1. সফল কাহিনী

Banana Farming Profit : ৩০০ বিঘাত কল খেতি বছৰি ৩০ লাখ টকা উপাৰ্জন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
An Assam Farmer Turned Banana Farming into a Rs 30 Lakh-a-Year Business
An Assam Farmer Turned Banana Farming into a Rs 30 Lakh-a-Year Business

গোৱালপাৰা জিলাৰ মাদাংগাঁৱৰ এজন প্ৰগতিশীল কৃষক দেৱব্ৰত ৰাভা। কৃষকজনে প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ মাটিতো সফলতা অৰ্জন কৰিব পাৰি। মাত্ৰ ৪ বিঘা মাটিৰ পৰা আৰম্ভ কৰি এতিয়া ৩০০ বিঘাত কল খেতি কৰি বছৰি ৩০ লাখ টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কৃষকগৰাকীৰ এই সফলতাই কৃষিক্ষেত্ৰখনত লুকাই সম্ভাৱনাক লোকচক্ষুৰ সন্মুখলৈ তুলি ধৰিছে যে খেতি কৰিয়ো আমি আমাৰ সপোনৰ পৃথিবীখত বিচৰণ কৰিব পাৰো।

পৰিয়ালৰ পৰা পোৱা অনুপ্ৰেৰণা
দেবব্ৰত ৰাভাৰ জন্ম হৈছিল এটা খেতিয়ক পৰিয়ালত। সৰুৰে পৰা তেওঁৰ মাটিৰ প্ৰতি আছিল গভীৰ মমতা। কৃষক দেউতাকৰ লগত তেওঁ পথাৰত কাম কৰি ভাল পাইছিল। কৃষক দেৱব্ৰত দুই ভাতৃ ক্ৰমে এজন শিক্ষক আৰু অসম পুলিচত কৰ্মৰত। কিন্তু দেৱব্ৰত ৰাভাই বাচি কৃষক জীৱন। ফলস্বৰূপে ২০০৯ চনত তেওঁ ৪ বিঘা মাটি কিনি তাত কুঁহিয়াৰ খেতি আৰম্ভ কৰে। কিন্তু তেওঁৰ কৃষক জীৱনৰ মাইলৰ খুঁটি হৈ পৰে ২০১১ চনত। যেতিয়া তেওঁ দুই ভটিজা ক্ৰমে হীৰণ ৰাভা আৰু দীপাংকৰ ৰাভাৰ সৈতে লগ হৈ কল খেতি কৰিবলৈ লৈ। বৰ্তমান কৃষকগৰাকীয়ে ৩০০ বিঘা মাটিত কল খেতি কৰে। অসমৰ অন্যতম এজন কল ব্যৱসায়ী হিচাপে তেওঁৰ এক পৰিচয় আছে।

কলৰ প্ৰজাতি আৰু জৈৱিক খেতিৰ প্ৰয়োগ
দেৱব্ৰত ৰাভাই মূলত চাৰি প্ৰকাৰৰ কল খেতি কৰে—মালভোগ, জাহাজী, G9 আৰু চেনী চম্পা। প্ৰথমতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলেও পিছলৈ মাটিৰ অৱনতি লক্ষ্য কৰি তেওঁ জৈৱিক খেতিলৈ ঘূৰি আহে। তেওঁ Tech Potash, গোবৰৰ, পশুৰ মল আদিৰ দ্বাৰা প্ৰাকৃতিক সাৰ তৈয়াৰ কৰি খেতি কৰে। এই পদ্ধতিয়ে কলৰ গুণাগুণ আৰু স্থায়িত্ব বৃদ্ধি কৰাত সহায় কৰে আৰু পৰিৱেশৰ ওপৰতো কোনো প্ৰভাৱ নপৰে।

প্ৰত্যাহ্বান আৰু সমাধান
অসমত প্ৰাকৃতিক দুৰ্যোগ বুলিলে বানপানীৰ কথাই আহে কিন্তু গোৱালপাৰাত বানপানীৰ সলনি বতাহ আৰু ধুমুহাইহে বেছি প্ৰভাৱিত কৰে। বতাহে কলৰ গছ ভাঙি ৬০-৭০% ক্ষতি কৰিব পাৰে। এই সমস্যা সমাধানৰ বাবে কৃষকগৰাকীয়ে গছবোৰৰ মাজত সঠিক দূৰত্ব ৰাখি ৰোপণ কৰে আৰু কল গছবোৰ খুঁটাত বান্ধি দিয়ে যাতে সহজে ধুমুহাই ভাঙি দিব নোৱাৰে।

কৃষক দেৱব্ৰত ৰাভাৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়- আৰম্ভণিৰ দিনত G9 কলৰ সঁচ বেংগালুৰু আদি দূৰৰ পৰা আনিব লগা হৈছিল। কিন্তু আজি অসমতে উন্নত মানৰ কলৰ পুলি পোৱা যায়। বৰ্তমান মই নিজেয়ো জাহাজী কলৰ চাৰি তৈয়াৰ কৰো। প্ৰথমতে কলৰ বজাৰখনত মধ্য ভোগীৰ প্ৰৰোচনাত পৰিছিলো। কিন্তু এতিয়া আমি নিজেই পশ্চিম বংগ, বিহাৰ আদিলৈ কলৰ যোগান ধৰো।

পৰিয়ালৰ একতা আৰু সমাজলৈ দৃষ্টান্ত
দেবব্ৰতৰ সফলতাৰ আঁৰত তেওঁৰ পৰিয়ালৰ একতা আৰু সহযোগিতা আছে। তেওঁৰ ভাই-ভনী,ভনীসকলৰ মিলিত প্ৰচেষ্টাই এই ব্যৱসায়ক সফল কৰি তুলিছে বুলি কয় কৃষক দেৱব্ৰত ৰাভাই। বৰ্তমান তেওঁৰ কৃষিফাৰ্মত ১৫ জনতকৈও বেছি লোকক নিয়োগ দিছে আৰু অন্যান্য বহু খেতিয়কক কল খেতি সন্দৰ্ভত প্ৰশিক্ষণ আৰু পৰামৰ্শ দিছে। আনফালে তেওঁক দেখি বহু কৃষক কলৰ খেতি প্ৰতি আগ্ৰহী হৈ কলৰ খেতি কৰিবলৈ লৈছে আৰু সফলতা লাভ কৰিছে।


শেষত ক’ব পাৰি, দেবব্ৰত ৰাভাৰ জীৱনে শিকায় যে মাটিৰ প্ৰতি ভালপোৱা, কষ্টকৰ পৰিশ্ৰম আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে সফলতা অৰ্জন কৰিব পাৰি। তেওঁৰ সফলতা অসমৰ যুৱক-যুৱতীসকলৰ বাবে এক প্ৰেৰণা।

লগতে পঢ়ক- 

পানী, বজাৰ, সহজ ঋণ, দুৰ্যোগৰ ব্যৱস্থাপনাইহে কৃষিক্ষেত্ৰলৈ পৰিৱৰ্তন আনিব

English Summary: An Assam Farmer Turned Banana Farming into a Rs 30 Lakh-a-Year Business

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.