1. এগ্ৰিপেডিয়া

অসমত কৃষিভিত্তিক উদ্যোগৰ সম্ভাৱনা

KJ Staff
KJ Staff
agro-based industries Posibilities in Assam
agro-based industries Posibilities in Assam

অসম এখন কৃষি প্রধান ৰাজ্য আৰু ইয়াত প্ৰচুৰ কৃষিজাত সামগ্রী উৎপাদন হোৱাৰ বাবে বিভিন্ন ধৰণৰ কৃষিভিত্তিক উদ্যোগ স্থাপনৰ সম্ভাৱনীয়তা প্ৰচুৰ অসমত বিশেষকৈ চাহ, মৰাপাট, চেনী, কাগজ, বাঁহ-বেত আদি উদ্যোগৰ সম্ভাৱনীয়তা আছে। অসমৰ অৰ্থনীতিত চাহ উদ্যোগ এক গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে আৰু ই হ’ল অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগ । অসমৰ চাহ ৰপ্তানি কৰি ৰাজ্যখনে প্ৰচুৰ পৰিমাণৰ বৈদেশিক মুদ্ৰা আহৰণ কৰাৰ উপৰিও উৎপাদন কৰ আৰু ৰপ্তানি কৰ ধাৰ্য কৰি এক বুজন পৰিমাণৰ ৰাজহ প্ৰতি বছৰে সংগ্ৰহ কৰে । এই চাহ শিল্পই নিবনুৱা সমস্যা সমাধান কৰাত সহায় কৰিছে আৰু এই উদ্যোগৰ লগত আন বহুতো সহযোগী উদ্যোগ গঢ়াটো সহায় কৰিছে। প্লাইউদ, এলিউমিনিয়াম, চাহ ৰোলাৰ, সাৰ উদ্যোগ ইত্যাদি চাহ উদ্যোগৰ সৈতে জড়িত হৈ আছে। চাহ উদ্যোগৰ পৰা অসমে সর্বোচ্চ পৰিমাণৰ আয়কৰ সংগ্ৰহ কৰে। অসম চৰকাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পৰা ১২ কৌটিৰো অধিক টকা বিক্ৰীকৰ হিচাপে লাভ কৰে । অসমত প্রতিদিনে ২কোটিকৈ চাহ শ্রমিকে মজুৰি হিচাপে লাভ কৰে ।

