1. সফল কাহিনী

ক’লা ধান, পাম অইল আৰু ভেনিলা খেতিৰে সফল হৰকান্ত বসুমতাৰী

PANKAJ KHANIKAR
PANKAJ KHANIKAR

গোৱালপাৰা জিলাৰ এজন প্ৰগতিশীল কৃষক হৰকান্ত বসুমতাৰী। চাকৰি সক্ৰান্তীয় কামত কৃষকগৰাকী প্ৰথমে গোৱালপাৰা জিলাৰ কৃষি বিজ্ঞানকেন্দ্ৰৰ কৃষি বিশেষজ্ঞসকলৰ সংস্পৰ্শলৈ আহে। সেই সংস্পৰ্শই চাকৰি সন্ধানত থকা হৰকান্ত বসুমতাৰীক কৃষিক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত কৰে। সেয়াই আৰম্ভণি। তাৰ পাছতে কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰে। প্ৰথমে ক’লা ধান, তাৰপিছতে পাম অইল আৰু শেহতীয়াকৈ তেওঁ ভেলিনা খেতি কৰিবলৈ লয়। এনেকৈ কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈ তেওঁ কম দিনতে এজন সফল কৃষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।

প্ৰথমে তেওঁ আধুনিক পদ্ধতিৰে ক’লা ধানৰ খেতি কৰিবলৈ লয় গোৱালপাৰা জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিশেষজ্ঞসকলৰ অনুপ্ৰেৰণাত। যিটো ধানৰ খেতিৰ পৰা তেওঁ প্ৰতিবিঘা মাটিৰ ২০ হাজাৰ টকা উপাৰ্জন কৰিছিল। বৰ্তমান তেওঁ নিজেই এই ধানৰ খেতি কৰাৰ লগতে আন কৃষকো ক’লা ধানৰ খেতি কৰিবলৈ দিয়ে আৰু সেই ধান তেওঁলোকৰ পৰা ক্ৰয় কৰে। ক্ৰয় কৰাৰ পাছতে চাউল হিচাপে পেকেজিং কৰি বহি:ৰাজ্যৰ ৰপ্তানিৰ লগত জড়িত ব্যক্তিক বিক্ৰি কৰে। তেওঁলোকে সেই চাউল দেশৰ ভিন্ন ৰাজ্যৰ লগত বিদেশলৈ ৰপ্তানি কৰে। আপোনালোকক জনাও সম্প্ৰতি দেশত ক’লা চাউলৰ এখন ভাল বজাৰ আছে। খাবলৈ সুস্বাদু আৰু বিভিন্ন ৰোগৰ প্ৰতিবেধক হিচাপে চিহ্নিত এই ক’লা চাউল সম্প্ৰতি বেচ চৰ্চাত আছে।

বিগত প্ৰায় ৩ বছৰ ধৰি কৃষকগৰাকীয়ে পাম অইলৰ খেতি কৰিবলৈ লয়। কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে, পাম অইলৰ খেতি কৰি কৃষকগৰাকী যথেষ্ট লাভান্বিত হৈছে। বছৰত তেওঁ ৬-৭ বাৰকৈ পাম অইলৰ ফল বিক্ৰি কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়- প্ৰথমে মই ধান খেতি কৰি এবিঘা মাটিৰ পৰা ২০ হাজাৰ টকা উপাৰ্জন কৰিছিলো। আৰু এতিয়া পাম অইলৰ খেতিৰ পৰা প্ৰতিবিঘা মাটিৰ পৰা এক’লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো। শেহতীয়াকৈ আন এটা কাম কৰিবলৈ পৰিকল্পনা কৰি আছো। যাৰ পৰা প্ৰতিবছৰে এবিঘা মাটিৰ পৰা দুইলাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ম। তেওঁ কয়- পাম অইলৰ খেতি কৰিবলৈ চৰকাৰৰ পৰা যথেষ্ট সা-সুবিধা লাভ কৰিছে।

লগতে পঢ়ক- 

Mahindra Arjun Novo ৰ সৈতে সপোন বাস্তৱ কৰাৰ পথত কৃষক গুৰমেজ সিং

কৃষকগৰাকীয়ে এবিঘা মাটিৰ পৰা দুই লাখ টকা উপাৰ্জন কৰিবলৈ কৰি থকা কামটো হল- ভেলিনা খেতি। কৃষকগৰাকীয়ে শেহতীয়াকৈ এই ভেলিনা খেতি কৰিবলৈ লৈছে। এজোপা পাম অইলৰ পৰা আন এজোপা পাম অইলৰ মাজৰ ঠাইখিনিত কৃষকগৰাকীয়ে ভেলিনা আৰম্ভ কৰিছে। ক’লা চাউলৰ দৰেই বৰ্তমান সময়ত ভেলিনাৰ এখন ভাল বজাৰ আছে। আন্ত:ৰাষ্ট্ৰীয় বজাৰত। এক কেজি শুকান ভেনিলাৰ দাম ২০-২৫ হাজাৰ। শেহতীয়াকৈ অসমৰ বহু কৃষকে এই কামটো কৰিবলৈ লৈছে।

উল্লেখ্য যে কৃষকগৰাকীৰ অঞ্চলটোত বহু সময়ত বান্দৰৰ উপদ্ৰৱ কৰে। গতিকে কৃষকগৰাকীয়ে বায়’ ফ্ৰেন্সিং ব্যৱহাৰ কৰিছে। বায়’ ফেন্সিঙেৰে শস্যক সুৰক্ষা দিবলৈ যাওঁতে কৃষকগৰাকীয়ে উপাৰ্জনো কৰিছে বুলি জানিবলৈ দিয়ে। তেওঁ কয়- মই হাতীৰ পৰা কৃষিপথাৰখন সুৰক্ষা দিবলৈ কৃষিপথাৰৰ চাৰিসীমাত নেমুটেঙাৰ খেতি কৰি দিছো। কাঁইটীয়া হোৱাৰ বাবে নেমু গছবোৰক অতিক্ৰম কৰি হাতী কৃষিপথাৰলৈ আহিব নোৱাৰে। তদুপৰি মই মৌ পালনো কৰিছো হাতীৰ বাবে বাৰীৰ চাৰিসীমাত। এফালে, মই নেমু বিক্ৰি কৰি, মৌ বিক্ৰি কৰি উপাৰ্জন কৰিছো। আৰু আনফালে হাতীৰ পৰাও সুৰক্ষা পাইছো।

উল্লেখ্য কৃষক হৰকান্ত বসুমতাৰীয়ে পৰিকল্পিত ভাৱে এনেকৈ কাম কৰাত ৰাজ্যৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা বহু সময়ত বঁটা বাহনো লাভ কৰিছে। দেশৰ বাহিৰলৈয়ো ৰাজ্যৰ কৃষি বিভাগে তেওঁক প্ৰশিক্ষণৰ বাবে বিদেশলৈ প্ৰেৰণ কৰিছে। শেহতীয়াকৈ কৃষকগৰাকীয়ে নতুন দিল্লীত কৃষি জাগৰণ মিডিয়া গ্ৰুপ আৰু ICAR এ আয়োজন কৰা মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ড ২০২৪ত ৰাষ্ট্ৰীয় কৃষি পুৰস্কাৰ পাবলৈ সক্ষম হয়। কৃষকগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পৰা এই বঁটা গ্ৰহণ কৰে।

লগতে পঢ়ক- 

ড্ৰেগন ফল, মাল্টা, মৌচুমী খেতিৰে সফল চিৰাঙৰ আকবৰ আলী আহমেদ

English Summary: Success Story Of Harkanta Basumatary

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.