1. সফল কাহিনী

ড্ৰেগন ফল, মাল্টা, মৌচুমী খেতিৰে সফল চিৰাঙৰ আকবৰ আলী আহমেদ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Success Story Of Akbar Ali ahmed
Success Story Of Akbar Ali ahmed

কম দিনতে কৃষিকৰ্মৰেও সফলতা লাভ কৰিব পাৰে। কৃষিৰ জৰিয়তেও এজন ব্যক্তি প্ৰথম শ্ৰেণী চৰকাৰী চাকৰিয়ালৰ দৰে এক জীৱন কটাব পাৰে তাৰে এক নিদৰ্শন দাঙি ধৰিছে প্ৰগতিশীল কৃষক আকবৰ আলী আহমেদে। কেৱল ৮ টা বছৰতেই কৃষি আৰু কৃষিৰ ব্যৱসায়িক দিশটোকো গুৰুত্ব আৰোপ কৰি কৃষক আকবৰ আলীয়ে অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু প্ৰমাণ কৰি দেখুৱাইছে যে কৃষিৰ লগত জড়িত হৈয়ো, কৃষিবৃত্তি গ্ৰহণ কৰিয়ো এজন ব্যক্তি সমাজত সন্মানসহকাৰে এক জীৱন কটাব পাৰে।

কৃষক আকবৰ আলি চিৰাং চিৰাং জিলাৰ এজন প্ৰগতিশীল কৃষক। কৃষকগৰাকী ২০১৭ চনৰ পৰা উদ্যানশস্যৰ খেতিৰ লগত জড়িত। ভাৰতৰ অন্য প্ৰদেশৰ দৰে ড্ৰেগন ফল, মাল্টা, মৌচুমী, অনাৰস, আপেল বগৰী আদি শস্যৰ খেতি কৰি যে অসমতো লাভান্বিত হ’ব পাৰি তাৰ এক পৰিৱেশ সৃষ্টি কৰিছে, সম্ভাৱনাৰ সৃষ্টি কৰিছে কৃষক আছগৰ আলীয়ে। শেহতীয়াকৈ অসমত জনপ্ৰিয হৈ পৰা ড্ৰেগন ফল আৰু ইয়াৰ খেতিৰ অসমত বাটকটীয়া বুলিব পাৰি কৃষক আকবৰ আলীক। কৃষক আকবৰ আলিয়েই প্ৰথমবাৰৰ অসমত ড্ৰেগন ফলৰ খেতি কৰি ব্যৱসায়িক সফলতা লাভ কৰিছে। কৃষকগৰাকীৰ বৰ্তমান ৩০ বিঘা মাটিত উদ্যান শস্যৰ খেতি কৰি আছে।  কৃষকগৰাকীয়ে কেৱল নিজেই খেতি কৰাই নহয় বহু কৃষকক খেতিৰ প্ৰতি উৎসাহী কৰাৰ লগতে কৃষিৰে জড়িত বিভিন্ন কাম-কাজৰ লগত জড়িত। তেওঁৰ কৃষিফাৰ্মখনত ৩০ জন কৰ্মচাৰী আছে। তদুপৰি বহু স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীক পাৰ্ট টাইম কামৰো সুবিধা দিছে। যাৰ জড়িয়তে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে আজৰি সময়খিনি ১ ঘন্টা বা দুঘন্টাৰ বাবে কাম কৰি স্কুল-কলেজৰ খৰচ উলিয়াবলৈ এক সুবিধা লাভ কৰিছে। আৰু এক কৰ্মসংস্কৃতিয়ো গঢ় লৈ উঠিছে।

