1. সফল কাহিনী

Inspiring Story : গহপুৰত মীন পালনৰে বছৰি ৩ কোটি টকাৰ ব্যৱসায় অনুপ শৰ্মাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Founder, Director, CEO at Mahabahu Fisheries pvt ltd
Founder, Director, CEO at Mahabahu Fisheries pvt ltd

বিশ্বনাথ চাৰিআলিৰ গহপুৰৰ বাসিন্দা অনুপ শৰ্মা অসমৰ লেখত ল’বলগীয়া মীনপালকসকলৰ এজন। যিসময়ত এটা চৰকাৰী চাকৰিৰ বাবে  আমাৰ যুৱক-যুৱতীসকল ভোকাতুৰৰ দৰে আচৰণ কৰে তেনেসময়তে এটা মোটা অংকৰ দৰমহা পোৱা অনুপ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ চাকৰি এৰি 'মহাবাহু ফিচাৰিজ প্রাইভেট লিমিটেড'ৰ জৰিয়তে সমগ্র গহপুৰ মহকুমাত 'আত্মনির্ভৰশীলতাৰ বিপ্লব'ৰ নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মৎস্য সম্পর্কীয় এটাৰ পাছত এটা কোম্পানী স্থাপন কৰি অর্থনৈতিক ক্ষেত্ৰত নতুন দিগন্তৰ সুচনা কৰিছে। ব্যৱসায় বঢ়াই অধিক মানুহক সংস্থাপনো দিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০০১ চনত স্নাতকোত্তৰ ডিগ্ৰী সম্পন্ন কৰি অনুপ শৰ্মাই প্ৰথমে CSIR-উত্তৰ পূৰ্বাঞ্চল বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত গৱেষণা সহকাৰী হিচাপে ৫ টা বছৰ চাকৰি কৰে। পৰৱৰ্তী সময়ত স্বেচ্ছাসেবী সংস্থা, কৰুণা ট্রাষ্টত যোগদান কৰে। চাকৰি আৰু NGO ৰ কামত দেশ-বিদেশ ঘূৰি ফুৰোঁতেই অসমত মৎস্য উৎপাদনেৰে যে অর্থনীতি সবল কৰিব পৰা যাব সেই কথা অনুধাৱন কৰে।

এই সন্দৰ্ভত তেওঁ কয়- আমি কৰুণা ট্রাষ্টত থকাৰ সময়তে জাপান, ছিংগাপুৰ, থাইলেণ্ড আদি দেশে কেনেদৰে মৎস্য উৎপাদনৰে আত্মনির্ভৰশীল হৈছে অধ্যয়ন কৰিবলৈ গৈছিলোঁ। সেইসমূহ দেশে পতিত মাটিতো অধিক মাছ উৎপাদন কৰি জাগৰণ সৃষ্টি কৰিছে। বিদেশত তেনেবোৰ দিশৰ প্রশিক্ষণ লৈ কৰুণা ট্রাষ্টৰ পৰা মই চাকৰি বাদ দি গহপুৰৰ জকাইচুকীয়া গাঁৱত আৰম্ভ কৰিলো নিজাববীয়াকৈ মাছ উৎপাদন কর্মসূচী। সেই মৰ্মেই প্ৰথমে ২০১৬ চনত প্রথমে গহপুৰৰ জকাপাৰাত পৰিয়ালৰ ৩০ বিঘা মাটিত মাছ উৎপাদনৰ ব্যৱস্থা কৰো। পতিত মাটিত বছৰটোৰ বাৰ মাহেই ৮ ফুটকৈ পানী থাকে। খেতি কৰিলেও বানে উটুৱাই নিয়ে। সেই পতিত মাটিত মাছ উৎপাদন কৰি মহাবাহু ফিচাবিজ প্রাইভেট লিমিটেড নামৰ  প্রতিষ্ঠান স্থাপন কৰিলোঁ। বছৰি বান হোৱা মাটিত  মাছ উৎপাদন কৰি ক্ৰমে লাভৰ মুখ দেখিলোঁ। অধিক লাভ হোৱাত একেটা অঞ্চলৰে ৩০০ বিঘা পতিত মাটিও কিনিবলৈ সক্ষম হ'লোঁ। বৰ্তমান আমি ৩০০ বিঘা মাটিৰ পুখুৰী আৰু আমাৰ উদ্যোগটোৰ পৰা বছৰি ৩ কোটি টকাৰ ব্যৱসায় কৰো। লগতে তেওঁ কয়- ৰাজ্যখনৰ মীনপালকসকলৰ সমস্যাবোৰ অধ্যয়ন কৰি সেইবোৰ সমাধানৰ বাবে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আহিছো। অসমত মীনপালনৰ বাবে সততে সন্মুখীন হোৱা এটা সমস্যা হ’ল- ব্যয়বহুল মাছৰ খাদ্য ।

