 
            সম্ভৱত অসমৰ দুই এজন কৃষকে আলু খান্দিছে! মাঘৰ ২০ তাৰিখমানলৈ অসমৰ অধিকাংশ কৃষকে আলু খান্দি শেষ কৰিব। আলু খন্দাৰ পাছতে আমাৰ অধিকাংশই কৃষকেই মাটিখিনি পেলাই ৰাখে আৰু দুই এজন কৃষকে সেই আলুতলীসমূহত কিছুমান খেতি কৰিব। ধেমাজি জিলাৰ নিলখ বালিজানত কেইবাজনো কৃষক মিলি ১৫ বিঘা মাটিত আলু খেতি কৰিছিল। তেওঁলোকে ইতিমধ্যে আলু চপাই শেষ কৰিছে। আলু খন্দাৰ পাছতে সেই ঠাইখিনিত তেওঁলোকে তৰমূজৰ খেতি কৰিবলৈ প্ৰায় সাজু কৰি তুলিছে। দুই এদিনতে তেওঁলোকে আলুতলীসমূহত তৰমূজৰ বীজ দিব।
এইবাৰ আমাৰ কৃষকসকলে আলু খন্দাৰ পাছতে তেওঁলোকে আলুতলীসমূহত ধেমাজিৰ নিলখ বালিজানৰ কৃষকসকলৰ দৰে কিছুমান খেতি কৰিব পাৰে। ধেমাজিৰ কৃষককেইজনে তৰমূজৰ খেতি কৰিছে। তেওঁলোকে কৰিছে বাবেই সকলোৱে যে তৰমূজৰ খেতি কৰিব নালাগে তেনে নহয় আমাৰ কৃষকসকলে অন্য কিছুমান খেতি কৰিব পাৰে! আলু চপোৱাৰ পাছতেই আমাৰ কৃষকসকলে কিছুমান পাচলি যেনে- ভেণ্ডি, কেৰেলা, জাতিলাও, কোমোৰা ভোল, মাকৈ আদিৰ দৰে কিছুমান শস্যৰ খেতি কৰিব পাৰে। মাটিখিনি পেলাই নাৰাখি সেই ঠাইখিনিত খুব বেছি পইচা নকৰাকৈ সহজে কৰি এটা ভাল উপাৰ্জন কৰিব পাৰিব।
আলুতলীসমূহত খেতি কৰিলে অন্য শস্যৰ খেতি কৰিবলৈ সহজ হৈ পৰে। কাৰণ আলুতলীসমূহ মাটি চাহ কৰি থোৱা থাকেই, আলুত দিয়া সাৰ প্ৰায় তাত থাকেই। গতিকে বিশেষ সাৰ-পানী নিদিয়াকৈ যিকোনো এটা শস্যৰ খেতি কৰিব আমাৰ কৃষকসকলে। বহি:ৰাজ্যৰ অধিকাংশ কৃষকেই এনেকৈ খেতি কৰে। কোনো এটা শস্যৰ খেতি কৰি চপোৱাৰ পাছতেই সেই মাটিখিনি এসপ্তাহৰ ভিতৰতে অন্য শস্যৰ খেতি বাবে পথাৰখন সাজু কৰি তোলে। তেনেকৈ মাটিখিনি পেলাই নাৰাখি খেতি কৰাৰ বাবেই তেওঁলোকৰ অৰ্থনৈতিকভাৱে শক্তিশালী হৈ উঠে। আমাৰ কৃষকসকলেও ধেমাজিৰ কৃষককেইজন বা বহি:ৰাজ্যৰ কৃষকসকলৰ দৰে আগবাঢ়ি যাব পাৰিব। কেৱল আলুতলীয়েই নহয় কৃষকসকলে অন্যশীতকালীন শস্য চপোৱা কৃষিপথাৰসমূহতো গ্ৰীষ্মাকালীন শস্যসমূহৰ খেতি কৰিব পাৰিব।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments