1. সফল কাহিনী

Certified Paddy Seeds Production : প্ৰমাণিত ধানৰ বীজ উৎপাদন কৰি সফল শিৱসাগৰ কৃষক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Certified Paddy Seeds Production In Assam
Certified Paddy Seeds Production In Assam

ধানৰ  প্ৰমাণিত বীজ উৎপাদনেৰে সফলতা লাভ কৰিছে শিৱসাগৰৰ শিলৰ সাঁকোৰ প্ৰগতিশীল কৃষক হেমিদূৰ ৰহমানে। বিগত কেইবাটাও বছৰ ধৰি  ৰাজ্যৰ কৃষি বিভাগৰ সহযোগিতাত কৃষকগৰাকীয়ে বীজ উৎপাদনৰ কৰি আহিছে। সাধাৰণতে ১ কেজি ধানৰ বজাৰৰ মূল্য ২০-২৫ টকা। কিন্তু কৃষকগৰাকীয়ে বীজৰ বাবে  ধান উৎপাদন কৰি প্ৰতিকেজি ধান ৪০-৫০ টকাত বিক্ৰি কৰে। ২০২৪ বৰ্ষটোত কৃষকগৰাকীয়ে ১৩০ কুইন্টল ধানৰ বীজ উৎপাদন কৰি কৃষকক যোগান ধৰিছিল। এইবাৰ ১৫০ কুইন্টল ধানৰ বীজ তেওঁ কৃষকসকলক যোগান ধৰিব বুলি আমাক জানিবলৈ দিয়ে।

ধানৰ প্ৰমাণিত বীজ উৎপাদন আৰু প্ৰমাণিত বীজৰ ধানৰ খেতি কৰিলে কৃষকসকল লাভান্বিত হয় বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়- প্ৰমাণিত ধানৰ বীজ উৎপাদন প্ৰক্ৰিয়াটো অলপ দিঘলীয়া। প্ৰথমে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা মূল বীজ বা Foundation Seedটো সংগ্ৰহ কৰিব লগীয়া হয়। তাৰপিছতে সেই বীজৰ ধানৰ খেতি কৰো। তাৰপিছতে বীজ প্ৰমাণিকৰণৰ অধীনত পঞ্জীয়ন কৰিব লাগে। পঞ্জীয়ন কৰাৰ যিটো প্ৰতিষ্ঠানৰ অধিনত ধানৰ প্ৰমাণিত বীজৰ উৎপাদনৰ বাবে পঞ্জীয়ন কৰা হৈছিল সেই প্ৰতিষ্ঠানৰ কৃষি বিজ্ঞানীসকলে আহি আপোনাৰ কৃষি পথাৰখন পৰিদৰ্শন কৰিব। পৰিদৰ্শন কৰি ধানৰ গুণাগুণ পৰীক্ষা কৰিব। পৰৱৰ্তী সময়ত ধান কটাৰ পাছতে বীজৰ বাবে সংগ্ৰহ কৰা ধানখিনি চেম্পল তেওঁলোকলৈ পঠাব লাগে। তেওঁলোকে পৰীক্ষা কৰি ধানখিনি যদি বীজৰ বাবে উপযুক্ত বুলি চাৰ্টিফিকেট দিয়ে তেতিয়া সেই বীজখিনি কৃষকৰ বাবে আমি এৰি দিয়ো। তেওঁ কয়- যোৱাবছৰ মই ১৩০ কুইণ্টল ধানৰ বীজ বিক্ৰি কৰিছো। কিন্তু চাহিদা অনুপাতে মই কৃষকসকলক যোগান ধৰিব নোৱাৰিলো। এইবাৰ ১৫০ কুইন্টল ধান বীজৰ বাবে উৎপাদন কৰিছো। এনেকৈ ধানৰ প্ৰমাণিত বীজ উৎপাদন কৰি আমি সফলতা লাভ কৰিছো।

কৃষকগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ ধানৰ বীজসমূহ ৬ কেজিকৈ পেক কৰি সাৰৰ দোকানসমূহত বিক্ৰি কৰিবলৈ দিয়ে। স্থানীয় সাৰৰ অনুজ্ঞাপত্ৰ থকা দোকানসমূহ তেওঁৰ পৰা পাইকেৰি ৰেটতত কিনি লৈ যায়। তেওঁ কয়- বৰ্তমান মোৰ ধানৰ বীজৰ বজাৰখনৰ পৰিসৰ বাঢ়িছে। নাগালেণ্ড-অৰুণাচললৈ মোৰ বীজ যায়। উজনী-নামনিৰ কেইবাখনো জিলাৰ কৃষকেও মোৰ বীজ ক্ৰয় কৰে।  তেওঁ পুনৰ কয়- বৰ্তমান প্ৰমাণিত বীজৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। প্ৰমাণিত বীজৰ খেতি কৰি ভাল ফলাফল পাবলৈ সক্ষম হৈছে। মই আমাৰ কৃষকসকলক কওঁ- আপোনালোকে প্ৰমাণিত বীজৰ খেতি কৰক। নিজেও বীজ উৎপাদন কৰক আৰু ৰাজ্যৰ কৃষিখণ্ডক আগুৱাই লৈ যাওঁক।

লগতে পঢ়ক- 

ক’লা ধান, পাম অইল আৰু ভেনিলা খেতিৰে সফল হৰকান্ত বসুমতাৰী

English Summary: Certified Paddy Seeds Production In Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.