বৈদেশিক মুদ্ৰা আহৰণত চাহপাতৰ পিচতে অসমত মৰাপাটে স্থান দখল কৰিছে । কাৰণ এই উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচাসামগ্ৰী অসমত প্ৰচুৰ পোৱা অসমৰ গোৱালপাৰা, দৰং, বৰপেটা আৰু নগাঁও জিলাত প্ৰচুৰ পৰিমাণে মৰাপাট উৎপাদন হয় । অসমৰ মৰাপাটেৰে পশ্চিমবংগৰ বহু মৰাপাট উদ্যোগ চলি আছে । মৰাপাটৰ পৰা ৰচি, বস্তা, বেগ, দলিচা, পুতলা, টেবুল মেট, মহিলাৰ কৃত্ৰিম চুলি আৰু থিয়েটাৰৰ সাজসজ্জা ইত্যাদি তৈয়াৰ কৰা হয়। কম খৰচতে হোৱা এইটো এটা লাভজনক উদ্যোগ আৰু ইয়াৰ চাহিদাও প্ৰচুৰ । তৃতীয়তে অসমত বাঁহ আৰু বেত উদ্যোগৰ গুৰুত্ব অধিক। অসমত বাঁহ আৰু বেতৰ আচবাবৰ গোটেই বিশ্বতে চাহিদা আছে । অসমৰ বৰাক উপত্যকা আৰু ডিফু অঞ্চলত বেতৰ শিল্প ৰাজ্যৰ অন্যান্য অংশতকৈ বেছি। অসমৰ জলবায়ু বাঁহ খেতিৰ বাবে অতি উপযোগী । তাৰোপৰি ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত বিশেষ ধৰণে অৰিহণা যোগাই আহিছে । বাঁহ খেতিত প্রতি বিঘা মাটিত অতি কমেও ১০০০০ টকা লাভ পোৱা যায় । পৰম্পৰাগতভাৱে ঘাইকৈ ঘৰ সজা আৰু বেৰ দিয়া কামত বাঁহৰ সঘন প্রয়োগ হয় । তদুপৰি কৃষি সজুলি, বিভিন্ন সামগ্রী, পাচি খৰাহি, মাছ ধৰা সঁজুলি আদি কমতো বাঁহ ব্যৱহাৰ হয়। বাঁহ গাজ খাদ্যৰ বাবে, বাঁহ গছৰ পাত পশুৰ বাবে, বাঁহৰ ঠানি আৰু মূল বিভিন্ন সঁজুলি সজাৰ কামত প্ৰয়োগ কৰিব পাৰি। চতুৰ্থতে, অসমত কাগজ উদ্যোগৰ সম্ভাৱনীয়তাও প্ৰচুৰ। অসমৰ হাবিত বছৰি ১৩ লাখ টন বাঁহ উৎপাদন হয় । অসমত প্রাপ্ত বাঁহ সম্পদৰ ভিত্তিত কাগজ উদ্যোগ প্রতিষ্ঠা হৈছে । ইয়াৰ উপৰিও অনাৰসৰ পাতবোৰৰ ভিতৰত থকা আঁহ আৰু কলগছৰ আঁহৰ পৰাও সুন্দৰ হস্তজাত কাগজ তৈয়াৰ কৰিব পাৰি । বিয়াৰ নিমন্ত্রণী চিঠি আদিত এই কাগজ ব্যৱহাৰ কৰিব পাৰি । আমাৰ নিবনুৱা যুৱক যুৱতীসকলে কম খৰচতে এই উদ্যোগ গঢ়ি তোলাত মন দিব পাৰে । পঞ্চমতে, সমবায় ভিত্তিত স্থাপন কৰা গোলাঘাট জিলাৰ অন্তৰ্গত বৰুৱা বামুণ গাঁওৰ চেনিকলৰ ১৯৫৮ চনৰ ৮ ডিচেম্বৰৰ পৰা উৎপাদন আৰম্ভ হোৱাৰ লগে লগে অসমত চেনি উদ্যোগৰ শুভাৰম্ভ হয় । অসমৰ বিভিন্ন জিলাবোৰৰ ভিতৰত কামৰূপ আৰু শিৱসাগৰ জিলাত যথেষ্ট পৰিমাণে কুঁহিয়াৰ খেতি হয় । অসমত চেনি উদ্যোগ স্থাপনৰ ক্ষেত্ৰত উজ্জ্বল সম্ভাৱনা থকাৰ বাবে ১৯৭১ চনত কাছাৰ জিলাত আন এটা চেনিকল স্থাপন কৰা হৈছিল । ইয়াৰ উপৰিও অসমৰ নগাঁও জিলাৰ কামপুৰত আন এটা চেনিকল স্থাপন কৰা হয় । এই কাৰখানটোত প্রতিদিনে ৩২০ কঁহিয়াৰ চেপিব পৰা ক্ষমতা আছে । যষ্টতে, অসমত তামোলৰ পৰা হ'ব পৰা উদ্যোগৰ উজ্জ্বল ভবিষ্যত আছে । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণৰ তামোলখেতি হয় আৰু ইয়াৰ চাহিদাও আন ৰাজ্যৰ তুলনাত বেছি । আমাৰ স্থানীয় যুৱক যুৱতীসকলে চুপাৰিৰ পৰা পান পৰাগ আৰু গুটকা তৈয়াৰ কৰা বিদ্যা শিকি এই ব্যৱসায়ত হাত দিব পাৰে । এই ব্যৱসায় অতি লাভজনক আৰু বজাৰৰ বাবে চিন্তাৰ প্ৰয়োজন নাই। তাৰোপৰি নাৰিকলৰ গছৰ পৰা ঝাড়ু, ৰচি, বস্তা, ব্ৰাচ আদি কম খৰচতে বনাই আত্মনিৰ্ভৰশীল হ’ব পাৰি । সপ্তমতে, অসমত ফল-মূলৰ উৎপাদন অধিক পৰিমাণে হয় । গতিকে ইয়াৰ পৰা হ'ব পৰা ফুড় প্রছেচিং উদ্যোগৰ সম্ভাৱনীয়তা অধিক। এই উদ্যোগৰ জৰিয়তে ফলমুলৰ পৰা আমৰ ৰস, নেমুৰস, আনাৰসৰ ৰস, কুহিয়াৰৰ ৰস, মধুৰি আমৰ জেলি-জাম প্রস্তুত কৰি টেমাত ভৰাই সংৰক্ষণকাৰী ঔষধৰ প্ৰয়োগ কৰি বহুদিনলৈ বিক্ৰীৰ বাবে ৰাখিব পাৰে । নিবনুৱা যুৱকসকলে এই কামৰ জড়িয়তে আত্মনির্ভশীল হ'ব পাৰে আৰু যথেষ্ট আয় উপার্জন কৰিব পাৰে

