
বিশ্বনাথ জিলাৰ গহপুৰৰ বড়ীগাঁৱৰ এজন যুৱ কৃষক জীৱন চাহানী। বৰ্তমান কৃষকগৰাকীয়ে ১৬ বিঘা মাটিত বিভিন্ন উদ্যান শস্য আৰু বিভিন্নধৰণৰ ঋতুকালীন শস্যৰ খেতি কৰে। ইয়াৰোপৰি বতৰত ধান আৰু সৰিয়হৰ খেতিয়ো কৰে কৃষক জীৱন চাহানীয়ে। যুৱ কৃষক জীৱন চাহানীৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা ভাল নোহোৱাৰ বাবে জীৱিকা হিচাপে তেওঁ তামিলনাডুত ১৮ হাজাৰ টকাৰ মাহিলি বেতনৰ এটা প্ৰাইভেট চাকৰি কৰিছিল। সেয়া ২০১৮-১৯ চনৰ কথা।
চাকৰি কৰি থকাৰ সময়তে ক’ভিডৰ প্ৰকোপ বেছি হোৱাত ২০২০ চনত তামিলনাডু এৰিব লগা হয় বৰ্তমানৰ প্ৰগতিশীল যুৱ কৃষকগৰাকীয়ে। ঘৰলৈ আহি পৰিয়ালটোৰ পোহপাল দিবলৈ কিবা এটা কৰাৰ কথা ভাৱিলে। ইফালে, লকডাউন চলি আছে, অন্য কাম কৰাৰ পৰিৱেশ সময়ত নাই। গতিকে খেতি কৰাৰে সেই সিদ্ধান্ত ললে। কিন্তু খেতি কৰিবলৈ নিজৰ মাটি নাই। কেৱল ভেঁটি মাটি থকা কম বয়সীয়া যুৱকজনে ওচৰৰে এজন ব্যক্তিৰ পৰা এবিঘা মাটি লীজত আৰম্ভ কৰিলে খেতি।(যিসকল লোকে মাটি নাই বাবে খেতি কৰো কেনেকৈ বুলি কৈ থাকে তেওঁলোকে জীৱন চাহানীৰ এই আইডিয়াটো লব পাৰে।) এই যে তেওঁ আৰম্ভ কৰিলে এই আৰম্ভণিয়েই জীৱন চাহানীৰ জীৱনৰ মাইলৰ খুঁটি হৈ পৰিল। তেওঁ আৰু এতিয়া পাছলৈ ঘূৰি চাব লগা হোৱা নাই। বৰ্তমান তেওঁ ১৬ বিঘা মাটিত কৰে। নিজাকৈ কেইবাবিঘা মাটি ক্ৰয় কৰিছে লগতে এখন ডাঙৰ টেক্টৰো খেতিৰ পইচাৰে ক্ৰয় কৰে।
যোৱা বছৰ তেওঁ ১৫০ বিঘা মাটিত সৰিয়হ খেতি কৰে আৰু এইবাৰ ৩০০ বিঘা মাটিত কৰিব বুলি তেওঁৰ সৈতে হোৱা কথা-বতৰাত আমাক জানিবলৈ দিয়ে। লগতে জনাও বৰ্তমান তেওঁ ৫-৬ জনমান স্থায়ী কৰ্মচাৰী নিযুক্তি দিছে নিজৰ কৃষিফাৰ্মত আৰু কেতিয়াবা এটা দিনত কামৰ ভৰপকৰ সময়ত ২০-২৫ জনকৈ লোকক নিজৰ কৃষিফাৰ্মৰ কামত লগায়। জীৱন চাহানীয়ে কয়- এটা মাহত প্ৰায় ৬০-৮০ হাজাৰ টকা তেওঁৰ কৃষিফাৰ্মত কাম কৰা শ্ৰমিকক মজুৰি দিয়ে।
লগতে পঢ়ক-
Golden Opportunity : পানৰ খেতিৰে অসমীয়া খেতিয়কৰ আয় দুগুণ কৰাৰ উপায়!
