভাৱে ইয়াৰ চাহিদাও লক্ষ্যণীয়ভাৱে ভাল। ওলকবি, বন্ধাকবি বা ফুলকবিৰ দৰেই এই খেতিত যতনৰ প্ৰয়োজন কিন্তু একেই যতন বা একেই শ্ৰমৰ প্ৰয়োজন যদিও এই পাচলিবোৰৰ তুলনাত ব্ৰ'কলিৰ দাম বেছি। গতিকে এই খেতি এইবোৰৰ তুলনাত অধিক লাভদায়ক।

শেহতীয়াকৈ অসমৰ জলবায়ুৰ বাবে আৰু আঘোণ-পুহ মাহত কৰিব পৰা জাতসমূহ এনেধৰণৰ-

  • চাউদার্ন কমেট
  • প্রিমিয়ামস
  • ক্ৰপ, ক্লীপাৰ লেজাৰ
  • ইমাৰেল্ড কৰনা

বীজ সিঁচাৰ সময়- নৱেম্বৰৰ পৰা ডিচেম্বৰ শেষ সপ্তাহলৈ

লগতে পঢ়ক-

ক’ম সময়ত অধিক উপাৰ্জন পাব বিচাৰে নেকি আপুনি? তেনেহলে কৰক ঘুংৰু গাহৰি পালন!

মাটি নিৰ্বাচনঃ ব্রকলীৰ বাবে ওখ , ৰ’দ ঘাই সাৰুৱা মাটি বাচনি কৰিব লাগে ।

মাটি প্রস্তুতি: বাৰীখনত যথেষ্ট পৰিমাণৰ পচন সাৰ বা গোবৰ প্ৰয়োগ কৰি কেইবাবাৰো চাহ কৰি মৈয়াই সমান কৰি ল’ব লাগে ৷ প্ৰত্যেক তিনিবছৰৰ ব্যৱধানত মাটি পৰীক্ষা কৰি চূণ প্ৰয়োগৰ ব্যৱস্থা কৰিব লাগে ৷ পুলি ৰোৱাৰ ৩০ দিনমানৰ আগে আগে চূণ প্ৰয়োগ কৰিব লাগে ৷

সাৰ প্ৰয়োগঃ

প্রতি বিঘাত পচন সাৰ- ২০-২৫ কুইণ্টল, ইউৰিয়া-৩০-৬০ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট-৪৮-৬৪ কিলোগ্ৰাম আৰু মিউটে অব পটাছ-৮-১২ কিলোগ্ৰাম আৰু বৰাক্স-১ কিলোগ্ৰাম । ইউৰিয়া সাৰৰ আধা আৰু সমুদায় ছুপাৰ, পটাছ আৰু বৰাক্স পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰৰ বাকী আধা পুলি ৰোৱাৰ ৩০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

পুলিবোৰ ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ যেনে, গ্রীন হাৰভেষ্ট অল-ক্রপ (১০ লিটাৰ পানীত ৭৫ গ্রাম পটাছ) মিহলাই স্পে' কৰিব লাগে।

পৰিচর্য্যাঃ

১.জলসিঞ্চন : ফুলকবি খেতিতকৈ ব্রকলীৰ খেতিত পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে প্রয়োজন হয় । সেয়েহে এই খেতিত পাতলীয়া ধৰণে মাজে মাজে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে ।

২. অপতৃণ নিয়ন্ত্রণ : প্রাৰম্ভিক অৱস্থাত পুলিবোৰৰ মাজে মাজে কোৰ মাৰি মাটিখিনি লৰায় দিব লাগে যাতে বতাহ চলাচল কৰাত সহায় হয় আৰু লগতে অপতৃণৰ পৰাও ৰক্ষা পাব পাৰি ।

Broccoli Farming
Broccoli Farming

জলসিঞ্চন (Irrigation)

পুলি ৰোৱাৰ পিছত এবাৰ মাটি চপোৱাৰ পিছত এবাৰ আৰু ফুল ধৰিবলৈ আৰম্ভ কৰাৰ সময়ত এবাৰকৈ মুঠ ৩ ৰাৰ নিশ্চিত জলসিঞ্চন কৰাৰ প্রয়োজন। তদুপৰি খৰাং বতৰত অধিক জলসিঞ্চনৰ প্ৰয়োজন আছে।

কেনেদৰে ব্ৰকলি যতন ল'বঃ

বেক্টেৰীয়ানাশকৰ ১ গ্রাম প্রতি ১০ লিটাৰ পানীত মিহলাই পুলিৰ গুৰি অংশত স্পে" কৰিব লাগে । পাতত নাইবা গুৰি অংশত ভেঁকুৰ বেমাৰ যেনে, গুৰি পচা, অলটাৰনেৰিয়া লিফ স্পট আদিয়ে আক্রমণ কৰিব পাৰে । ইয়াক.নিয়ন্ত্ৰণৰ বাৰে ইন্দফিল এম-৪৫ নাইবা বেভিষ্টিন ভেঁকুৰনাশক পাতত স্পে' কৰিব লাগে । পাত খোৱা পলু পোক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ১.৫ মিলিলিটাৰ প্রতি ১ লিটাৰ পানীত মিহলাই স্প্রে' কৰিব লাগে ।

লগতে পঢ়ক- 

গৰুৰ বাবেই ৫০ বছৰ পিছুৱাই আছে অসমৰ কৃষিখণ্ড!

English Summary: Broccoli Farming in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.