1. সফল কাহিনী

মিশ্ৰিত আৰু মাল্টিলেয়াৰ পদ্ধতিৰে তামোল, কল, ড্ৰেগন আৰু ৰবিশস্যৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR

কৃষক তৈয়ৱ আলি হোজাই জিলাৰ এজন প্ৰগতিশীল কৃষক। কৃষকগৰাকী বিশেষকৈ উদ্যান শস্যৰ খেতিৰ লগত জড়িত যদিয়ো উদ্যান শস্যৰ লগত মিশ্ৰিত আৰু মাল্টিলেয়াৰ কৃষিপদ্ধতিৰে বতৰ শাক-পাচলি আৰু একোডোখৰ মাটিতে দুই তিনিটা উদ্যানশস্যৰ খেতি কৰিবলৈ লৈছে। মিশ্ৰিত আৰু মাল্টিলেয়াৰ পদ্ধতিৰে কৃষকগৰাকীয়ে বৰ্তমান উদ্যান শস্যৰ ভিতৰত কল, ড্ৰেগন ফল, তামোলৰ লগতে জলকীয়া, বেঙেনা, পেপচিকাম আদি শস্যসমূহৰ খেতি কৰিছে।

কৃষক তৈয়ৱ আলিয়ে এটা বিস্তৃত এলেকাত তামোল খেতি কৰিছে।আমাৰ বহু কৃষক তামোল খেতি কৰে কিন্তু কৃষক তৈয়ৱ আলিয়ে কৰা তামোল খেতিৰ পদ্ধতি যেন কিছু সুকীয়া। প্ৰথমে আপোনালোকে তলৰ ফটোখনলৈ মন কৰক। তামোলৰ পুলিৰ মাজে মাজে কৃষকগৰাকীয়ে জলকীয়া পুলি লগাইছে। কেৱল জলকীয়া পুলিয়েই নহয় তামোল আৰু জলকীয়াবোৰৰ মাজে মাজে কৃষকগৰাকীয়ে কলৰ পুলিয়ো ৰোপন কৰিছে। সাধাৰণতে এজন কৃষকে তামোল পুলি ৰোপন কৰাৰ ৫ পৰা ৭ টা বছৰ ভিতৰৰ পৰা উপাৰ্জন কৰিবলৈ লয়।কিন্তু এই পদ্ধতিৰে খেতি কৰাৰ ফলত তামোল খেতি কৰা ঠাইডোখৰ পৰা প্ৰথম বছৰৰ পৰাই তেওঁ উপাৰ্জন কৰিব পাৰিব। তেওঁ আৰু এটা লাভ হ’ব। সেইটো হ’ল- কৃষকগৰাকীয়ে তামোলৰ মাজত এই শস্যসমূহৰ খেতি নকৰিলহেঁতেন তেতিয়া সেই ঠাইসমূহত অপতৃণ গজিলহেঁতেন। অপতৃণই তামোলবোৰক ক্ষতি কৰিলহেঁতেন। কিন্তু ঋতুকালীন শস্যৰ খেতি কৰাৰ ফলত অপতৃণই ঠন ধৰি উঠিব পৰা নাই আৰু ঋতুকালীন শস্যসমূহত যোগান ধৰা সাৰ-পানী পাই তামোলৰ পুলিবোৰ লহ-পহকৈ বাঢ়ি আহিব। আনফালে কলৰ খেতি কৰা ফলত কল গছবোৰে পুলিবোৰক ছাঁ দিব আৰু মাটিখিনিৰ সজীৱতা ধৰি ৰাখিব।

তামোলৰ পুলিৰ মাজে মাজে কৃষকগৰাকীয়ে জলকীয়া পুলি লগাইছে
তামোলৰ পুলিৰ মাজে মাজে কৃষকগৰাকীয়ে জলকীয়া পুলি লগাইছে

আনফালে, আন এক বিস্তৃত এলেকাত কৃষক তৈয়ৱ আলীয়ে কলৰ খেতি কৰিছে। কলবোৰৰ বয়স সম্ভৱত ২-৩ মাহ। কলবোৰ সৰু হৈ থকাৰ বাবে কৃষকগৰাকীয়ে কল পুলিবোৰৰ মাজে মাজে বেঙেনাৰ খেতি কৰিছে। কলৰ পৰা ফল পোৱাৰ আগতেই সেই ঠাইখিনিৰ পৰা কৃষকগৰাকীয়ে চলিত বৰ্ষটোতে এটা ভাল উপাৰ্জন কৰিব পাৰিব। আন এক ঠাইত কৃষকগৰাকীয়ে ড্ৰেগন ফলৰ খেতিয়ো কৰিছে। তলৰ ফটোখনলৈ মন কৰক- খুব চাফ-চিকুণতা বৰ্তা ৰখাৰ কৃষিপথাৰ খুব সুন্দৰকৈ সজাই তুলিছে। মাটিৰ লগত সম্বন্ধ থকা প্ৰতিজন লোকক কৃষক তৈয়ৱ আলীৰ কৃষিপথাৰখনৰ সৌন্দৰ্যই মন ভৰাই তুলিব।

মাটিৰ লগত সম্বন্ধ থকা প্ৰতিজন লোকক কৃষক তৈয়ৱ আলীৰ কৃষিপথাৰখনৰ সৌন্দৰ্যই মন ভৰাই তুলিব।
মাটিৰ লগত সম্বন্ধ থকা প্ৰতিজন লোকক কৃষক তৈয়ৱ আলীৰ কৃষিপথাৰখনৰ সৌন্দৰ্যই মন ভৰাই তুলিব।

লগতে পঢ়ক- 

এডোখৰ মাটিতে কেনেকৈ বছৰত দুটা খেতি কৰে পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকে!

English Summary: A beautiful Agri Farm of Hojai

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.