লগতে পঢ়ক- 

মিস্ত্ৰী যোগালীৰ পৰা ১০০ বিঘা মাটিৰ খেতিলৈ কৃষক আচগৰ আলী

কৃষকগৰাকীৰ খিদমাট নামৰ এখন নাৰ্চাৰীয়ো আছে। নাৰ্চাৰীখনত দেশ-বিদেশৰ উন্নতজাতৰ ফল-মূলৰ পুলি উপলব্ধ। নাৰ্চাৰীৰ যোগে কেৱল ফল-মূলৰ পুলি যোগান ধৰাই নহয় কোনো আগ্ৰহী ব্যক্তিক ফল-মূলৰ বাগানো পাতি দিয়ে তেওঁ। কেইবছৰমান পূৰ্বে উত্তৰাখণ্ডত যোগগুৰু ৰামদেৱকো এখন ড্ৰেগন ফলৰ বাগান পাতি দিয়ে কৃষকগৰাকীয়ে।

কৃষিক্ষেত্ৰখনত কৃষকগৰাকীয়ে কমদিনতে সফলতা অৰ্জন কৰাৰ মূলতে আছে খেতিত তেওঁ পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে আগবাঢ়িছে। আমাৰ কৃষকসকলে পৰম্পৰাগত ভাৱে যিবোৰ শস্য খেতিৰ বাবে নিৰ্বাচন কৰে তাৰ পৰা আমি ব্যতিক্ৰম ৰূপত দেখিবলৈ পোৱা যায় আকবৰ আলীক। তেওঁ অসমৰ কৃষকে পূৰ্বতে নকৰা কিছুমান শস্যৰ খেতি কৰিবলৈ লৈছে। যেনে ধৰক- ড্ৰেগন, মাল্টা, মৌচুমী, কিনি, আপেল বগৰী আদি। কৃষক আচগৰ আলিৰ বাংলাদেশৰ কৃষকৰ লগত এটা ভাল সম্পৰ্ক আছে। বাংলাদেশৰ কৃষকসকলৰ পৰা বিভিন্নসময়ত আইডিয়াসমূহ গ্ৰহণ কৰি নিজৰ কৃষিকৰ্মত প্ৰয়োগ কৰিছে। আৰু সুফল পাবলৈ সক্ষম হৈছে। উল্লেখ্য যে ড্ৰেগন, মাল্টা, মৌচুমী, কিনি, আপেল বগৰী আদি ফলসমূহৰ খেতি অসমত ব্যৱসায়িকভিত্তিত কৰি সফল হোৱা কৃষকসকলৰ অন্যতম আকবৰ আলি। অসমত ফলৰ এখন ভাল বজাৰ আছে। বহি:ৰাজ্যৰ পৰা অহা ফলেই অসমৰ ফলৰ বজাৰখন ভৰি থাকে। কিন্তু কৃষক আচগৰ আলিৰ দৰে দুই এজন কৃষকৰ বাবেই অসমৰ অসমত প্ৰয়োজন হোৱা ফল-মূলৰ দুই-এক শতাংশ পূৰাবলৈ সক্ষম হৈছে।

কৃষক আকবৰ আলিয়ে কৃষিখণ্ডত দেখুওৱা এনে সফলতাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা বিভিন্নসময়ত সন্মান লাভ কৰাৰ লগতে কৃষিকাৰ্য আৰু আগবঢ়াই নিবলৈ বিভিন্ন সময়ত বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধাও প্ৰদান কৰিছে। শেহতীয়াকৈ তেওঁ নতুন দিল্লীস্থিত ICAR পুছা গ্ৰাউণ্ডত কৃষি জাগৰণ মিডিয়া গ্ৰুপ, ICAR  আৰু মহিন্দ্ৰা টেক্টৰছে আয়োজন কৰা মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া ২০২৪ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন ৰাষ্ট্ৰীয় কৃষি পুৰস্কাৰ গ্ৰহণ কৰে কৃষক আকবৰ আলীয়ে।

লগতে পঢ়ক- 

Progressive Farmer : টেবুলৰ চাকৰি নিবিচৰা ২৪ বছৰীয়া ছোৱালীজনী

English Summary: Success Story Of Akbar Ali ahmed

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.