1. সফল কাহিনী

বছৰত ১.৫ কোটি টকাৰ ব্যৱসায়, ১২৫ গৰাকী মহিলা-পুৰুষক সংস্থাপন

PANKAJ KHANIKAR
PANKAJ KHANIKAR

খেতি লাভজনক বুলি নহয় বুলি কোনে কয়! খেতি কৰা মানে কোনো সৰু কাম নহয়! এই মন্তব্য স্মৰীকা চন্দ্ৰকাৰৰ। স্মৰিকা চন্দ্ৰকাৰ ছত্তিছগড়ৰ এগৰাকী যুৱতী। এটা কৃষক পৰিয়ালৰ জীয়ৰী যদিও স্মৰিকাই মুম্বাই ৰায়পুৰত কম্পিউটাৰ চায়েঞ্চত গেছুৱেশ্বন কম্পিলেট কৰাৰ পাছতে পুনেৰ পৰা এমবিএ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়তে পুনেৰ এটা এটা প্ৰতিষ্ঠানত ছিনিয়ৰ বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ হিচাপে ৫ বছৰ কাম কৰে। ছুটিৰ দিনবোৰত স্মৰিকাই গাঁৱৰ ঘৰলৈ আহে। পৰিয়ালৰ সৈতে খেতি-বাতি কামবোৰত ব্যস্ত হৈ পৰে। খেতি পথাৰত পূৰ্বতকৈ কেনেকৈ আৰু অধিক উন্নতি কৰিব পাৰি সেই বিষয়ে ঘৰৰ মানুহখিনিৰ মাজত আলোচনা। স্মৰিকায়ো ছুটিৰ দিনবোৰত ঘৰত থাকোঁতে এই আলোচনা বোৰত ভাগ লয়। আলোচনাবোৰত ভাগ লওঁতে ধান খেতিতকৈ পাচলি খেতিত অধিক লাভ হয় বুলি পৰিয়ালৰ মানুহখিনিক পতিয়ন নিয়ায়।

পৰৱৰ্তী সময়তে ২০১৯ চনত  কোনডোখৰ মাটিত কেনেকুৱাধৰণৰ পাচলি ভাল হ’ব তাক লৈ পৰীক্ষা-নিৰীক্ষা চলাবলৈ লয়। এই পৰীক্ষাৰ ফলাফল আছিল আচৰিতধৰণৰ। এই পৰীক্ষাৰ অন্তত স্মৰিকাৰ পৰিয়ালে  তেওঁলোকৰ ২০ একৰ মাটিত খেতি কৰিবলৈ লয় আৰু স্মৰিকাই পুনেৰ ছিনিয়ৰ বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰৱ চাকৰি এৰি কৃষিকে প্ৰধান বৃত্তি হিচাপে গ্ৰহণ কৰে। স্মৰিকাই কয় যে বিগত ৩ বছৰত তেওঁলোকৰ কৃষিফাৰ্মে ৫০ টন পৰ্যন্ত বিলাহীৰ ব্যৱসায় কৰে। আৰু বিগত বৰ্ষটোত তেওঁলোকৰ পৰিয়ালে ১.৫ কোটি টকাৰ ব্যৱসায় কৰে।

চাকৰি এৰি পোণপটীয়াকৈ খেতিত মনোনিৱেশ কৰাৰ পাছতে স্মৰিকাই আধুনিক পদ্ধতিৰে খেতি কৰিবলৈ লয় কৃষিভূমিত ড্ৰীপ ইৰিগেশ্বন, মালচিং পেপাৰ, উন্নত বীজ, বিদেশী শাক-পাচলিক অন্তভূৰ্ক্ত কৰিবলৈ লয়। আৰু পথাৰত কাম কৰিবলৈ গ্ৰাম্য মহিলাসকলক নিয়োগ কৰে। বৰ্তমান তেওঁৰ কৃষিপথাৰত কাম কৰা ১২৫ গৰাকী শ্ৰমিকৰ অধিকাংশই মহিলা। তাই কয়- মই যদি ধান খেতি বা ঘেঁহ খেতি কৰিলো হয় বছৰত এডোখৰ মাটিত এটা বা দুটাহে খেতি কৰিব পাৰিলো হয়। কিন্তু মই এতিয়া এবছৰত এডোখৰ মাটিতে কেইবাটাও খেতি কৰো। পাচলিবোৰৰ কম সময়তে লাগে, ৩-৪ মাহতে এবিধ পাচলি পুৰঠ হৈ উঠে। সম্প্ৰতি স্মৰিকাই ককায়েক আৰু দেউতাকৰ সৈতে ২০ একৰ মাটিত খেতি কৰে। শেহতীয়াকৈ তেওঁলোকে আৰু ১৫ একৰ মাটিত বিভিন্নধৰণৰ পাচলি খেতি কৰাৰ কথা পৰিকল্পনা কৰিছে। আৰু কৃষিভূমিত আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ পৰিকল্পনা কৰিছে।

লগতে পঢ়ক- 

Progressive Farmer : টেবুলৰ চাকৰি নিবিচৰা ২৪ বছৰীয়া ছোৱালীজনী

English Summary: Left his job and farming started 20 acres of land

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.