আঁতৰৰ পৰা দেখিলে কৃষি কৰ্মৰে খুব সহজে সফলতা লাভ কৰা যেন লাগে। জীৱন চাহানীৰ সফলতাৰ আঁৰত আছে সু পৰিকল্পনা, কঠোৰ পৰিশ্ৰম, অদম্য ইচ্ছাশক্তি আৰু কৃষিৰ প্ৰতি থকা অফুৰন্ত ভালপোৱাৰ। এইবোৰৰ অবিহনে ৫ বছৰীয়া কৃষক জীৱনত ইমান সফলতা লাভ কৰাতো অসম্ভৱ। কাৰণ আমি দেখিছো অসমৰ অধিকাংশ কৃষকে যুগ যুগ ধৰি খেতি কৰি আহিছে কিন্তু তেওঁলোকৰ সু পৰিকল্পনা, কঠোৰ পৰিশ্ৰম, অদম্য ইচ্ছাশক্তি আৰু কৃষিৰ প্ৰতি থকা অফুৰন্ত ভালপোৱাৰ অভাৱ। যাৰবাবে কৃষিকৰ্মৰ মাজত লুকাই থকা সম্ভাৱনাসমূহক বিচাৰি পোৱা নাই সেইসকল কৃষকে।
কৃষকগৰাকীয়ে পূৰ্বতে তেওঁ বহিঃৰাজ্যত কৰ্ম কৰি থকা জীৱন আৰু বৰ্তমান কৃষক জীৱনৰ এক তুলনা কৰি কয়- মই তেতিয়া মাহত ১৮ হাজাৰ টকা পাইছিলো। তেতিয়া লৰা-ছোৱালীৰ কাপোৰ-কানি, খোৱা-বোৱাবোৰতেই মোৰ উপাৰ্জন শেষ হৈছিল। কিন্তু বৰ্তমান মই নিজৰ ঘৰত থাকি কাম কৰিয়েই মোৰ ইয়াত কাম কৰা মানুহখিনি মাহেলি দৰমহা দি ৩০০০০ কেতিয়াবা ৪০ আৰু কেতিয়াবা ৫০ হাজাৰ টকা উপাৰ্জন কৰো।
তেওঁ বৰ্তমান বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতীসকলৰ উদ্দেশ্যি কয়- বাহিৰত ১২ ঘন্টা কাম কৰি মাহত ১৮-২০ হাজা্ৰ টকা উপাৰ্জন হয়। কিন্তু ঘৰত আহি নিজ ইচ্চামতে, পৰিকল্পিতভাৱে দৈনিক ৬-৮ ঘন্টা কাম কৰক মাহে ৩০-৪০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। কেৱল খেতিয়েই নহয়। দোকান দিয়ক, চাহৰ দোকান দিয়ক। চৰৱতৰ দোকান দিয়ক, কুঁহিয়া ৰসৰ দোকান দিয়ক। বিহাৰৰ পৰা মানুহ আহি অসমত এইবোৰ কাম কৰি নিজৰ দেশলৈ পইচা নি আছে, ঘৰ-পৰিয়াল চলাই আছে। আপোনালোকেই এইবিলাক কৰক।

শেষত ক’ব পাৰি- কৃষক জীৱন চাহানীৰ জীৱনৰ এই পৰিৱৰ্তনে প্ৰমাণ কৰে যে অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰে যিকোনো লক্ষ্যত উপনীত হ’ব পাৰি। তেওঁৰ জীৱনৰ এই ৰূপান্তৰে অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীক কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’বলৈ অনুপ্ৰাণিত কৰিব। লগতে জীৱন চাহানীৰ এই সফলতাই এই কথাও প্ৰমাণ অসমৰ মাটিত কৃষিৰ বিপুল সম্ভাৱনা আছে, প্রয়োজন কেৱল এক উৎসাহী মনৰ।
লগতে পঢ়ক-
Share your comments