
আপোনালোকে হয়তো বহুতে শুনিছে আৰু বহুতে শুনা নাই পানীৰ ওপৰত কৰা খেতিৰ বিষয়ে। পানীৰ ওপৰত কৰা এই কৃষি পদ্ধতিক কোৱা হয় ভাসমান কৃষি পদ্ধতি। পানীৰে ভৰি থকা অঞ্চলসমূহৰ লগতে পানীৰ বাবে খেতি কৰিব নোৱৰা পথাৰ, জান-জুৰিত খাদ্য উৎপাদনৰ বাবে খেতি কৰাৰ এক উপায় হৈছে ভাসমান কৃষি পদ্ধতি। এই পদ্ধতিত পানীৰ ওপৰত উপঙি থকাকৈ মেটেকা, লতা লগতে বাঁহ-কাঠেৰে চাং পাতি খেতি কৰিবলৈ ভূমি প্ৰস্তুত কৰা হয়।
প্ৰথমে এই পদ্ধতিৰে খেতি আৰম্ভ কৰিছিল চীনাসকলে। সম্প্ৰতি ইণ্ডোনেচিয়াত এই কৃষি পদ্ধতিয়ে এক বিপ্লব আনিছে। বৰ্তমান চুবুৰীয়া দেশ বাংলাদেশ, ভাৰতৰ উৰিষ্যাত এই খেতি কৰি কৃষকসকলে যথেষ্ট সমাদৰ লাভ কৰিছে। এই পদ্ধতিত ভেণ্ডি, জিকা, কেৰেলা, মূলা, তিয়ঁহ, লাই, লফা, বেঙেনা, জলকীয়া, কেৰেলা, মূলা, জাতিলাও আদি কমদিনীয়া শস্যসমূহৰ খেতি কৰে কৃষকসকলে।

শেহতীয়াকৈ অসমৰ মাজুলিতো ৰোম্ভা পায়েঙে ভাসমান পদ্ধতিৰে খেতি আৰম্ভ কৰিছে। ফটোত আপোনালোকে দেখিবলৈ পাইছেই পানীৰ মাজত তেওঁৰ চাংঘৰটো । গতিকে তেওঁ মাটিত খেতি কৰাতো সম্ভৱ নহয়। কিন্তু কৃষিৰ আগ্ৰহী আছিল ৰোম্ভা পায়েঙৰ মনটো। তেওঁৰ কৃষিৰ প্ৰতি আগ্ৰহী মনটোৰ কথা জানিব পাৰি মাজুলিৰ কৃষি বিষয়া ইৰচাদ আলিয়ে, প্ৰথমে তেওঁক হাইড্ৰপনিক পদ্ধতিৰে খেতি আৰম্ভ কৰা পৰামৰ্শ দিয়ে আৰু পৰৱৰ্তীসময়তে তেওঁ ভাসমান পদ্ধতিৰে খেতি কৰিবলৈ লয় বছৰটো পানীৰে ওপৰি থকা তেওঁৰ নিজৰ বাৰীখনত ।
এই পদ্ধতিৰে খেতি কৰি তেওঁ কিমান সফল হৈছে তেওঁৰ বাৰীত ভাসমান কৃষি পদ্ধতিৰে কৰা এই ফটোকেইখন চালেই দৰ্শকসকলে সহজে অনুভৱ কৰিব পাৰিব। এসময়ত পানীৰে ভৰি থকা ৰোম্ভা পায়েঙৰ বাৰীখনত এতিয়া ভৰি পৰিছে শাক-পাচলিৰে।

অসমৰ গাতে লাগি থকা বাংলাদেশৰ কৃষকসকল ভাসমান পদ্ধতিৰ খেতি ক্ষেত্ৰত শেহতীয়াকৈ এক উল্লেখনীয় ভূমিকা লৈছে। জনসংখ্যাৰ তুলনাত মাটি কম এই দেশখনৰ দৰিদ্ৰ কৃষকসকলে ভাসমান কৃষি পদ্ধতিৰ মাজত বিচাৰি পাইছে খেতি কৰি জীয়াই থকা পথ।
তদুপৰি জলবায়ু পৰিবৰ্তনৰ বাবে পানী জমা হোৱা খেতি পথাৰসমূহত ভাসমান কৃষি পদ্ধতিক এক নিৰাপদ মঞ্চ হিচাপে গ্ৰহণ কৰিছে। এইয়া আপোনালেকে স্ক্ৰীণত দেখিবলৈ পাইছে বাংলাদেশৰ কৃষকসকল পানীৰ লগত সহৱস্থান কৰি নিজৰ কেনেদৰে নিজৰ কৃষি কৰ্ম আগবঢ়াই নিছে। আমাৰ অসমৰ জান-জুৰিসমূহৰ লগতে পানীৰ বাবে খেতি কৰিব নোৱৰা পথাৰত কৃষকসকলে ভাসমান কৃষি পদ্ধতিৰে খেতি কৰি লাভান্বিত হ’ব পাৰে।

উল্লেখ্য যে ভাসমান কৃষিৰ এক বিৰাট সম্ভাৱনা স্বীকাৰ কৰিছে গৱেষকসকলেও। জলবায়ু পৰিৱৰ্তনৰ ফলত যদি বিজ্ঞানীসকলে কোৱাৰ দৰেই যদি বৰফসমূহ গলিবলৈ ধৰে তেতিয়া পৃথিবীৰ অধিকাংশই পানীৰ তলত ডুব যাব। তেতিয়া খাদ্য উতপাদনৰ বিকল্প হিচাপে এই ভাসমান কৃষি পদ্ধতিকে আকোৱালি লবলৈ বাধ্য হব আমাৰ আগন্তুক প্ৰজন্মৰ বিশ্বৰ কৃষকসকল।
লগতে পঢ়ক-
Share your comments