লগতে পঢ়ক- 

Banana Farming Profit : ৩০০ বিঘাত কল খেতি বছৰি ৩০ লাখ টকা উপাৰ্জন

তদুপৰি অসমত মাছৰ দানা উৎপাদন কৰা কোনো উদ্যোগ চকুত লগাকৈ নাই। এই সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি মীনপালক অনুপ শৰ্মাই নিজাববীয়াকৈ খাদ্য উৎপাদন কেন্দ্ৰ এটা স্থাপন কৰে। য’ত সম্প্ৰতি বছৰি ২০০ টন মাছৰ খাদ্য তৈয়াৰ হয়। ই তেওঁৰ নিজা খৰচ কমোৱাৰ লগতে ৰাজ্যখনৰ আন মীনপালকসকলকো সূলভ মূল্যত মাছৰ দানা যোগান ধৰিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে কেন্দ্ৰীয় চৰকাৰৰ 'মৎস্য সম্পদ যোজনা'ৰ অধীনত অনুপ কুমাৰ শর্মাই গহপুৰত ২০২০ চনত ৩০ লাখ টকাৰ বাজেটেৰে মাছৰ দানা উৎপাদন কৰা মলিটো স্থাপন কৰে। ইয়াৰে ১২ লাখ টকা কেন্দ্রীয় চৰকাৰে ৰাজসাহায্য দিয়ে।

অনুপ কুমাৰ শমাই কয়-মীন পালকৰ এনে বৃহৎ মাছৰ দানা উৎপাদন কেন্দ্র অসমত আছে বুলি শুনা নাই। মাছ উৎপাদন, মাছৰ দানা উৎপাদনতেই আমি ৰৈ থকা নাই। জ্যেষ্ঠ ভাতৃৰ সহযোগত প্রতিষ্ঠানটোৱে এপার্টৰ সহযোগত ৪৫ বিঘা মাটিত উন্নত প্রজাতিৰ মাছৰ পোনা উৎপাদন কেন্দ্র স্থাপন কৰা হৈছে। আমি ভুবনেশ্বৰৰ পৰা বিমানেৰে 'পোনা বেংক'ত প্রয়োজনীয় সামগ্রী আনো। গুণগত মানৰ পোনা বিতৰণ কৰি অসমত মাছৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য ধার্য কৰিছোঁ। দাদা অঞ্জন শর্মা আৰু আমাৰ উদ্দেশ্য হৈছে মাছ উৎপাদনৰ ক্ষেত্ৰত অসম আত্মনির্ভৰশীল হ'ব লাগিব। তেনে পৰিবেশ আমি সৃষ্টি কৰিব পাৰিলেহে আনে আদর্শ ল'ব। শর্মাই কয় যে মাছৰ উৎপাদনত অসম আত্মনির্ভৰশীল হ'লে অর্থনীতি মজবুত হ'ব। সেয়ে আমি জাপান আদিত মাছৰ উৎপাদন কেনেকৈ বঢ়াব পাৰি প্রশিক্ষণ লৈছিলো আৰু সফলো হৈছোঁ।