অষ্টমতে, আন এবিধ চাহিদা থকা কৃষিভিত্তিক উদ্যোগ হ'ল কাঠফুলা পেকেজিং । এই কাঠফুলাৰ খেতি কম খৰচতে ঘৰতে বহি পেকেজিং কৰি বজাৰত বিক্ৰীৰ বাবে পঠাব পাৰে । এই কাঠফুলা বিদেশলৈও ৰপ্তানি হয় । এনে ধৰণৰ পেকেজিং গোট এটা স্থাপন কৰাৰ খৰচো বেছি নহয়। আনহাতে বর্তমান চিত্ৰনলা উদ্যোগৰ সম্ভাৱনীয়তাও প্ৰচুৰ । চিত্ৰনলা গছৰ ৰস পৰিশোধন কৰি চিত্ৰনলা প্রস্তুত কৰা হয় । এই তেলৰ গোন্ধে মৌ মাখি আৰু অন্যায়কাৰী পতঙ্গবোৰক দূৰত ৰাখে । গোটেই বিশ্বৰ বজাৰতে এই তেলৰ চাহিদা আছে । ওপৰত উল্লেখ কৰা এই কৃষিভিত্তিক উদ্যোগ স্থাপনৰ সম্ভাৱনীয়তা অসমত আন যিকোনো উদ্যোগ স্থাপনৰ সম্ভাৱনীয়তাতকৈ বেছি । অসমত কৃষিজাত দ্রব্য বহুতো আছে যদিও ইয়াৰ ভিতৰত উদ্যোগ স্থাপনৰ বাবে উপযোগী দ্ৰব্যবোৰ বাচি লৈ বহুতো সৰু সৰু উদ্যোগ স্থাপন কৰিব পাৰি । এই উদ্যোগসমূহ গঢ়ি উঠাৰ লগে লগে অব্যৱহৃত পেলনীয়া কৃষিজাত বস্তুবোৰৰ সদ ব্যৱহাৰ হ’ব । আকৌ, ইয়াৰ জড়িয়তে অসমৰ খেতিয়কসকলৰ আয় যথেষ্ট পৰিমাণে বৃদ্ধি পাব । দেখা যায় যে এক বুজন সংখ্যক গাঁৱলীয়া মানুহ এই উদ্যোগৰ পৰা তেওঁলোকৰ আয় উপাৰ্জন কৰিছে আৰু ই বহু মানুহৰ জীৱিকাৰ পথ নিৰ্বাহৰ প্ৰধান উৎস। অসমত এই উদ্যোগৰ বিকাশৰ লগে লগে শিল্পোন্নয়নৰ পৰিৱেশ উন্নত হ'ব । অসমত চাহ শিল্পৰ উন্নতিৰ লগে লগে বহু সংখ্যক ক্ষুদ্র উদ্যোগ যেনে চাহ উৎপাদনৰ যন্ত্রপাতি, চাহৰ বাকছ, প্লাইউড আদি শিল্প গঢ়ি উঠাত সহায় হ'ব। ইয়াৰ উপৰিও অসমতকৃষিভিত্তিক উদ্যোগবোৰ গঢ়ি উঠাৰ লগে লগে বিভিন্ন কৃষিজাত বস্তু আৰু অব্যৱহৃত বস্তুবোৰৰ বজাৰৰ সৃষ্টি হ’ব। ফলত ৰাজ্যৰ অৰ্থনীতিৰো যথেষ্ট উন্নতি হ’ব। লগতে এই উদ্যোগৰ বিকাশে আমাৰ অৰ্থনীতিত দেখা দিয়া নিবনুৱা সমস্যা বহুখিনি দূৰ কৰিব । কাৰণ কৃষিভিত্তিক উদ্যোগসমূহ শ্রম নিবিড় অর্থাৎ ইয়াত শ্রমিক নিয়োগৰ অনুপাত বেছি । অসমৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাই আহিছে আৰু ফলত নিবনুৱা লোকৰ সংখ্যাও বাঢ়ি গৈ আছে বাবে এই শিল্পৰ জড়িয়তে এই ভয়াবহ নিবনুৱা সমস্যা কিছু পৰিমাণে সমাধান কৰিব পৰা যাব ।  কাৰণ কৃষিভিত্তিক উদ্যোগ গঢ়ি উঠাৰ লগে লগে অসমত যথেষ্ট লোকৰ কৰ্ম-সংস্থাপনৰ সৃষ্টি হ'ব ।

ৰাজ্যখনত জনসংখ্যা বাঢ়ি অহাৰ লগে লগে কৃষিভূমিৰ ওপৰত জনসংখ্যাৰ হেচা বাঢ়ি গৈছে । মাটিৰ ওপৰত নিৰ্ভৰশীল ব্যক্তি প্রয়োজনতকৈ বেছি । ফলত প্রচ্ছন্ন নিবনুৱা সৃষ্টি হৈছে । কৃষিজাত শিল্পৰ প্ৰসাৰ সাধন কৰি এই প্ৰচ্ছন্ন নিবনুৱাসকলক কর্ম-সংস্থাপন দিব পাৰি। আনহাতে অসমৰ কুটিৰ আৰু ক্ষুদ্র উদ্যোগৰ উন্নয়নত কৃষিভিত্তিক উদ্যোগসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে । কিয়নো কৃষিভিত্তিক উদ্যোগৰ উন্নয়নৰ লগে লগে বহুতো নতুন কুটিৰ আৰু ক্ষুদ্ৰ কুটিৰ আৰু ক্ষুদ্র উদ্যোগবোৰ পুনৰজীৱিত হ’ব । এইদৰে দেখা যায় যে অসমৰ অর্থনীতিত কৃষিভিত্তিক উদ্যোগৰ সম্ভাৱনা প্ৰচুৰ ।

লেখিকাঃ ড০ নমিতা দেৱী, 

সহযোগী অধ্যাপক, অৰ্থনীতি বিভাগ

পশ্চিম গুৱাহাটী মহাবিদ্যালয়,

ফোনঃ ৮৭২১৮৩৪৭২৫

লগতে পঢ়কঃ অভিনেতা পংকজ ত্ৰিপাঠী কৃষি নেটৱৰ্কৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত

English Summary: agro-based industries Posibilities in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.