প্ৰশিক্ষণ আৰু জ্ঞানৰ বিতৰণ

অনুপ শৰ্মাই কেৱল ব্যৱসায়েই নকৰে। মাছৰ বাবে অসমৰ আন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল নহ’বলৈ  নিজাববীয়াকৈ তেওঁ প্ৰচেষ্টা লোৱাৰ লগতে ৰাজ্যখনৰ বহু খেতিয়কক মীন পালনৰ প্ৰশিক্ষণ দিয়ে। তেওঁ জানিবলৈ দিয়া মতে, এটা মাহতেই তেওঁ ৩০০ খেতিয়কক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়ে, আৰু এতিয়ালৈকে ২০০০তকৈ অধিক লোকক মীন পালনৰ কৌশল শিকাইছে। প্ৰশিক্ষণত তেওঁ মাছ পালন, পোনা উৎপাদন, খাদ্য ব্যৱস্থাপনা আদি সকলো বিষয় অন্তৰ্ভুক্ত কৰে।

লগতে পঢ়ক- 

বান্দৰৰ বাবে একো কৰিব পৰা নাই নেকি! তেন্তে এই লেখাটো আপোনাৰ বাবে!

গৱেষণাৰ পৰা প্ৰয়োগলৈ

CSIR-ত গৱেষক হিচাপে কাম কৰা অনুপ শৰ্মাই বিশ্বাস কৰে যে গৱেষণাৰ জ্ঞান প্ৰকৃত খেতিয়কৰ কাষ নোপোৱাটোৱেই অসমৰ মীন পালনৰ বিকাশত বাধা হৈ আছে বুলি কয়। কিন্তু তেওঁৰ এই উদ্যোগে গৱেষণা আৰু প্ৰয়োগৰ মাজৰ ব্যৱধান কমাইছে।

চাকৰিৰ পৰা উদ্যোগীলৈ

চাকৰি এৰি অনুপ শৰ্মাই আজি বছৰি ১০০ টন মাছ আৰু ১ কোটি টকাৰ মাছৰ পোন উৎপাদন কৰি ৩ কোটি টকাৰ ব্যৱসায় গঢ়িছে। তেওঁৰ সফলতাই প্ৰমাণ কৰিছে যে অসমত মীন পালনৰ বিশাল সম্ভাৱনা আছে।

মীনপালক অনুপ শৰ্মাৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়- অসমত বেছি সময় ধৰি বৰষুণ আৰু বানপানী হোৱা বাবে ইয়াৰ মাছৰ চাহিদা পূৰণ কৰিবলৈ প্ৰায়ে আন্ধ্ৰপ্ৰদেশৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। কিন্তু আমাৰ প্ৰচেষ্টাই এই নিৰ্ভৰশীলতা কমাইছে। আৰু আজি আমি মাছৰ পোন ৰপ্তানি কৰা ৰাজ্যলৈ পৰিণত হৈছো।

যুৱকসকলৰ বাবে অনুপ্ৰেৰণা

মীনপালক গৰাকীয়ে কয়- "যুৱকসকলে কৃষি ক্ষেত্ৰত আগবাঢ়ি অহা উচিত। চৰকাৰী সহায়ো আছে, প্ৰয়োজন মাথোঁ উৎসাহ আৰু কঠোৰ পৰিশ্ৰম।" তেওঁৰ জীৱনৰ এই সফল যাত্ৰাই প্ৰমাণ কৰিছে যে অসমৰ মাটিতো বৃহৎ সফলতাৰ সম্ভৱ। অনুপ কুমাৰ শৰ্মাৰ এই যাত্ৰা অসমৰ কৃষি আৰু মীন পালন ক্ষেত্ৰত এখন নতুন দুৱাৰ খুলি দিছে। তেওঁৰ দৰে উদ্যমীৰ উত্থানেহে অসম কৃষিত আত্মনিৰ্ভৰশীল হ’ব পাৰিব।

লগতে পঢ়ক- 

Certified Paddy Seeds Production : প্ৰমাণিত ধানৰ বীজ উৎপাদন কৰি সফল শিৱসাগৰ কৃষক

English Summary: Earning 3 crore rupees yearly from fish farming.

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.